মণিপুৰৰ মুখ্যমন্ত্ৰী য়ুমনাম খেমচান্দ সিঙক ‘গ্ৰেণ্ড মাষ্টাৰ ৯ম ডান’ সন্মান গ্ল’বেল ট্ৰেডিচনেল তাইকোৱাণ্ডো ফেডাৰেচনৰ

মণিপুৰৰ মুখ্যমন্ত্ৰী য়ুমনাম খেমচান্দ সিঙক গ্ল’বেল ট্ৰেডিচনেল তাইকোৱাণ্ডো ফেডাৰেচনে (GTTF) ‘গ্ৰেণ্ড মাষ্টাৰ ৯ম ডান’ উপাধিৰে সন্মানিত কৰে।

ইম্ফলৰ খুমান লাম্পাক ইনড’ৰ ষ্টেডিয়ামত অনুষ্ঠিত প্ৰথম মণিপুৰ ৰাজ্যিক পুমছে তাইকোৱাণ্ডো চেম্পিয়নশ্বিপ ২০২৬ৰ উদ্বোধনী অনুষ্ঠানত GTTFৰ সভাপতি গ্ৰেণ্ড মাষ্টাৰ জুন লীয়ে মুখ্যমন্ত্ৰীগৰাকীক এই সন্মান প্ৰদান কৰে।

আশীৰ দশকত তাইকোৱাণ্ডোৰ অন্যতম শ্ৰেষ্ঠ খেলুৱৈ আছিল মণিপুৰৰ মুখ্যমন্ত্ৰী গৰাকী। জুন লীৰ মতে, খেমচন্দ সিং আশীৰ দশকত ভাৰতৰ অন্যতম উল্লেখযোগ্য তাইকোৱাণ্ডো খেলুৱৈ আছিল। তেওঁ একাধিকবাৰ ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপৰ খিতাপ অৰ্জন কৰিছিল। মুখ্যমন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে যে এই প্ৰতিযোগিতাই মণিপুৰত তাইকোৱাণ্ডোৰ মান উন্নত কৰাৰ লগতে স্থানীয় খেলুৱৈসকলক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিদ্বন্দ্বিতা কৰাৰ সুযোগ প্ৰদান কৰিব।

মণিপুৰৰ ক্ৰীড়ামন্ত্ৰী কনথৌজাম গোবিন্দাছ সিঙে যুৱ প্ৰজন্মক হিংসাৰ পথ পৰিহাৰ কৰি ক্ৰীড়াৰ জৰিয়তে এখন শান্তিপূৰ্ণ সমাজ গঢ়ি তুলিবলৈ আহ্বান জনায়। অনুষ্ঠানত মণিপুৰৰ পৰম্পৰাগত সমৰকলা থাং-টাৰ প্ৰদৰ্শনৰ লগতে দক্ষিণ কোৰিয়াৰ শিনহান বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকলেও তাইকোৱাণ্ডোৰ প্ৰদৰ্শন আগবঢ়ায়।

অক্টোবৰ ১৯ৰ পৰা ২৪ তাৰিখলৈ মণিপুৰ ভ্ৰমণ কৰা ৩১ জনীয়া GTTFৰ প্ৰতিনিধি দলটোত তিনিবাৰৰ অলিম্পিক চেম্পিয়ন হোৱাং কিয়ং-ছনো আছে। এই ভ্ৰমণে ৰাজ্যখনৰ খেলুৱৈসকলক আন্তঃৰাষ্ট্ৰীয় বিশেষজ্ঞৰ সৈতে মত বিনিময়ৰ সুযোগ প্ৰদান কৰিব বুলি আশা কৰা হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

৭ দিনৰ পিছত কাৰাগাৰৰ পৰা মুকলি CJPৰ দুই মুখপাত্ৰ সৌৰভ দাস আৰু আশুতোষ ৰাংকা

দিল্লীৰ জন্তৰ-মন্তৰত প্ৰতিবাদৰ সময়ত ৰাষ্ট্ৰীয় পতাকা প্ৰদৰ্শন কৰি গ্ৰেপ্তাৰ...

পাকিস্তানৰ বেলুচিস্তানত সামৰিক ড্ৰ’ন আক্ৰমণত তিনি সাধাৰণ নাগৰিকৰ মৃত্যু

পাকিস্তানৰ বেলুচিস্তান প্ৰদেশত পৃথক পৃথক ড্ৰ’ন আক্ৰমণত তিনি সাধাৰণ...