আজি নতুন দিল্লীত ‘বৃহত্তৰ ভাৰত’ আন্তঃৰাষ্ট্ৰীয় সন্মিলন; ভিডিঅ’ বাৰ্তাযোগে ভাষণ দিব প্ৰধানমন্ত্ৰী মোদীয়ে

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া ‘বৃহত্তৰ ভাৰত: বিশ্বজুৰি ভাৰতৰ সাংস্কৃতিক সম্পৰ্ক’ শীৰ্ষক আন্তঃৰাষ্ট্ৰীয় সন্মিলনত ভিডিঅ’ বাৰ্তাযোগে ভাষণ প্ৰদান কৰিব।

তিনি দিনীয়াকৈ অনুষ্ঠিত হ’বলগীয়া এই সন্মিলনত ৫০খন দেশৰ প্ৰতিনিধি, ৰাষ্ট্ৰদূত আৰু পণ্ডিতসকলে অংশগ্ৰহণ কৰিব। সন্মিলনত বিশ্বৰ বিভিন্ন প্ৰান্তৰ সৈতে ভাৰতৰ ঐতিহাসিক আৰু সমসাময়িক সাংস্কৃতিক সম্পৰ্কৰ বিষয়ে আলোচনা কৰা হ’ব।

চীন, জাপান, মংগোলিয়া, নেপাল আৰু ইৰানকে ধৰি বিভিন্ন দেশৰ প্ৰতিনিধিসকলে সন্মিলনত অংশগ্ৰহণ কৰি উমৈহতীয়া সাংস্কৃতিক ঐতিহ্য আৰু সভ্যতাৰ আদান-প্ৰদান সম্পৰ্কে মত-বিনিময় কৰিব।

উল্লেখযোগ্য যে, এই সন্মিলনৰ জৰিয়তে ‘বৃহত্তৰ ভাৰত পৰিষদ’ নামেৰেও পৰিচিত ‘গ্ৰেটাৰ ইণ্ডিয়া ছ’চাইটি’ৰ প্ৰতিষ্ঠাৰ শতবৰ্ষ উদযাপন কৰা হ’ব। ১৯২৬ চনৰ ১৪ অক্টোবৰত কলকাতাত ভাৰতীয় পণ্ডিতসকলৰ এটা প্ৰজন্মই এই অনুষ্ঠানটো প্ৰতিষ্ঠা কৰিছিল। বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰে ইয়াৰ আধ্যাত্মিক পথপ্ৰদৰ্শকৰ ভূমিকা পালন কৰিছিল।

সন্মিলনৰ সময়ছোৱাত ‘এছিয়াৰ উমৈহতীয়া সাংস্কৃতিক ঐতিহ্য’ শীৰ্ষক এখন প্ৰদৰ্শনীৰো আয়োজন কৰা হ’ব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

হাইজেকৰ ভাবুকিৰ পিছতে ফ্ৰেংকফুৰ্টৰ পৰা দিল্লী অভিমুখী এয়াৰ ইণ্ডিয়াৰ বিমান জয়পুৰলৈ ডাইভাৰ্ট

হাইজেকৰ ভাবুকিক কেন্দ্ৰ কৰি সৃষ্টি হোৱা নিৰাপত্তাজনিত পৰিস্থিতিৰ মাজতে...