গুৱাহাটীত চিলনী চোৰৰ সন্ত্ৰাস! কাহিলীপাৰাত মহিলাক প্ৰায় ১০০ মিটাৰ চোঁচৰাই নিলে দুৰ্বৃত্তই, গ্ৰেপ্তাৰ দুই অভিযুক্ত

মহানগৰী গুৱাহাটীত বৃদ্ধি পাইছে চিলনী চোৰৰ সন্ত্ৰাস। ৰাজপথত খোজ কাঢ়ি যোৱা বা বাহনেৰে যাত্ৰা কৰা লোকৰ ডিঙিৰ সোণৰ চেইন, হাতৰ বেগ কাঢ়ি নিয়াৰ লক্ষ্যৰে সক্ৰিয় হৈ আছে দুৰ্বৃত্তৰ দল। তাৰ মাজতে কাহিলীপাৰাত সংঘটিত এক শিহৰণকাৰী ঘটনাৰ দৃশ্য বন্দী হৈছে চিচি টিভি কেমেৰাত। এগৰাকী ৫৫ বছৰীয়া মহিলাৰ হাতৰ বেগ কাঢ়ি নিয়াৰ চেষ্টা চলাই বিফল হোৱাৰ পাছতো তেওঁক প্ৰায় ১০০ মিটাৰ দূৰলৈ চোঁচৰাই নিয়ে দুই দুৰ্বৃত্তই। এই ঘটনাক কেন্দ্ৰ কৰি মহানগৰীত সৃষ্টি হৈছে চাঞ্চল্যৰ।

ঘটনাটো যোৱা ৫ অক্টোবৰত কাহিলীপাৰাত সংঘটিত হৈছিল। প্ৰাপ্ত তথ্য অনুসৰি, সন্ধিয়া প্ৰায় ৫.৪৫ বজাত মামণি ভৰালী নামৰ ৫৫ বছৰীয়া মহিলাগৰাকীক লক্ষ্য কৰি স্কুটীৰে অহা দুই যুৱকে তেওঁৰ হাতৰ বেগটো কাঢ়ি নিয়াৰ চেষ্টা চলায়। কিন্তু বেগটো কাঢ়ি নিবলৈ সক্ষম নহ’লেও মহিলাগৰাকীক বহু দূৰলৈ চোঁচৰাই নিয়ে দুৰ্বৃত্তই।

এই ঘটনাত মহিলাগৰাকীৰ শৰীৰৰ বিভিন্ন অংশত আঘাত পায়। ৰাজপথত সংঘটিত এই ভয়ংকৰ ঘটনাৰ দৃশ্য চিচি টিভি কেমেৰাত বন্দী হয়। ঘটনাৰ পাছতে মহিলাগৰাকীৰ তৰফৰ পৰা কাহিলীপাৰা আৰক্ষী থানাত এজাহাৰ দাখিল কৰা হয়।

ঘটনাৰ তদন্ত চলাই অৱশেষত ১০ অক্টোবৰত আৰক্ষীয়ে এই ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত দুই যুৱকক গ্ৰেপ্তাৰ কৰে। ধৃত যুৱক দুজন হৈছে টংলাৰ প্ৰশান্ত বড়ো আৰু শুৱালকুছিৰ ৰাহুল দাস।

আৰক্ষীয়ে তেওঁলোকৰ পৰা AS01-BL-1452 নম্বৰৰ এখন স্কুটী আৰু এটা মোবাইল ফোন জব্দ কৰিছে। এই স্কুটীখন ব্যৱহাৰ কৰিয়েই দুয়োজনে অপৰাধ সংঘটিত কৰিছিল নেকি, সেই সন্দৰ্ভত তদন্তৰ বিভিন্ন দিশ পৰীক্ষা কৰা হৈছে।

আৰক্ষীৰ সূত্ৰ অনুসৰি, ধৃত প্ৰশান্ত বড়ো আৰু ৰাহুল দাস পূৰ্বৰ কেইবাটাও চেইন কাঢ়ি নিয়াৰ ঘটনাৰ সৈতেও জড়িত থকাৰ অভিযোগ উত্থাপিত হৈছে। জালুকবাৰী, উলুবাৰী, শুৱালকুছি আৰু শিঙিমাৰী অঞ্চলতো একেধৰণৰ ঘটনা সংঘটিত কৰাৰ অভিযোগ আছে দুয়োৰে বিৰুদ্ধে।

এই ঘটনাসমূহৰ সৈতে দুয়োৰে সম্পৰ্ক আৰু আন কোনো লোক জড়িত আছে নেকি, সেই সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে।

দুৰ্গাপূজাৰ সময়ত বজাৰ, পূজাস্থলী আৰু মহানগৰীৰ বিভিন্ন পথত মানুহৰ সমাগম বৃদ্ধি পোৱাৰ সুযোগ লৈ চিলনী চোৰে অপৰাধ সংঘটিত কৰাৰ আশংকা থাকে। সেয়ে ৰাজপথত খোজ কাঢ়ি যোৱাৰ সময়ত বিশেষ সাৱধানতা অৱলম্বন কৰাটো জৰুৰী।

বিশেষকৈ হাতৰ বেগ আৰু মূল্যৱান সামগ্ৰী সুৰক্ষিতভাৱে ৰখাৰ লগতে বাইক বা স্কুটীত অহা সন্দেহজনক লোকৰ পৰা সাৱধান হৈ থাকিবলৈ আহ্বান জনোৱা হৈছে।

কাহিলীপাৰাৰ এই ঘটনাই পুনৰবাৰ মহানগৰীৰ ৰাজপথত মহিলাৰ নিৰাপত্তাক লৈ প্ৰশ্ন উত্থাপন কৰিছে। উৎসৱৰ বতৰত এনে অপৰাধ ৰোধ কৰিবলৈ আৰক্ষীৰ তৎপৰতা বৃদ্ধিৰ লগতে জনসাধাৰণকো সজাগ হৈ থকাৰ প্ৰয়োজনীয়তা আহি পৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

হিমাশ্ৰী বড়োৰ পৰিয়ালৰ কাষত মুখ্যমন্ত্ৰী; ন্যায়ৰ স্বাৰ্থত অন্ধ্ৰপ্ৰদেশলৈ আৰক্ষী বিষয়া প্ৰেৰণ

হিমাশ্ৰী বড়োৰ মৃত্যুৰ ঘটনাক কেন্দ্ৰ কৰি ৰাজ্যজুৰি প্ৰতিক্ৰিয়া অব্যাহত...