চাকৰি প্ৰত্যাশী আৰু চৰকাৰী কৰ্মচাৰীলৈ সুখবৰ! ফেচবুক লাইভযোগে মুখ্যমন্ত্ৰীৰ কেইবাটাও ডাঙৰ ঘোষণা

ৰাজ্যৰ চাকৰি প্ৰত্যাশী যুৱক-যুৱতী আৰু চৰকাৰী কৰ্মচাৰীসকলৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। শুকুৰবাৰে নিশা ফেচবুক লাইভযোগে মুখ্যমন্ত্ৰীগৰাকীয়ে অসম আৰক্ষীকে ধৰি ছটা বিভাগত নিযুক্তি, ‘নিযুত মইনা’ আৰু ‘নিযুত বাবু’ আঁচনিৰ ধনৰাশি প্ৰদান, ‘খেল মহাৰণ’ৰ নতুন সংস্কৰণৰ আৰম্ভণি আৰু চৰকাৰী কৰ্মচাৰীৰ পাৰস্পৰিক বদলিৰ বাবে নতুন প’ৰ্টেল মুকলিৰ দিন ঘোষণা কৰে।

মুখ্যমন্ত্ৰীৰ ঘোষণা অনুসৰি, অসম আৰক্ষীকে ধৰি ৰাজ্যৰ ছটা বিভাগত ৫,৭৩৪টা পদ পূৰণৰ বাবে ২০২৭ চনৰ ১ ফেব্ৰুৱাৰীৰ পৰা নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হ’ব। এই পদসমূহৰ বিপৰীতে ইতিমধ্যে ১০ লাখতকৈ অধিক যুৱক-যুৱতীয়ে আবেদন কৰা বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্ৰীয়ে।

বিভাগসমূহৰ ভিতৰত অসম আৰক্ষীৰ ২,২৩৬টা, অসম আৰক্ষীৰ ৰেডিঅ’ সংগঠন (APRO)ৰ ৬৮৪টা, অগ্নি আৰু জৰুৰীকালীন সেৱাৰ ৪৮৯টা, বন বিভাগৰ ১,৩০৭টা, হোমগাৰ্ড আৰু অসামৰিক প্ৰতিৰক্ষা বিভাগৰ ৮২৭টা আৰু কাৰাগাৰ বিভাগৰ ১৯১টা পদ অন্তৰ্ভুক্ত কৰা হৈছে।

ইফালে, ‘নিযুত মইনা’ আৰু ‘নিযুত বাবু’ আঁচনিৰ হিতাধিকাৰী শিক্ষাৰ্থীসকলৰ বাবেও গুৰুত্বপূৰ্ণ ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে। ঘোষণা অনুসৰি, ছেপ্টেম্বৰ মাহৰ ধনৰাশি ২৮ অক্টোবৰত শিক্ষাৰ্থীসকলৰ বেংক একাউণ্টত জমা কৰা হ’ব। অক্টোবৰ মাহৰ ধনৰাশি ইতিমধ্যে চেকযোগে প্ৰদান কৰা হৈছে বুলি উল্লেখ কৰি নৱেম্বৰ মাহৰ ধনৰাশি ১০ নৱেম্বৰত প্ৰদান কৰা হ’ব বুলিও তেওঁ জানিবলৈ দিয়ে।

আনহাতে, ‘খেল মহাৰণ’ৰ নতুন সংস্কৰণ অহা ৭ নৱেম্বৰৰ পৰা আৰম্ভ হ’ব। প্ৰথম পৰ্যায়ত গাঁও পঞ্চায়ত স্তৰত অনুষ্ঠিত হ’বলগীয়া এই প্ৰতিযোগিতা পৰৱৰ্তী সময়ত সমষ্টি, জিলা আৰু ৰাজ্যিক পৰ্যায়লৈ সম্প্ৰসাৰিত কৰা হ’ব। মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰা অনুসৰি, এই পৰ্যন্ত খেল মহাৰণৰ বাবে ৪০ লাখ খেলুৱৈয়ে প’ৰ্টেলত নাম পঞ্জীয়ন কৰিছে।

ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ সুবিধাৰ্থে ‘স্বাগত সতীৰ্থ’ নামৰ নতুন প’ৰ্টেলটো অহা ৭ ডিচেম্বৰত মুকলি কৰা হ’ব। এই প’ৰ্টেলৰ জৰিয়তে চৰকাৰী কৰ্মচাৰীসকলে পাৰস্পৰিক বদলি (Mutual Transfer)ৰ সুবিধা লাভ কৰিব পাৰিব।

ইয়াৰ উপৰি, CM-AAA আঁচনিৰ অধীনত আবেদনৰ বাবে অহা ১ জানুৱাৰীৰ পৰা প’ৰ্টেল মুকলি কৰা হ’ব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে।

মুখ্যমন্ত্ৰীৰ এই ঘোষণাসমূহে ৰাজ্যৰ নিযুক্তি, শিক্ষা, ক্ৰীড়া আৰু চৰকাৰী কৰ্মচাৰীৰ প্ৰশাসনিক সুবিধাৰ ক্ষেত্ৰত আগন্তুক দিনত কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণৰ ইংগিত দিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এছিয়ান পেৰা গেমছত ভাৰতৰ ঐতিহাসিক সাফল্য: ৩০টা সোণসহ মুঠ ১১৪টা পদক অৰ্জন

জাপানৰ আইচি-নাগোয়াত অনুষ্ঠিত পঞ্চম এছিয়ান পেৰা গেমছৰ আজি সামৰণি...

অসমৰ স্বাস্থ্যখণ্ডত ঐতিহাসিক সফলতা! GMCHত প্ৰথমবাৰৰ বাবে সফল লিভাৰ ট্ৰান্সপ্লাণ্ট

অসমৰ স্বাস্থ্যখণ্ডত সংযোজিত হ’ল এক নতুন অধ্যায়। গুৱাহাটী চিকিৎসা...

জামুগুৰিহাটত চিলনী চোৰৰ সন্ত্ৰাস! মহিলাৰ ডিঙিৰ পৰা সোণৰ চেইন থপিয়াই উধাও দুই যুৱক

জামুগুৰিহাটত পুনৰ চিলনী চোৰৰ ঘটনা সংঘটিত হৈছে। অঞ্চলটোৰ কৰতিপাৰ...