ট্ৰাম্পৰ ডাঙৰ সকীয়নি: ‘কাইলৈ ইৰানত আক্ৰমণ চলাব পাৰে আমেৰিকাই’

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ইৰানৰ বিৰুদ্ধে পুনৰ সামৰিক আক্ৰমণ চলোৱাৰ সম্ভাৱনা প্ৰকাশ কৰিছে। শনিবাৰে তেওঁ কয় যে আমেৰিকাই ‘কাইলৈয়েই’ ইৰানত আক্ৰমণ চলাব পাৰে। অৱশ্যে, তেহৰাণৰ সৈতে এক চুক্তিত উপনীত হোৱাৰ সম্ভাৱনাও মুকলি ৰাখিছে ট্ৰাম্পে।

সম্ভাৱ্য আক্ৰমণৰ পৰিকল্পনাৰ বিষয়ে সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত ট্ৰাম্পে কয়, “আমি এই বিষয়ে চিন্তা কৰি আছোঁ, আৰু হয়তো কাইলৈয়েই।” আক্ৰমণৰ সিদ্ধান্ত লোৱা হৈছেনে নাই বুলি সোধাত তেওঁ কয়, “আপোনালোকে সঁচাকৈয়ে ভাবেনে যে মই আক্ৰমণ কৰিম নে নকৰোঁ, সেই কথা আপোনালোকক জনাম?”

ট্ৰাম্পৰ মতে, আমেৰিকাৰ সৈতে চুক্তিত উপনীত হ’লে ইৰানে পৰৱৰ্তী সামৰিক আক্ৰমণৰ পৰা হাত সাৰিব পাৰে। অৱশ্যে, ইৰানে চুক্তিৰ চৰ্তসমূহ মানি চলিবনে নাই, তাক লৈ সন্দেহ প্ৰকাশ কৰে তেওঁ। তেহৰাণৰ সৈতে এখন ‘বৃহৎ আৰু সুন্দৰ’ চুক্তি সম্পন্ন কৰাৰ সম্ভাৱনাৰ কথাও উল্লেখ কৰে আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে।

ইৰানে যাতে ভৱিষ্যতে পাৰমাণৱিক অস্ত্ৰ নিৰ্মাণ কৰিব নোৱাৰে, সেয়াই তেওঁৰ মূল লক্ষ্য বুলি দাবী কৰে ট্ৰাম্পে। পূৰ্বে বি-২ বোমাৰু বিমানেৰে চলোৱা আমেৰিকাৰ সামৰিক অভিযানৰ কথা উল্লেখ কৰি তেওঁ কয় যে স্থায়ী ফলাফল নিশ্চিত কৰিবলৈ অধিক পদক্ষেপৰ প্ৰয়োজন হ’ব পাৰে।

“মই ইয়াক স্থায়ী কৰিব লাগিব,” বুলি মন্তব্য কৰি ট্ৰাম্পে কয় যে এইটোৱেই হৈছে তেওঁৰ পদক্ষেপ গ্ৰহণৰ একমাত্ৰ কাৰণ।

ইফালে, কৌশলগতভাৱে গুৰুত্বপূৰ্ণ হৰমুজ প্ৰণালীৰে তেল পৰিবহণৰ পৰিমাণ যুদ্ধ আৰম্ভ হোৱাৰ পূৰ্বৰ তুলনাত বৃদ্ধি পোৱা বুলিও দাবী কৰে ট্ৰাম্পে। অৱশ্যে, এই দাবীৰ সমৰ্থনত তেওঁ কোনো পৰিসংখ্যা প্ৰকাশ নকৰে।

পৰৱৰ্তী পদক্ষেপৰ বিষয়ে কোনো চূড়ান্ত সিদ্ধান্ত ঘোষণা নকৰিলেও ট্ৰাম্পে সামৰিক আক্ৰমণ আৰু কূটনৈতিক আলোচনাৰ দুয়োটা সম্ভাৱনাই খোলা ৰাখিছে।

“মই হয়তো ইয়াক সম্পূৰ্ণৰূপে শেষ কৰিব লাগিব, অথবা তেওঁলোকে হয়তো এখন চুক্তিত উপনীত হ’ব,” বুলি মন্তব্য কৰে ট্ৰাম্পে। “কিন্তু মই নিশ্চিত নহয়। যিকোনো পৰিস্থিতিতে আমাৰেই জয় হ’ব।”

উল্লেখ্য যে ফেব্ৰুৱাৰীত আৰম্ভ হোৱা আমেৰিকা-ইজৰাইলৰ ইৰানবিৰোধী যুদ্ধৰ ফলত সমগ্ৰ মধ্যপ্ৰাচ্যত সংঘাতৰ পৰিসৰ বৃদ্ধি পাইছিল। যুদ্ধবিৰতি আৰু শান্তি চুক্তি চূড়ান্ত কৰাৰ প্ৰচেষ্টা চলি থকাৰ পাছতো পৰিস্থিতিৰ সম্পূৰ্ণ সমাধান হোৱা নাই। ট্ৰাম্পৰ শেহতীয়া মন্তব্যই কূটনৈতিক প্ৰচেষ্টাৰ মাজতে ইৰানৰ বিৰুদ্ধে পুনৰ সামৰিক সংঘাতৰ আশংকা বৃদ্ধি কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মীৰাটৰ ‘নীলা ড্ৰাম’ হত্যাকাণ্ড: মৃত্যুদণ্ডক প্ৰত্যাহ্বান জনাই উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ মুছকান-চাহিল

মীৰাটৰ ‘নীলা ড্ৰাম’ হত্যাকাণ্ডৰ দোষী মুছকান আৰু চাহিলে মৃত্যুদণ্ডক...

গোলাঘাটত লোমহৰ্ষক হত্যাকাণ্ড

গোলাঘাটৰ ৰঙাজানৰ ২ নং বৰগাঁৱত সংঘটিত হৈছে এক লোমহৰ্ষক...