কাছাৰৰ হাবিলদাৰ মহম্মদ খাম্বাটন খানলৈ ৰাষ্ট্ৰপতিৰ বীৰত্ব পদক; অসীম সাহসিকতা আৰু কৰ্তব্যনিষ্ঠাৰ বাবে প্ৰদান কৰা হৈছে এই বিশেষ সন্মান

উগ্ৰপন্থীৰ প্ৰচণ্ড গুলীবৰ্ষণৰ সন্মুখতো পিছ হুঁহকি নগৈ অসীম সাহসিকতা আৰু কৰ্তব্যনিষ্ঠাৰ পৰিচয় দিয়া কাছাৰৰ বীৰ সন্তান হাবিলদাৰ মহম্মদ খাম্বাটন খানলৈ প্ৰদান কৰা হৈছে ৰাষ্ট্ৰপতিৰ বীৰত্ব পদক। তেওঁৰ এই সন্মান লাভৰ খবৰে গৌৰৱান্বিত কৰি তুলিছে কাছাৰ জিলাৰ লগতে জন্মভূমি কণ্ঠগ্ৰামৰ ৰাইজক।

কাছাৰ জিলাৰ লক্ষীপুৰ সমষ্টিৰ অন্তৰ্গত কণ্ঠগ্ৰামৰ বাসিন্দা তথা অসম ৰাইফলছৰ জোৱান হাবিলদাৰ মহম্মদ খাম্বাটন খানে ২০২৩ চনৰ ১০ আগষ্টত অৰুণাচল প্ৰদেশৰ টিৰাপ জিলাত চলোৱা উগ্ৰপন্থীবিৰোধী অভিযানত অসাধাৰণ সাহসিকতাৰ পৰিচয় দিছিল। অভিযানৰ সময়ত প্ৰচণ্ড গুলীবৰ্ষণৰ মাজতো সহকৰ্মীসকলৰ সৈতে সাহসেৰে উগ্ৰপন্থীৰ মোকাবিলা কৰি তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।

তেওঁৰ এই বীৰত্ব আৰু কৰ্তব্যনিষ্ঠাৰ স্বীকৃতি স্বৰূপে ২০২৪ চনৰ স্বাধীনতা দিৱসত ৰাষ্ট্ৰপতিৰ বীৰত্ব পদকৰ বাবে তেওঁৰ নাম ঘোষণা কৰা হৈছিল। অৱশ্যে, সেই সময়ত প্ৰশিক্ষণৰ বাবে বিদেশত থকাৰ কাৰণে তেওঁক পদকটো প্ৰদান কৰিব পৰা হোৱা নাছিল।

অৱশেষত, ২০২৬ চনৰ ২৩ অক্টোবৰত হাবিলদাৰ মহম্মদ খাম্বাটন খানৰ হাতত তুলি দিয়া হয় এই সন্মানীয় পদক। তেওঁৰ সাহসিকতা, দেশৰ প্ৰতি দায়বদ্ধতা আৰু কৰ্তব্যনিষ্ঠাই পুনৰ এবাৰ প্ৰমাণ কৰিলে যে দেশৰ সুৰক্ষাৰ বাবে নিয়োজিত জোৱানসকলৰ ত্যাগ আৰু বীৰত্ব কিমান মহৎ।

কাছাৰৰ মাটিৰ সন্তান হাবিলদাৰ মহম্মদ খাম্বাটন খানৰ এই সাফল্যত গৌৰৱান্বিত কণ্ঠগ্ৰামবাসীৰ লগতে সমগ্ৰ কাছাৰ জিলাৰ ৰাইজ। তেওঁৰ এই বীৰত্বই নতুন প্ৰজন্মকো দেশপ্ৰেম, সাহস আৰু কৰ্তব্যনিষ্ঠাৰ পথেৰে আগবাঢ়িবলৈ অনুপ্ৰাণিত কৰিব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ট্ৰাম্পৰ ডাঙৰ সকীয়নি: ‘কাইলৈ ইৰানত আক্ৰমণ চলাব পাৰে আমেৰিকাই’

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ইৰানৰ বিৰুদ্ধে পুনৰ সামৰিক আক্ৰমণ...

বলীউডৰ ছবিত জিলিকিল শিৱসাগৰৰ ৩ যুৱক; ছুপাৰষ্টাৰ ৰজনীকান্তৰ সৈতে কাম কৰাৰ সুযোগ লাভ

বলীউডৰ ছবিজগতত নিজৰ প্ৰতিভাৰে খোজ পেলাইছে শিৱসাগৰৰ তিনি অসমীয়া...