আজি ৰাষ্ট্ৰীয় আৰক্ষী স্মৃতি দিৱস। এই উপলক্ষে কাহিলিপাৰাৰ দশম অসম আৰক্ষী বেটেলিয়নত কৰ্তব্যৰত অৱস্থাত প্ৰাণ আহুতি দিয়া বীৰ আৰক্ষী জোৱানসকলক শ্ৰদ্ধাৰে স্মৰণ কৰা হয়। অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শ্বহীদসকলৰ প্ৰতি পুষ্পাঞ্জলি অৰ্পণ কৰি গভীৰ শ্ৰদ্ধা নিবেদন কৰে।
অনুষ্ঠানত অসম আৰক্ষীৰ কৰ্তব্য পালন কৰি প্ৰাণ আহুতি দিয়া ১৫৪গৰাকী শ্বহীদক স্মৰণ কৰা হয়। ৰাইজৰ সুৰক্ষাৰ বাবে নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰা আৰক্ষী জোৱানসকলৰ সাহস, ত্যাগ আৰু কৰ্তব্যনিষ্ঠা চিৰদিনৰ বাবে প্ৰেৰণাৰ উৎস হৈ থাকিব বুলি উল্লেখ কৰা হয়। তেওঁলোকৰ সৰ্বোচ্চ ত্যাগৰ বিনিময়তে সমাজত শান্তি-শৃংখলা আৰু নিৰাপত্তা অটুট থাকে।
উল্লেখ্য যে, প্ৰতি বছৰে ২১ অক্টোবৰৰ দিনটো আৰক্ষী স্মৃতি দিৱস হিচাপে পালন কৰা হয়। ১৯৫৯ চনৰ আজিৰ দিনটোতে ভাৰত-চীন সীমান্তত টহল দি থকা অৱস্থাত চীনা সৈন্যৰ অতৰ্কিত আক্ৰমণত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী (CRPF)-ৰ ১০গৰাকী বীৰ জোৱানে প্ৰাণ আহুতি দিছিল। সেই শ্বহীদসকলৰ স্মৃতিত সমগ্ৰ দেশতে এই দিৱস পালন কৰা হয়।
আৰক্ষী স্মৃতি দিৱসৰ জৰিয়তে দেশ আৰু জনসাধাৰণৰ সুৰক্ষাৰ হকে জীৱন উৎসৰ্গা কৰা প্ৰতিগৰাকী বীৰ শ্বহীদৰ ত্যাগক শ্ৰদ্ধাৰে সুঁৱৰি তেওঁলোকৰ সাহস আৰু কৰ্তব্যনিষ্ঠাৰ প্ৰতি পুনৰ এবাৰ প্ৰণিপাত জনোৱা হয়।
