জুলাইৰ ভিতৰত অসমৰ ৭০ শতাংশ লোকক টিকাকৰণ কৰা হ’ব : মুখ্যমন্ত্ৰী

গুৱাহাটী, ২৯ জুন, NKTV: অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, ৰাজ্য চৰকাৰে জুলাই মাহৰ ভিতৰত ৰাজ্যখনৰ জনসংখ্যাৰ ৭০% লোকক ক’ভিড-১৯ৰ টিকাকৰণ সম্পন্ন কৰিব। মঙলবাৰে ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক বৈঠকত মুখ্যমন্ত্ৰী শৰ্মাই এই মন্তব্য কৰে। বৈঠকখনত ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাও উপস্থিত আছিল। 

“আমি কেন্দ্ৰৰ পৰা বিনামূলীয়া ক’ভিড-১৯ ভেকছিন লাভ কৰিছো। ইয়াৰ বাবে মই প্ৰধানমন্ত্ৰীক ধন্যবাদ জনাব বিচাৰো,” শৰ্মাই কয়। জ্যেষ্ঠ বিজেপি নেতা জে পি নাড্ডাই অসম চৰকাৰক দৈনিক ৩.৫ লাখ লোকক টিকাকৰণ কৰাৰ বাবে অভিনন্দন জনাইছে।

“দৈনিক ৩.৫ লাখ ব্যক্তিক টিকাকৰণ কৰাৰ বাবে মই অসম আৰু ইয়াৰ মুখ্যমন্ত্ৰীক অভিনন্দন জনাব বিচাৰো। ৰাজ্যখনত এতিয়ালৈকে মুঠ ৬৯ লাখ ভেকছিনৰ পালি প্ৰদান কৰা হৈছে,” নাড্ডাই কয়। উল্লেখযোগ্য যে, ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ তথ্য অনুসৰি, সোমবাৰ পৰ্যন্ত অসমত ৬৯,৬২,৫৩৪জন হিতাধিকাৰীক টিকাকৰণ কৰা হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অস্ত্ৰৰ পৰা আৰম্ভ কৰি তেল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান… পুটিনৰ ভাষণৰ পৰা ১০টা ডাঙৰ কথা

দিল্লীৰ হায়দৰাবাদ হাউছত হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...

ভাৰতলৈ আহিছে পুটিন… সিফালে চীন পালেগৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰত ভ্ৰমণ কৰাৰ...