গোলাঘাটত লোমহৰ্ষক হত্যাকাণ্ড

গোলাঘাটৰ ৰঙাজানৰ ২ নং বৰগাঁৱত সংঘটিত হৈছে এক লোমহৰ্ষক হত্যাকাণ্ড। কাজিয়াৰ পৰিণতিত এজন ব্যক্তিক চোকা দাৰে ঘপিয়াই আৰু সুৰাৰ বটলেৰে আক্ৰমণ কৰি হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।

প্ৰাপ্ত তথ্য অনুসৰি, ঘটনাৰ সৈতে জড়িত বুলি অভিযোগ উত্থাপিত হোৱা এল্পীজিউছ বাঘোৱাৰ আৰু মাৰিউছ টেটে নামৰ দুজন ব্যক্তি সুৰাপান কৰি থকা অৱস্থাত কোনো বিষয়ক লৈ তীব্ৰ বাক-বিতণ্ডাত লিপ্ত হয়। পৰৱৰ্তী সময়ত এই বাক-বিতণ্ডাই ভয়াৱহ ৰূপ ধাৰণ কৰে।

অভিযোগ অনুসৰি, কাজিয়াৰ মাজতে এল্পীজিউছ বাঘোৱাৰে এখন চোকা দাৰে মাৰিউছ টেটেৰ ডিঙিত আঘাত কৰাৰ লগতে সুৰাৰ বটলেৰেও আক্ৰমণ কৰে। এই আক্ৰমণৰ ফলত মাৰিউছ টেটেৰ মৃত্যু হয়।

ঘটনাৰ খবৰ লাভ কৰাৰ পিছতে বৰজান আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু হত্যাকাণ্ডৰ সৈতে জড়িত থকাৰ অভিযোগত এল্পীজিউছ বাঘোৱাৰক গ্ৰেপ্তাৰ কৰে। আনহাতে, মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয়।

ঘটনাটোৰ প্ৰকৃত কাৰণ আৰু হত্যাকাণ্ডৰ সৈতে জড়িত অন্যান্য দিশসমূহ জানিবলৈ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

নিশা সংঘটিত এই চাঞ্চল্যকৰ হত্যাকাণ্ডই অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। আৰক্ষীৰ তদন্তৰ পিছতহে পোহৰলৈ আহিব হত্যাকাণ্ডটোৰ আঁৰৰ সম্পূৰ্ণ তথ্য।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মীৰাটৰ ‘নীলা ড্ৰাম’ হত্যাকাণ্ড: মৃত্যুদণ্ডক প্ৰত্যাহ্বান জনাই উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ মুছকান-চাহিল

মীৰাটৰ ‘নীলা ড্ৰাম’ হত্যাকাণ্ডৰ দোষী মুছকান আৰু চাহিলে মৃত্যুদণ্ডক...

ট্ৰাম্পৰ ডাঙৰ সকীয়নি: ‘কাইলৈ ইৰানত আক্ৰমণ চলাব পাৰে আমেৰিকাই’

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ইৰানৰ বিৰুদ্ধে পুনৰ সামৰিক আক্ৰমণ...