দিল্লীৰ যন্তৰ-মন্তৰত হোৱা জুলাইৰ হিংসাত্মক ঘটনাৰ তদন্তৰ বাবে পৰ্টেল মুকলি উচ্চতম ন্যায়ালয়ৰ গঠিত HPECৰ

ভাৰতৰ উচ্চতম ন্যায়ালয়ে ২০২৬ চনৰ জুলাই মাহত দিল্লীৰ যন্তৰ-মন্তৰ আৰু দিল্লীৰ বাহিৰৰ বিভিন্ন স্থানত সংঘটিত হিংসাত্মক ঘটনাৰ সকলো দিশৰ তদন্তৰ বাবে গঠন কৰা উচ্চ ক্ষমতাসম্পন্ন তদন্ত সমিতি (HPEC)-এ মুকলি কৰিছে এটা বিশেষ পৰ্টেল। ক্ষতিগ্ৰস্ত ব্যক্তি আৰু আৰক্ষীৰ জোৱানসকলৰ সুবিধাৰ্থে মুকলি কৰা এই পৰ্টেলৰ জৰিয়তে আক্ৰান্ত লোকসকলে নিজৰ অভিযোগ, প্ৰতিনিধিত্ব আৰু প্ৰাসংগিক তথ্য দাখিল কৰিব পাৰিব।

উচ্চ ক্ষমতাসম্পন্ন তদন্ত সমিতিয়ে ২০২৬ চনৰ ১৮ আগষ্টত উচ্চতম ন্যায়ালয়ে জাৰি কৰা আদেশৰ ১২ আৰু ১৩ নং অনুচ্ছেদ তথা ১০ ছেপ্টেম্বৰৰ আদেশৰ ৫(i) নং অনুচ্ছেদত উল্লেখ কৰা বিষয়সমূহ পৰীক্ষা কৰিব। তদন্তৰ ক্ষেত্ৰত পেলেট গানৰ ব্যৱহাৰ, মহিলা প্ৰতিবাদকাৰীৰ ওপৰত লক্ষ্যভিত্তিক হিংসা আৰু হাৰাশাস্তি, লগতে উভয় পক্ষৰ পৰা সংঘটিত অত্যধিক হিংসা আৰু সম্পত্তি ধ্বংসৰ ঘটনাক অগ্ৰাধিকাৰ দিয়া হ’ব।

পৰ্টেলটো দুৰ্বল সাক্ষীসকলৰ সুৰক্ষা নিশ্চিত কৰাৰ লগতে আক্ৰান্ত ব্যক্তিসকলে বিচাৰিলে তেওঁলোকৰ পৰিচয় গোপনীয় কৰি ৰখাৰ ব্যৱস্থাৰে প্ৰস্তুত কৰা হৈছে। সমিতিয়ে আক্ৰান্ত ব্যক্তি আৰু অন্যান্য অংশীদাৰসকলক নিৰ্ধাৰিত বিন্যাস অনুসৰি পৰ্টেলৰ জৰিয়তে তেওঁলোকৰ অভিযোগ আৰু প্ৰাসংগিক তথ্য দাখিল কৰিবলৈ আহ্বান জনাইছে।

ইয়াৰ উপৰি, ১৮ আগষ্ট আৰু ১০ ছেপ্টেম্বৰৰ উচ্চতম ন্যায়ালয়ৰ আদেশত উল্লেখ কৰা বিষয়সমূহৰ সৈতে জড়িত তথ্য বা পৰামৰ্শ দিব বিচৰা যিকোনো ব্যক্তিয়েও উক্ত পৰ্টেলৰ জৰিয়তে নিজৰ বক্তব্য দাখিল কৰিব পাৰিব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাজ্যৰ বহুকইটা অঞ্চলত প্ৰশাসনৰ উচ্ছেদ অভিযান; ঘৰ হেৰুৱালে বহু পৰিয়ালে

ৰাজ্যৰ বিভিন্ন প্ৰান্তত সংৰক্ষিত বনাঞ্চলৰ বেদখল উচ্ছেদক লৈ প্ৰশাসনৰ...