ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা আৰু বস্ত্ৰ দপ্তৰৰ ৰাজ্যিক মন্ত্রী পবিত্ৰ মাৰ্ঘেৰিটাই অহা ১৬ অক্টোবৰৰ পৰা ২২ অক্টোবৰলৈ চৰকাৰী কাৰ্যসূচী লৈ স্বাধীন চামোৱা ৰাষ্ট্ৰ, কুক দ্বীপপুঞ্জ আৰু নাউৰু গণৰাজ্য ভ্ৰমণ কৰিব।
এই ভ্রমণকালত ৰাজ্যিক মন্ত্ৰীগৰাকীয়ে প্রশান্ত মহাসাগৰীয় অঞ্চলৰ তিনিওখন দেশৰ শীর্ষ নেতৃত্বৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হোৱাৰ লগতে অঞ্চলটোৰ অন্যান্য গুৰুত্বপূৰ্ণ প্রতিনিধি তথা প্রবাসী ভাৰতীয়সকলৰ সৈতেও মত-বিনিময় কৰিব। তদুপৰি, মন্ত্ৰীগৰাকীয়ে এই ভ্রমণকালত ভাৰত চৰকাৰৰ সহযোগত অঞ্চলটোত চলি থকা বিভিন্ন উন্নয়নমূলক প্রকল্পসমূহো পৰিদৰ্শন কৰিব। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ এই ভ্রমণে ‘ফৰাম ফৰ ইণ্ডিয়া-পেচিফিক আইলেণ্ডছ কো-অপাৰেচন’ (FIPIC)ৰ অধীনত প্রশান্ত মহাসাগৰীয় দ্বীপৰাষ্ট্ৰসমূহৰ সৈতে অংশীদাৰিত্ব সুদৃঢ় কৰাৰ লগতে অঞ্চলটোৰ সৈতে ৰাজনৈতিক আদান-প্রদান আৰু উন্নয়নমূলক সহযোগিতা অধিক গভীৰ কৰাৰ ক্ষেত্ৰত ভাৰতৰ দায়বদ্ধতাক স্পষ্টকৈ প্ৰতিফলিত কৰিব।
উল্লেখ্য যে ২০২৩ চনৰ মে’ মাহত পট মৰেচবিত অনুষ্ঠিত হোৱা তৃতীয় ‘ফিপিক’ (FIPIC) সন্মিলনৰ সিদ্ধান্তসমূহক বাস্তৱ ৰূপ দিয়াৰ লগতে দ্বিপাক্ষিক সম্পর্কক এক নতুন গতিশীলতা প্ৰদান কৰাৰ ক্ষেত্ৰত মন্ত্ৰীগৰাকীৰ এই ভ্রমণে গুৰুত্বপূর্ণ ভূমিকা গ্ৰহণ কৰিব।
