হায়দৰাবাদত এগৰাকী ২৩ বছৰীয়া যুৱতীৰ সৈতে অসৎ আচৰণ কৰাৰ অভিযোগক কেন্দ্ৰ কৰি সৃষ্টি হোৱা সংঘাতৰ মাজতে চুবুৰীয়াৰ ঘোচাত প্ৰাণ হেৰুৱালে এগৰাকী ৫৫ বছৰীয়া ব্যক্তিয়ে। মৃত ব্যক্তিগৰাকী প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা (DRDO)-ৰ ব্যক্তিগত সহায়ক হিচাপে কৰ্মৰত আছিল।
আৰক্ষীৰ তথ্য অনুসৰি, বুধবাৰে সন্ধিয়া প্ৰায় ৭.৩০ বজাৰ পৰা ৮ বজাৰ ভিতৰত হায়দৰাবাদৰ চিক্কাডপল্লীৰ এটা আৱাসিক অট্টালিকাত সংঘটিত হয় এই ঘটনা। অট্টালিকাটোৰ প্ৰথম মহলাত বাস কৰা ব্যক্তিগৰাকীয়ে দ্বিতীয় মহলাত থকা যুৱতীগৰাকীৰ বাসগৃহলৈ গৈ তেওঁৰ সৈতে অসদাচৰণ কৰাৰ অভিযোগ উত্থাপন হৈছে।
যুৱতীগৰাকীয়ে চিঞৰ-বাখৰ কৰাত ব্যক্তিগৰাকী সেই স্থানৰ পৰা আঁতৰি যায়। কিছু সময় পিছত কান্দি থকা অৱস্থাত যুৱতীগৰাকীক দেখি অট্টালিকাটোৰে আন এজন বাসিন্দা তথা জিম প্ৰশিক্ষকে ঘটনাৰ বিষয়ে সোধে। যুৱতীগৰাকীয়ে তেওঁক অসদাচৰণৰ অভিযোগৰ বিষয়ে অৱগত কৰে।
ইয়াৰ পিছতে জিম প্ৰশিক্ষকজন আৰু যুৱতীগৰাকীয়ে ব্যক্তিগৰাকীৰ ওচৰলৈ যায়। দুয়োপক্ষৰ মাজত তৰ্ক-বিতৰ্কৰ সৃষ্টি হয়। সেই সময়তে জিম প্ৰশিক্ষকজনে ব্যক্তিগৰাকীৰ মুখত ঘোচা মৰাৰ অভিযোগ উঠিছে। ঘোচাৰ ফলত তেওঁ মাটিত বাগৰি পৰে আৰু মূৰত আঘাত পায়।
পিছত তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে।
এই ঘটনাক লৈ চিক্কাডপল্লী আৰক্ষীয়ে দুটা পৃথক গোচৰ ৰুজু কৰিছে। মৃত ব্যক্তিগৰাকীৰ পত্নীৰ অভিযোগৰ ভিত্তিত জিম প্ৰশিক্ষকজনৰ বিৰুদ্ধে হত্যাৰ উদ্দেশ্য নথকা দোষজনক নৰহত্যাৰ অভিযোগত এটা গোচৰ ৰুজু কৰা হৈছে। আনহাতে, যুৱতীগৰাকীৰ অভিযোগৰ ভিত্তিত মৃত ব্যক্তিগৰাকীৰ বিৰুদ্ধেও অসদাচৰণৰ অভিযোগত আন এটা গোচৰ ৰুজু কৰা হৈছে।
আৰক্ষীয়ে জনোৱা মতে, দুয়োটা গোচৰৰ তদন্ত অব্যাহত আছে।
