ছৌদি আৰৱত আবদ্ধ হৈ থকা প্ৰায় ৩,০০০ ভাৰতীয় উমৰাহ যাত্ৰী বিগত এসপ্তাহত স্বদেশলৈ উভতি আহিছে। ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে (MEA) এই কথা সদৰী কৰিছে।
মন্ত্ৰালয়ৰ মতে, ভাৰতীয় কূটনৈতিক মিছন, বিমান সংস্থা আৰু ভ্ৰমণ পৰিচালকসকলৰ মাজত সমন্বয়ৰ জৰিয়তে আবদ্ধ যাত্ৰীসকলক উভতাই অনাৰ ব্যৱস্থা কৰা হৈছে।
ইফালে, একে সময়ছোৱাতে নিয়মীয়াভাৱে যাত্ৰাৰ টিকট বুকিং কৰা ১০,০০০ৰো অধিক উমৰাহ যাত্ৰীও ভাৰতলৈ উভতি আহিছে। ৰিয়াধস্থিত ভাৰতীয় দূতাবাস আৰু জেদ্দাস্থিত ভাৰতীয় কনছুলেট জেনেৰেলে আবদ্ধ যাত্ৰীসকলক সহায় কৰাৰ লগতে তেওঁলোকৰ সুৰক্ষিত প্ৰত্যাৱৰ্তনৰ বাবে দিনে-নিশাই কাম কৰি আছে।
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে জনোৱা মতে, বাকী যাত্ৰীসকলকো অতি সোনকালে স্বদেশলৈ ওভতাই অনাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে।
উল্লেখ্য যে, যোৱা ২১ অক্টোবৰত ছৌদি আৰৱৰ ডাম্মামস্থিত কিং ফাহাদ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত এক ঘটনা সংঘটিত হৈছিল। ঘটনাটোৰ তদন্ত আৰু ক্ষয়-ক্ষতিৰ মূল্যায়ন অব্যাহত থকাৰ লগতে যাত্ৰী আৰু বিমানবন্দৰৰ কৰ্মচাৰীৰ সুৰক্ষা নিশ্চিত কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিছে ছৌদি কৰ্তৃপক্ষই।
