কৰ্কট ৰোগৰ ঔষধৰ বাণিজ্যিক মুনাফাৰ সীমা সৰ্বোচ্চ খুচুৰা মূল্য (MRP)ৰ ৩০ শতাংশত সীমাবদ্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে। উচ্চতম ন্যায়ালয়ক এই কথা অৱগত কৰিছে কেন্দ্ৰই। একে সময়তে ঔষধ উদ্যোগৰ সমগ্ৰ ক্ষেত্ৰখনতে ঔষধৰ মূল্য নিৰ্ধাৰণ ব্যৱস্থাৰ বিস্তৃত পৰ্যালোচনাৰ আহ্বান জনাইছে শীৰ্ষ আদালতে।
কেন্দ্ৰীয় চৰকাৰৰ হৈ আদালতত উপস্থিত হোৱা ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই ন্যায়াধীশ বিক্ৰম নাথ আৰু সন্দীপ মেহতাক লৈ গঠিত বিচাৰপীঠক জনায় যে বাণিজ্যিক মুনাফাৰ সীমা প্ৰযোজ্য হ’বলগীয়া কৰ্কট ৰোগৰ ঔষধসমূহৰ এখন তালিকা কেন্দ্ৰই প্ৰকাশ কৰিব।
কেন্দ্ৰৰ দ্বিতীয় সৰ্বোচ্চ আইন বিষয়াগৰাকীয়ে লগতে জনায় যে বজাৰৰ পৰিৱৰ্তিত পৰিস্থিতি আৰু জনস্বাস্থ্যৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি সময়ৰ লগে লগে এই তালিকাত নতুন ঔষধ অন্তৰ্ভুক্ত কৰা হ’ব পাৰে। অৱশ্যে, কম মূল্যৰ ঔষধসমূহক এই ব্যৱস্থাৰ বাহিৰত ৰখা হ’ব।
উল্লেখ্য যে, ঔষধসমূহ খুচুৰা বিক্ৰেতাক যোগান ধৰা মূল্য আৰু ঔষধৰ পেকেটত ছপা কৰা সৰ্বোচ্চ খুচুৰা মূল্যৰ মাজত থকা বৃহৎ পাৰ্থক্যক লৈ উচ্চতম ন্যায়ালয়ে বাৰে বাৰে প্ৰশ্ন উত্থাপন কৰি আহিছে। ঔষধৰ অত্যধিক মূল্যই ৰোগীসকলৰ ওপৰত পেলোৱা আৰ্থিক বোজা আৰু ইয়াক নিয়ন্ত্ৰণ কৰিবলৈ ফলপ্ৰসূ ব্যৱস্থাৰ প্ৰয়োজনীয়তাক লৈও উদ্বেগ প্ৰকাশ কৰিছে আদালতে।
কিন্তু ন্যায়াধীশ বিক্ৰম নাথৰ নেতৃত্বাধীন বিচাৰপীঠে প্ৰশ্ন কৰে যে প্ৰস্তাৱিত ব্যৱস্থাই কেৱল কৰ্কট ৰোগৰ ঔষধৰ ক্ষেত্ৰতে নহয়, আন ঔষধ আৰু চিকিৎসা সঁজুলিৰ ক্ষেত্ৰতো অত্যধিক বাণিজ্যিক মুনাফাৰ বৃহত্তৰ সমস্যাটো সমাধান কৰিব পাৰিবনে?
শুনানিৰ সময়ত শীৰ্ষ আদালতে ভাৰতত নিৰ্মিত এটা হৃদযন্ত্ৰৰ ষ্টেণ্টৰ উদাহৰণ দাঙি ধৰে। আদালতে উল্লেখ কৰে যে খুচুৰা বিক্ৰেতাক প্ৰায় ৫,০০০ টকাত যোগান ধৰা ষ্টেণ্ট এটাৰ সৰ্বোচ্চ খুচুৰা মূল্য ২৫,০০০ টকা নিৰ্ধাৰণ কৰা থাকে। মূল্যৰ এনে বৃহৎ পাৰ্থক্যৰ যুক্তিযুক্ততাক লৈ প্ৰশ্ন উত্থাপন কৰে আদালতে।
ইয়াৰ উত্তৰত ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই কয় যে হৃদযন্ত্ৰৰ ষ্টেণ্টৰ মূল্য ইতিমধ্যে নিৰ্ধাৰিত সীমাৰ অধীনত আছে। উল্লেখ্য যে, এই গোচৰৰ পৰৱৰ্তী শুনানিৰ দিন অহা ২৭ অক্টোবৰত ধাৰ্য কৰিছে উচ্চতম ন্যায়ালয়ে।
