মাজুলীত ৪.৩২ গ্ৰাম হেৰ’ইনসহ আটক ড্ৰাগছ সৰবৰাহকাৰী

মাজুলীত ড্ৰাগছবিৰোধী অভিযানত বৃহৎ সফলতা লাভ কৰিছে অসম আৰক্ষীয়ে। গোপন সূত্ৰৰ পম খেদি চলোৱা অভিযানত অসম আৰক্ষীয়ে ৪.৩২ গ্ৰাম হেৰ’ইনসহ এজন সন্দেহযুক্ত ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে মাজুলী আৰক্ষীয়ে।

জানিব পৰা মতে, আজি গোপন খবৰৰ ভিত্তিত আৰক্ষীয়ে গড়মূৰৰ মহকিনা অঞ্চলৰ এখন হোটেলত অভিযান চলায়। এই অভিযানতে হোটেলখনৰ পৰা সৰবৰাহকাৰীজনক আটক কৰাৰ লগতে তেওঁৰ পৰা ৪.৩২ গ্ৰাম হেৰ’ইন জব্দ কৰে আৰক্ষীয়ে।

আটকাধীন লোকজনৰ ঘৰ বিহপুৰীয়াত বুলি জানিব পৰা গৈছে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে লোকজনক সোধা-পোছা অব্যাহত ৰাখিছে। ড্ৰাগছ সৰবৰাহৰ সৈতে আন কোনো ব্যক্তি জড়িত আছে নেকি, সেই দিশতো তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।

উল্লেখ্য যে, মাজুলীত শেহতীয়াকৈ ড্ৰাগছৰ সৰবৰাহ বৃদ্ধি পোৱাৰ অভিযোগৰ মাজতে নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান অধিক তীব্ৰতৰ কৰিছে আৰক্ষীয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইতিহাস গঢ়িলে শুভমন গিলে, পঞ্চমবাৰৰ বাবে লাভ কৰিলে ICCৰ মাহটোৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান

ভাৰতীয় ক্ৰিকেট দলৰ এদিনীয়া আৰু টেষ্ট অধিনায়ক শুভমন গিলে...

অসমৰ ৩০ শতাংশ শিক্ষাৰ্থীয়ে শ্ৰেণীকোঠাত পাঠ বুজি নাপায়, শিক্ষকৰ পাঠদানক লৈ মন্তব্য শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত সেৱা সংকল্প...