অসমৰ ৩০ শতাংশ শিক্ষাৰ্থীয়ে শ্ৰেণীকোঠাত পাঠ বুজি নাপায়, শিক্ষকৰ পাঠদানক লৈ মন্তব্য শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত সেৱা সংকল্প অভিযানৰ অধীনত অনুষ্ঠিত চিত্ৰাংকন, কুইজ আৰু বক্তৃতা প্ৰতিযোগিতাৰ পুৰস্কাৰ বিতৰণৰ কেন্দ্ৰীয় অনুষ্ঠানত উপস্থিত থাকে শিক্ষামন্ত্ৰী ৰণোজ পেগু।

অনুষ্ঠানত ভাষণ প্ৰসংগত শিক্ষামন্ত্ৰীগৰাকীয়ে অসমৰ বিদ্যালয়সমূহৰ শিক্ষাদান পদ্ধতিক লৈ গুৰুত্বপূৰ্ণ মন্তব্য কৰে। তেওঁ কয় যে UNESCO-ৰ এক সমীক্ষা অনুসৰি, অসমৰ বিদ্যালয়ৰ ৩০ শতাংশ শিক্ষাৰ্থীয়ে শিক্ষক-শিক্ষয়িত্ৰীয়ে শ্ৰেণীকোঠাত বুজাই দিয়া পাঠ বুজি নাপায়।

শিক্ষকৰ পাঠদানৰ পদ্ধতিৰ ওপৰত আলোকপাত কৰি ৰণোজ পেগুৱে কয় যে বহু সময়ত শিক্ষকসকলে প্ৰথম বেঞ্চত বহি থকা শিক্ষাৰ্থীকহে প্ৰশ্ন কৰে। পাঠদানৰ সময়ত শিক্ষাৰ্থীসকলে যাতে বিষয়বস্তু ভালদৰে বুজি পায়, তাৰ বাবে শিক্ষকসকলে অধিক স্পষ্ট আৰু সহজভাৱে কথাবোৰ বুজাই কোৱাৰ প্ৰয়োজনীয়তাৰ কথাও তেওঁ উল্লেখ কৰে।

ইয়াৰ উপৰি, বহু লোকে নিজৰ কথা স্পষ্টভাৱে প্ৰকাশ কৰিব নোৱাৰাৰ বিষয়টো উল্লেখ কৰি শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে তেওঁৰ ওচৰলৈ অহা বহু লোকেও কথাবোৰ ভালদৰে বুজাই ক’ব নোৱাৰে। এই প্ৰসংগত তেওঁ ‘কেহনা ক্যা চাহতে হ্যায়’ শীৰ্ষক জনপ্ৰিয় মিমটোৰো উল্লেখ কৰে।

শিক্ষাৰ্থীৰ পাঠ বুজাৰ ক্ষমতা আৰু শিক্ষকৰ যোগাযোগ দক্ষতাৰ বিষয়টোক লৈ শিক্ষামন্ত্ৰীগৰাকীৰ এই মন্তব্যই শিক্ষাদানৰ পদ্ধতিৰ ওপৰত পুনৰ চৰ্চাৰ অৱকাশ সৃষ্টি কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইতিহাস গঢ়িলে শুভমন গিলে, পঞ্চমবাৰৰ বাবে লাভ কৰিলে ICCৰ মাহটোৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান

ভাৰতীয় ক্ৰিকেট দলৰ এদিনীয়া আৰু টেষ্ট অধিনায়ক শুভমন গিলে...

অসমৰ বানপীড়িতলৈ ৮৪৩ কোটি টকাৰ আবণ্টন কেন্দ্ৰীয় চৰকাৰৰ

অসমৰ বানপীড়িতলৈ ৮৪৩ কোটি টকাৰ আবণ্টন কেন্দ্ৰীয় চৰকাৰৰ। কেন্দ্ৰৰ অংশ...