মহিলা ক্ৰিকেটত ৰায়পুৰৰ শ্বহীদ বীৰ নাৰায়ণ সিং আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত তিনিখনীয়া টি-২০ শৃংখলাৰ দ্বিতীয়খন মেচত জিম্বাবুৱেক ৯ উইকেটত পৰাস্ত কৰে ভাৰতে। এই জয়ৰ জৰিয়তে শৃংখলাটোত ২-০ৰ অপ্ৰতিৰোধ্য অগ্ৰগতি লাভ কৰে ভাৰতীয় মহিলা দলে।
প্ৰথমে বেটিং কৰি জিম্বাবুৱে দলে নিৰ্ধাৰিত ২০ অভাৰত ৮টা উইকেট হেৰুৱাই ১০২ ৰান সংগ্ৰহ কৰে। দলটোৰ হৈ চিপো মুগেৰী-টিৰিপানোৱে ৩২টা বলত সৰ্বাধিক ৩৪ ৰান কৰে। ভাৰতৰ হৈ নিকি প্ৰসাদে দুটা উইকেট দখল কৰে।
প্ৰত্যুত্তৰত ভাৰতে মাত্ৰ ৮.৫ অভাৰতে এটা উইকেট হেৰুৱাই জয়ৰ বাবে প্ৰয়োজনীয় ১০৩ ৰানৰ লক্ষ্যত উপনীত হয়। ভাৰতৰ হৈ শ্বেফালী বাৰ্মাই ২৫টা বলত ৫৫ ৰানৰ দুৰ্দান্ত ইনিংছ খেলে। আনহাতে, অধিনায়ক স্মৃতি মান্ধানাই ২৫টা বলত অপৰাজিত ৪৭ ৰান সংগ্ৰহ কৰি দলৰ জয়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।
ইফালে, এক বিশেষ পদক্ষেপ হিচাপে ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী বিষ্ণু দেও ছাইৰ পৰামৰ্শমৰ্মে তিনিওখন টি-২০ মেচতে মহিলা দৰ্শকৰ বাবে বিনামূলীয়া প্ৰৱেশৰ ব্যৱস্থা কৰা হৈছে।
শৃংখলাৰ তৃতীয় তথা অন্তিমখন টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচখন চলিত মাহৰ ২০ তাৰিখে অনুষ্ঠিত হ’ব। উল্লেখযোগ্য যে, ভাৰত আৰু জিম্বাবুৱেৰ মাজত এয়াই প্ৰথম দ্বিপাক্ষিক মহিলা ক্ৰিকেট শৃংখলা। টি-২০ শৃংখলাৰ পিছত বৰোদাত অনুষ্ঠিত হ’ব তিনিখনীয়া এদিনীয়া আন্তঃৰাষ্ট্ৰীয় শৃংখলা। মেচকেইখন ক্ৰমে চলিত মাহৰ ২৩, ২৫ আৰু ২৮ তাৰিখে অনুষ্ঠিত হ’ব।
