অসমৰ বানপীড়িতলৈ ৮৪৩ কোটি টকাৰ আবণ্টন কেন্দ্ৰীয় চৰকাৰৰ

অসমৰ বানপীড়িতলৈ ৮৪৩ কোটি টকাৰ আবণ্টন কেন্দ্ৰীয় চৰকাৰৰ।

কেন্দ্ৰৰ অংশ হিচাপে ৭৫৮.৭০ কোটি আৰু ৰাজ্য চৰকাৰৰ অংশ হিচাপে ৮৪.৩০ কোটি টকাৰ আবণ্টন। বিশেষকৈ উজনি অসমৰ বানপীড়িত জিলাসমূহৰ বাবে আৰ্থিক সাহায্য আৰু দুৰ্যোগ ব্যৱস্থাপনা ব্যৱস্থা উন্নত কৰাৰ সন্দৰ্ভত ৰাজ্যসভাৰ সাংসদ যোগেন মোহনলৈ প্ৰেৰণ কৰা এখন পত্ৰত কেন্দ্ৰীয় মন্ত্ৰী নিত্যানন্দ ৰায়ে কেন্দ্ৰৰ স্থিতি স্পষ্ট কৰিছে।

SDRF-NDRFৰ নীতি-নিৰ্দেশনা সংশোধনৰ প্ৰক্ৰিয়া অব্যাহত

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে যে বানপানীকে ধৰি অধিসূচিত প্ৰাকৃতিক দুৰ্যোগত ক্ষতিগ্ৰস্ত ৰাজ্যসমূহক নিৰ্ধাৰিত নীতি-নিৰ্দেশনা অনুসৰি SDRFৰ জৰিয়তে সাহায্য প্ৰদান কৰা হয়। গুৰুতৰ প্ৰকৃতিৰ দুৰ্যোগৰ ক্ষেত্ৰত নিৰ্ধাৰিত মূল্যায়ন আৰু অনুমোদন প্ৰক্ৰিয়াৰ জৰিয়তে NDRFৰ পৰাও অতিৰিক্ত আৰ্থিক সাহায্য প্ৰদানৰ ব্যৱস্থা আছে। এই প্ৰক্ৰিয়াত আন্তঃমন্ত্ৰালয় কেন্দ্ৰীয় দলৰ (IMCT) মূল্যায়নো অন্তৰ্ভুক্ত থাকে।

পত্ৰখনত স্পষ্ট কৰা হৈছে যে SDRF আৰু NDRFৰ অধীনত প্ৰদান কৰা আৰ্থিক সাহায্য ক্ষয়-ক্ষতিৰ ক্ষতিপূৰণ হিচাপে নহয়।

২০২৬-২৭ বিত্তীয় বৰ্ষত অসমলৈ ৮৪৩ কোটি টকাৰ SDRF আবণ্টন

পত্ৰখনত উল্লেখ কৰা অনুসৰি, ২০২৬-২৭ বিত্তীয় বৰ্ষৰ বাবে অসমক SDRFৰ অধীনত মুঠ ৮৪৩ কোটি টকা আবণ্টন দিয়া হৈছে। ইয়াৰ ভিতৰত কেন্দ্ৰীয় অংশ ৭৫৮.৭০ কোটি টকা আৰু ৰাজ্য চৰকাৰৰ অংশ ৮৪.৩০ কোটি টকা। ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে নিজৰ অংশৰ প্ৰথম কিস্তি হিচাপে ৩৭৯.৩৫ কোটি টকা অসম চৰকাৰক মুকলি কৰি দিছে। ২০২৬ চনত অসমত হোৱা বানপানীৰ পৰিস্থিতি কেন্দ্ৰীয় চৰকাৰে নিৰীক্ষণ কৰি থকাৰ কথাও পত্ৰখনত উল্লেখ কৰা হৈছে। ৰাজ্যখনত উদ্ধাৰ আৰু সাহায্য অভিযানৰ বাবে NDRFৰ মুঠ ৯টা দল নিয়োগ কৰা হৈছে।

গুৱাহাটীৰ নগৰীয়া বান নিয়ন্ত্ৰণৰ বাবে ৩৮০ কোটি টকা

গুৱাহাটীৰ বানৰ সমস্যা হ্ৰাস কৰাৰ বাবেও কেন্দ্ৰীয় চৰকাৰে বৃহৎ পৰিমাণৰ ধন আবণ্টন দিছে। বান বিপদাশংকা ব্যৱস্থাপনা কাৰ্যসূচী (UFRMP)ৰ দ্বিতীয় পৰ্যায়ৰ অধীনত ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন পুঁজি (NDMF)ৰ পৰা গুৱাহাটীৰ বাবে ৩৮০ কোটি টকা আবণ্টন কৰা হৈছে। এই ধনৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰৰ অংশ ২০০ কোটি টকা আৰু ৰাজ্য চৰকাৰৰ অংশ ১৮০ কোটি টকা

উজনি অসমৰ বানপীড়িত জিলাসমূহৰ বাবে বিশেষ সাহায্যৰ দাবী

উজনি অসমৰ বানপীড়িত জিলাসমূহৰ বাবে বিশেষ সাহায্যৰ পেকেজ প্ৰদানৰ সন্দৰ্ভত সাংসদ যোগেন মোহনে উত্থাপন কৰা বিষয়সমূহ সংশ্লিষ্ট মন্ত্ৰালয় আৰু বিভাগসমূহলৈ প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ বাবে প্ৰেৰণ কৰা হৈছে বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। এই বিষয়সমূহৰ ভিতৰত আছে বানত ক্ষতিগ্ৰস্ত বাহন আৰু বাসগৃহ, শিক্ষা, ঋণৰ মাহিলি কিস্তি (EMI) পৰিশোধ, ক্ষুদ্ৰ ব্যৱসায়ী আৰু ক্ষুদ্ৰ-লঘু-মজলীয়া উদ্যোগসমূহক (MSME) আৰ্থিক সাহায্য, স্ব-নিয়োজিত যুৱক-যুৱতীৰ বাবে সহায়, বানপীড়িত পৰিয়ালৰ শিক্ষাৰ্থীৰ বাবে শৈক্ষিক আৰু আৰ্থিক সাহায্য তথা কৃষকৰ শস্য আৰু পশুধনৰ ক্ষতিৰ উপযুক্ত ক্ষতিপূৰণৰ দৰে বিষয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইতিহাস গঢ়িলে শুভমন গিলে, পঞ্চমবাৰৰ বাবে লাভ কৰিলে ICCৰ মাহটোৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান

ভাৰতীয় ক্ৰিকেট দলৰ এদিনীয়া আৰু টেষ্ট অধিনায়ক শুভমন গিলে...

অসমৰ ৩০ শতাংশ শিক্ষাৰ্থীয়ে শ্ৰেণীকোঠাত পাঠ বুজি নাপায়, শিক্ষকৰ পাঠদানক লৈ মন্তব্য শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত সেৱা সংকল্প...