জুলাইৰ ভিতৰত অসমৰ ৭০ শতাংশ লোকক টিকাকৰণ কৰা হ’ব : মুখ্যমন্ত্ৰী

গুৱাহাটী, ২৯ জুন, NKTV: অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, ৰাজ্য চৰকাৰে জুলাই মাহৰ ভিতৰত ৰাজ্যখনৰ জনসংখ্যাৰ ৭০% লোকক ক’ভিড-১৯ৰ টিকাকৰণ সম্পন্ন কৰিব। মঙলবাৰে ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক বৈঠকত মুখ্যমন্ত্ৰী শৰ্মাই এই মন্তব্য কৰে। বৈঠকখনত ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাও উপস্থিত আছিল। 

“আমি কেন্দ্ৰৰ পৰা বিনামূলীয়া ক’ভিড-১৯ ভেকছিন লাভ কৰিছো। ইয়াৰ বাবে মই প্ৰধানমন্ত্ৰীক ধন্যবাদ জনাব বিচাৰো,” শৰ্মাই কয়। জ্যেষ্ঠ বিজেপি নেতা জে পি নাড্ডাই অসম চৰকাৰক দৈনিক ৩.৫ লাখ লোকক টিকাকৰণ কৰাৰ বাবে অভিনন্দন জনাইছে।

“দৈনিক ৩.৫ লাখ ব্যক্তিক টিকাকৰণ কৰাৰ বাবে মই অসম আৰু ইয়াৰ মুখ্যমন্ত্ৰীক অভিনন্দন জনাব বিচাৰো। ৰাজ্যখনত এতিয়ালৈকে মুঠ ৬৯ লাখ ভেকছিনৰ পালি প্ৰদান কৰা হৈছে,” নাড্ডাই কয়। উল্লেখযোগ্য যে, ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ তথ্য অনুসৰি, সোমবাৰ পৰ্যন্ত অসমত ৬৯,৬২,৫৩৪জন হিতাধিকাৰীক টিকাকৰণ কৰা হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

প্ৰধানমন্ত্ৰীৰ য’তেই গুৰুত্বপূৰ্ণ বৈঠক, ত’তেই তেওঁ, কোন এইজন বিষয়া?

নতুন দিল্লীত অনুষ্ঠিত ১৮সংখ্যক BRICS সন্মিলনৰ বিভিন্ন মুহূৰ্তত প্ৰধানমন্ত্ৰী...

তেজপুৰৰ চাৰিমাইলত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

তেজপুৰৰ চাৰিমাইলত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত দুজন লোক...

কিয় BRICSৰ নৈশভোজত অংশ ন’ললে চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙে ?

চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙে শনিবাৰে নিশা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে...

আজিৰ পৰা ‘জুবিন সপ্তাহ’ পালন অজাপৰ; ‘নাহৰৰ দিন’ত ৰাজ্যজুৰি ১ লাখ গছপুলি ৰোপণৰ লক্ষ্য

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতি সজীৱ কৰি ৰখাৰ লগতে...