আৰক্ষীক ঠেলা মাৰি হেণ্ডকাফ খুলি পলাল বাক্কা! দুদিনেও সন্ধান উলিয়াব পৰা নাই বটদ্ৰৱা আৰক্ষীয়ে

হাতে-লোটে আটক কৰি আৰক্ষীক চমজাই দিছিল ৰাইজে, তদন্তৰ বাবে নিয়াৰ সময়তে পলায়ন চুৰিৰ গোচৰত অভিযুক্ত বাক্কা।

বটদ্ৰৱাত আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন কৰিলে চুৰিৰ গোচৰত অভিযুক্ত বাহাৰুল ইছলাম ঢালি ওৰফে বাক্কাই। আৰক্ষীক ঠেলা মাৰি হেণ্ডকাফ খুলি পলায়ন কৰা অভিযুক্তজনক বিচাৰি বিগত দুদিন ধৰি অভিযান অব্যাহত ৰাখিছে বটদ্ৰৱা আৰক্ষীয়ে। কিন্তু এতিয়ালৈকে অভিযুক্তজনক আটক কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী।

ৰাইজে হাতে-লোটে আটক কৰিছিল বাক্কাক। প্ৰাপ্ত তথ্য অনুসৰি, বটদ্ৰৱাৰ হাইডুবিত চুৰি কৰাৰ অভিযোগত স্থানীয় ৰাইজে হাতে-লোটে আটক কৰিছিল বাক্কাক। পৰৱৰ্তী সময়ত ৰাইজে অভিযুক্তজনক বটদ্ৰৱা আৰক্ষীক চমজাই দিয়ে। ৰাইজৰ পৰা অভিযুক্তজনক নিজৰ জিম্মাত লোৱাৰ পিছত আৰক্ষীয়ে বাক্কাক হেণ্ডকাফ লগাই তদন্তৰ বাবে লৈ গৈছিল। সেই সময়তে আৰক্ষীক ঠেলা মাৰি হেণ্ডকাফ খুলি পলায়ন কৰে অভিযুক্তজনে। ঘটনাৰ পিছতে পলাতক অভিযুক্তজনক বিচাৰি অভিযান আৰম্ভ কৰে বটদ্ৰৱা আৰক্ষীয়ে। কিন্তু দুদিন উকলি যোৱাৰ পিছতো বাক্কাৰ সন্ধান উলিয়াব পৰা নাই আৰক্ষীয়ে। অভিযোগ অনুসৰি পূৰ্বেও কেইবাবাৰো চুৰিকাণ্ড সংঘটিত কৰিছে বাক্কাই।

বটদ্ৰৱাৰ বিভিন্ন প্ৰান্তত সংঘটিত চুৰিকাণ্ডৰ সৈতে বাক্কা জড়িত থকাৰ অভিযোগ আছে। আনকি বাক্কাৰ বিৰুদ্ধে বটদ্ৰৱা আৰক্ষী থানাত পূৰ্বেও গোচৰ ৰুজু হৈ থকা বুলি জানিব পৰা গৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

হাইজেকৰ ভাবুকিৰ পিছতে ফ্ৰেংকফুৰ্টৰ পৰা দিল্লী অভিমুখী এয়াৰ ইণ্ডিয়াৰ বিমান জয়পুৰলৈ ডাইভাৰ্ট

হাইজেকৰ ভাবুকিক কেন্দ্ৰ কৰি সৃষ্টি হোৱা নিৰাপত্তাজনিত পৰিস্থিতিৰ মাজতে...

আজি নতুন দিল্লীত ‘বৃহত্তৰ ভাৰত’ আন্তঃৰাষ্ট্ৰীয় সন্মিলন; ভিডিঅ’ বাৰ্তাযোগে ভাষণ দিব প্ৰধানমন্ত্ৰী মোদীয়ে

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া ‘বৃহত্তৰ...