সংখ্যালঘু প্ৰধান ৰাজনৈতিক দলসমূহ বৰ্ধিত জনসংখ্যাৰ প্ৰসংগত নিমাত : মুখ্যমন্ত্ৰী

গুৱাহাটী, ২৯ জুন, NKTV: অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে কয় যে, অসমৰ সংখ্যালঘু প্ৰধান ৰাজনৈতিক দলসমূহে ৰাজ্যখনৰ বৰ্ধিত জনসংখ্যাৰ ওপৰত আজিলৈকে কোনো মাত মতা নাই। ৰাজ্যখনত বৰ্ধিত ইছলামিক জনসংখ্যা সন্দৰ্ভত সংবাদ মাধ্যমক সম্বোধন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি এই মন্তব্য কৰে। জুলাইত ৰাজ্যখনৰ ৰাজনৈতিক দলসমূহৰ সৈতে মুখ্যমন্ত্ৰীৰ উপস্থিতিত এখন বৈঠক অনুষ্ঠিত হ’ব।

ইয়াৰ পূৰ্বে, মুখ্যমন্ত্ৰী শৰ্মাই এক বিবৃতি দিছিল য’ত তেওঁ ৰাজ্যখনৰ মুছলমানসকলক জনসংখ্যা নিয়ন্ত্ৰণৰ বাবে এক ‘উপযুক্ত পৰিয়াল পৰিকল্পনা নীতি’ গ্ৰহণ কৰিবলৈ আহ্বান জনাইছিল।

মুখ্যমন্ত্ৰী শৰ্মাই কয়, “আমি সংখ্যালঘু মুছলমান সম্প্ৰদায়ৰ বাবে জনসংখ্যাৰ বোজা হ্ৰাস কৰিবলৈ অধিক কাম কৰিব বিচাৰো। আমি তেওঁলোকৰ সৈতে একেলগে কাম কৰিব বিচাৰো যাতে ৰাজ্যখনৰ জনসংখ্যা নিয়ন্ত্ৰণ হয়। জনসংখ্যা হৈছে দৰিদ্ৰতা, ভূমি বেদখলৰ দৰে সামাজিক সমস্যাৰ সৃষ্টিৰ মূল কাৰণ। আৰু জনসংখ্যা হ্ৰাস হ’লেহে আমি এই সামাজিক সমস্যা সমূহ সমাধান কৰিব পাৰিম।”

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

দেশী-বিদেশী পৰ্যটকৰ বাবে সুখবৰ; ২০২৬–২৭ পৰ্যটন বৰ্ষৰ বাবে মুকলি ওৰাং ৰাষ্ট্ৰীয় উদ্যান

দেশী-বিদেশী পৰ্যটকৰ বাবে সুখবৰ। ২০২৬–২৭ পৰ্যটন বৰ্ষৰ বাবে দেওবাৰে...

হৰিণৰ নিৰাপদ আশ্ৰয়স্থলী মঘুৱাহোলা চৰণীয়া পথাৰ; ৰাজ্যৰ প্ৰথমখন গ্ৰাম্য অৰণ্য হিচাপে সংৰক্ষণৰ প্ৰস্তাৱ

প্ৰকৃতি সংৰক্ষণ, ৰাইজৰ সমূহীয়া প্ৰচেষ্টা আৰু চৰকাৰী সহযোগিতাৰ এক...

প্ৰসংগঃ ফ্লাইডুবাই বিমান আক্ৰমণ; ভাৰতীয় পাইলট স্মিত মাচ্ছাৰৰ সাহসিকতাৰ প্ৰশংসা ডুবাইৰ ক্ৰাউন প্ৰিন্সৰ

ফ্লাইডুবাইৰ বিমানত সহ-পাইলটৰ আক্ৰমণৰ পিছতো অসীম সাহস আৰু দায়িত্ববোধেৰে...