এতিয়াৰে পৰা গুৱাহাটীৰ পৰাই কেইবাখনো দেশৰ ভিছাৰ বাবে কৰিব পাৰিব আবেদন
উত্তৰ-পূব ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় যাতায়াত ব্যৱস্থা অধিক সহজ কৰি তোলাৰ লক্ষ্যৰে আজি গুৱাহাটীত অঞ্চলটোৰ প্ৰথমটো ভিছা আবেদন কেন্দ্ৰ উদ্বোধন কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। খানাপাৰাৰ আন্তঃৰাজ্যিক বাছ আস্থান চৌহদত স্থাপন কৰা এই কেন্দ্ৰটো ‘ভিএফএছ গ্ল’বেল’ (VFS Global)-এ পৰিচালনা কৰিব।
এই কেন্দ্ৰৰ জৰিয়তে অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ বাসিন্দাসকলে থাইলেণ্ড, ইজিপ্ত, আয়াৰলেণ্ড, জাপান, মাল্টা, মৰক্কো আৰু যুক্তৰাজ্যকে ধৰি কেইবাখনো দেশৰ ভিছাৰ বাবে আবেদন কৰিব পাৰিব। ইয়াৰ উপৰি শ্বেংগেন ভিছাৰ আবেদন কৰাৰ সুবিধাও কেন্দ্ৰটোত উপলব্ধ হ’ব। শ্বেংগেন ভিছাৰ জৰিয়তে ইউৰোপৰ ২৯খন দেশ ভ্ৰমণ কৰিব পৰা যায়।
উদ্বোধনী অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে পূৰ্বে অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ বাসিন্দাসকলে বিদেশ ভ্ৰমণৰ ভিছাৰ বাবে আবেদন কৰিবলৈ দিল্লী অথবা কলকাতালৈ যাবলগীয়া হৈছিল। এতিয়াৰে পৰা গুৱাহাটীত স্থাপন কৰা এই কেন্দ্ৰৰ সহায়ত গুৱাহাটীৰ পৰাই বিশ্বৰ বিভিন্ন দেশৰ ভিছাৰ বাবে আবেদন কৰিব পাৰিব। ইয়াৰ ফলত অঞ্চলটোৰ জনসাধাৰণৰ সময় আৰু ধন দুয়োটাই ৰাহি হ’ব।
মুখ্যমন্ত্ৰীয়ে লগতে কয় যে এই কেন্দ্ৰটোৱে কেৱল গুৱাহাটীতে নহয়, সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলতে ইতিবাচক প্ৰভাৱ পেলাব। কেন্দ্ৰটো স্থাপনৰ বাবে তেওঁ ভিএফএছ গ্ল’বেলক ধন্যবাদ জ্ঞাপন কৰে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা ‘এক্ট ইষ্ট’ নীতিয়ে ভাৰতৰ পূব দিশৰ চুবুৰীয়া দেশসমূহৰ সৈতে সম্পৰ্ক অধিক শক্তিশালী কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। উন্নত আন্তঃগাঁথনি, সুসংহত যোগাযোগ ব্যৱস্থা আৰু অৰ্থনৈতিক সহযোগিতাই অসমৰ বাবে নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিছে বুলিও তেওঁ কয়।
অসমক বাণিজ্য, বিনিয়োগ, পৰ্যটন, শিক্ষা আৰু উদ্ভাৱনৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ বাবে ৰাজ্য চৰকাৰে প্ৰচেষ্টা অব্যাহত ৰাখিছে। এই লক্ষ্যত উপনীত হ’বলৈ আন্তঃৰাষ্ট্ৰীয় যোগাযোগ বৃদ্ধি কৰাৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তৰ সৈতে সম্পৰ্ক উন্নত কৰাটো অত্যন্ত প্ৰয়োজনীয় বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে।
তেওঁ জানিবলৈ দিয়ে যে অহা ২৭ অক্টোবৰত গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত নতুন মাইলৰ খুঁটি স্পৰ্শ কৰা হ’ব। ভাৰত চৰকাৰৰ অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে গুৱাহাটী বিমানবন্দৰক আন্তঃৰাষ্ট্ৰীয় যাত্ৰীসকলৰ বাবে ‘হাব এণ্ড স্প’ক’ ব্যৱস্থাৰ অধীনত এক গুৰুত্বপূৰ্ণ কেন্দ্ৰ হিচাপে ঘোষণা কৰিছে।
এই ব্যৱস্থাৰ ফলত ২৭ অক্টোবৰৰ পৰা গুৱাহাটীত ইমিগ্ৰেচন সম্পৰ্কীয় যাৱতীয় পৰীক্ষা সম্পূৰ্ণ কৰি যাত্ৰীসকলে দেশৰ আন বিমানবন্দৰত পুনৰ ইমিগ্ৰেচন প্ৰক্ৰিয়াৰ মাজেৰে নোযোৱাকৈ বিদেশলৈ যাত্ৰা কৰিব পাৰিব। দেশৰ অন্যান্য ৰাজ্যৰ যাত্ৰীসকলেও গুৱাহাটীক সংযোগী কেন্দ্ৰ হিচাপে ব্যৱহাৰ কৰি আন্তঃৰাষ্ট্ৰীয় যাত্ৰা অধিক সহজে সম্পন্ন কৰিব পাৰিব।
মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে যে ২০১৬-১৭ বিত্তীয় বৰ্ষৰ পৰা ২০২৫-২৬ বিত্তীয় বৰ্ষলৈ প্ৰায় এটা দশকত অসমলৈ ছয় কোটিতকৈও অধিক পৰ্যটকৰ আগমন ঘটিছে। ইয়াৰ ভিতৰত ২.৪১ লাখতকৈও অধিক বিদেশী পৰ্যটক। যুক্তৰাজ্য, ফ্ৰান্স, আমেৰিকা, অষ্ট্ৰেলিয়া, জাপান, বাংলাদেশ, কানাডা, স্পেইন, বেলজিয়াম আৰু ইজৰাইলকে ধৰি বিভিন্ন দেশৰ পৰ্যটকে অসম ভ্ৰমণ কৰিছে।
তেওঁ কয় যে অসমৰ প্ৰাকৃতিক সৌন্দৰ্য আৰু সমৃদ্ধ সাংস্কৃতিক ঐতিহ্যই আন্তঃৰাষ্ট্ৰীয় পৰ্যটকসকলক আকৰ্ষিত কৰি আহিছে। পৰ্যটকৰ সংখ্যা বৃদ্ধিৰ লগে লগে ৰাজ্যখনত পৰ্যটন উদ্যোগৰ বিকাশৰো অপাৰ সম্ভাৱনা সৃষ্টি হৈছে।
মুখ্যমন্ত্ৰীয়ে লগতে জানিবলৈ দিয়ে যে শেহতীয়াকৈ অষ্ট্ৰেলিয়া, জাপান আৰু ইউৰোপীয় সংঘৰ ২৭খন সদস্য ৰাষ্ট্ৰই অসম সম্পৰ্কীয় ভ্ৰমণ পৰামৰ্শাৱলী সংশোধন কৰিছে। ইয়াৰ ফলত অসমৰ প্ৰতি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আস্থা বৃদ্ধি পোৱাৰ লগতে পৰ্যটন, ব্যৱসায়-বাণিজ্য আৰু সাংস্কৃতিক বিনিময়ৰ বাবে অনুকূল পৰিৱেশ সৃষ্টি হ’ব বুলি তেওঁ আশা প্ৰকাশ কৰে।
অনুষ্ঠানত পৰিবহণ মন্ত্ৰী চৰণ বড়ো, পৰ্যটন মন্ত্ৰী জয়ন্ত মল্লবৰুৱা, সাংসদ বিজুলী কলিতা মেধি, বিধায়ক বিজয় কুমাৰ গুপ্তা, প্ৰকাশ দাস আৰু ৰাজু মেছৰ লগতে ভিএফএছ গ্ল’বেলৰ প্ৰতিনিধি, বিভিন্ন দেশৰ কূটনীতিবিদ আৰু বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।
