এছিয়ান পেৰা গেমছত শীতল দেৱী আৰু টোমান কুমাৰৰ স্বৰ্ণ জয়; বিশ্ব অভিলেখ গঢ়ি কম্পাউণ্ড মিক্সড টীম আৰ্চাৰীত ভাৰতৰ ১৬সংখ্যক স্বৰ্ণ পদক

এছিয়ান পেৰা গেমছৰ চতুৰ্থ দিনা ভাৰতৰ হৈ উজলি উঠিছে তাৰকা আৰ্চাৰী খেলুৱৈ শীতল দেৱী আৰু টোমান কুমাৰ। কম্পাউণ্ড মিক্সড টীম আৰ্চাৰীৰ ফাইনেলত ইণ্ডোনেছিয়াক পৰাস্ত কৰি যুটিটোৱে স্বৰ্ণ পদক অৰ্জন কৰে। এয়া এই প্ৰতিযোগিতাত ভাৰতৰ ১৬সংখ্যক স্বৰ্ণ পদক।

ইয়াৰ পূৰ্বে ৰেংকিং ৰাউণ্ডত দুয়োগৰাকী খেলুৱৈয়ে মুঠ ১,৪০২ পইণ্ট সংগ্ৰহ কৰি বিশ্ব অভিলেখ ভংগ কৰি নিজৰ অভিযানৰ শক্তিশালী আৰম্ভণি কৰিছিল।

শীতল দেৱীৰ স্বৰ্ণ জয়ৰ অভিযান এতিয়াও অব্যাহত আছে। এইবাৰ তেওঁ কম্পাউণ্ড মহিলা শাখাৰ স্বৰ্ণ পদকৰ যুঁজত ছিংগাপুৰৰ নুৰ আলিমৰ মুখামুখি হ’ব।

ইফালে, দিনটোৰ আৰম্ভণিতে মহিলাৰ ডিস্কাছ থ্ৰ’ F54 শাখাত স্বৰ্ণ পদক অৰ্জন কৰে সুবৰ্ণা ৰাজে। পেৰা-আৰ্চাৰীৰ মহিলাৰ W1 শাখাত স্বাতী চৌধুৰীয়ে ৰূপৰ পদক লাভ কৰি ভাৰতৰ বাবে এক উল্লেখযোগ্য কৃতিত্ব অৰ্জন কৰে। উত্তেজনাপূৰ্ণ ফাইনেলত তেওঁ চীনৰ ছেন মেংকানৰ হাতত ৪-৬ ব্যৱধানত পৰাস্ত হয়।

আনহাতে, পেৰা-এথলেটিকছত পুৰুষৰ হাই জাম্প T63 শাখাৰ ফাইনেলত অৱতীৰ্ণ হ’ব শৈলেশ কুমাৰ, ৰাহুল আৰু বৰুণ ভাটি। মহিলাৰ ৪০০ মিটাৰ T47 শাখাৰ ফাইনেলত অংশগ্ৰহণ কৰিব অঞ্জনাবেন বুম্বাডিয়া আৰু জয়ন্তী বেহেৰাই।

ইয়াৰ উপৰি, পুৰুষৰ জেভেলিন থ্ৰ’ F56/F57 শাখাৰ ফাইনেলত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব পাৰভিন কুমাৰে। পুৰুষৰ লং জাম্প T44/T62/T64 শাখাৰ ফাইনেলত অৱতীৰ্ণ হ’ব ছ’লাইৰাজ ধৰ্মৰাজ।

চতুৰ্থ দিনৰ প্ৰতিযোগিতাত ভাৰতীয় খেলুৱৈসকলৰ এনে সাফল্যই দেশৰ পদক তালিকাত নতুন সংযোজন ঘটাইছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ট্ৰাম্পৰ অদ্ভুত প্ৰস্তাৱ গুগললৈ, গুগল মেপত আটলাণ্টিক মহাসাগৰৰ নাম সলনি কৰি ‘ট্ৰাম্প অ’চেন’ ৰখাৰ পৰিকল্পনা

মানচিত্ৰত নিজৰ নাম জিলিকোৱাৰ পৰিকল্পনা! আটলাণ্টিক মহাসাগৰৰ নাম সলনি...

পুৰণি শত্ৰুতাৰ ভয়ংকৰ পৰিণতি; যুৱকক গাড়ীৰ খিৰিকীত হাত আবদ্ধ কৰি চলালে গাড়ী, কানপুৰত যুৱকৰ কৰুণ মৃত্যু

উত্তৰ প্ৰদেশৰ কানপুৰৰ হনুমন্ত বিহাৰ আৰক্ষী থানাৰ অন্তৰ্গত অঞ্চলত...