ভাৰতীয় মহিলা ক্ৰিকেট দলৰ মূল একাদশত অসমৰ জিণ্টীমণি। জিম্বাব’ৱেৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত আজি অভিষেক জিণ্টীমণি কলিতাৰ।
আজিৰে পৰা আৰম্ভ হৈছে জিম্বাব’ৱেৰ বিৰুদ্ধে তিনিখনীয়া এদিনীয়া শৃংখলা। বড’দৰাত অনুষ্ঠিত হৈছে এই ক্ৰিকেট শৃংখলা।

ভাৰতীয় মহিলা এদিনীয়া ক্ৰিকেট দলত স্থানপ্ৰাপ্ত দ্বিতীয়গৰাকী অসমীয়া জিণ্টীমণি। উমা চেত্ৰীৰ পিছত এই কৃতিত্ব অৰ্জন অসমৰ জিণ্টীমণিৰ।

বলিং অল ৰাউণ্ডাৰ হিচাপে মূল একাদশত স্থান লাভ জিণ্টীমণিৰ। জিণ্টীমণিক আজি অভিষেক কেপ প্ৰদান কৰে হৰমনপ্ৰীত কৌৰে।
জিণ্টীমণিক শুভেচ্ছা জ্ঞাপন টীম ইণ্ডিয়াৰ সতীৰ্থৰ।
