‘গোটেই নাওখনৰে তলি ফুটা, কাইলৈ আমাৰ প্ৰাণৰ প্ৰতিও সংশয় আহিব পাৰে…’ ; জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত সোণাপুৰত প্ৰতিবাদ, মূল অভিযুক্তৰ জামিনক লৈ ক্ষোভ উজাৰিলে গৰিমা শইকীয়া গাৰ্গে

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাত ন্যায়ৰ দাবীত পুনৰ উত্তাল হৈ পৰিছে অসম। সোণাপুৰৰ জুবিন ক্ষেত্ৰত আজি জুবিন গাৰ্গ ফেন ক্লাবৰ উদ্যোগত গ্ৰহণ কৰা হৈছে বিক্ষোভ কাৰ্যসূচী। এই প্ৰতিবাদী কাৰ্যসূচীৰ প্ৰতি পূৰ্ণ সমৰ্থন আগবঢ়াইছে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গেও। তেওঁ নিজেও এই বিক্ষোভত অংশগ্ৰহণ কৰি জুবিনৰ মৃত্যুৰ ঘটনাৰ তদন্ত, অভিযুক্তৰ জামিন আৰু প্ৰমাণ নষ্ট কৰাৰ অভিযোগক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি জুবিন ক্ষেত্ৰত মোতায়েন কৰা হৈছে বৃহৎ সংখ্যক নিৰাপত্তাৰক্ষী।

জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাত ন্যায় লাভৰ আশা বুকুত বান্ধি ৰখা পৰিয়ালটোৰ মাজত শেহতীয়া ঘটনাক্ৰমে সৃষ্টি কৰিছে গভীৰ উদ্বেগ আৰু আস্থাৰ সংকট। বিশেষকৈ মূল অভিযুক্তৰ জামিন লাভৰ বিষয়টোক লৈ প্ৰশ্ন উত্থাপন কৰি গৰিমা শইকীয়া গাৰ্গে কয় যে এখন শক্তিশালী চাৰ্জশ্বীট দাখিল কৰা হৈছে বুলি কোৱাৰ পাছতো কেনেকৈ অভিযুক্তই জামিন লাভ কৰিবলৈ সক্ষম হ’ল, সেয়া তেওঁলোকৰ বাবে বুজিব নোৱাৰা বিষয় হৈ পৰিছে।

গৰিমাৰ স্পষ্ট মন্তব্য, ‘নাওৰ তলি ফুটা এতিয়া। ন্যায় ব্যৱস্থাৰ ওপৰত আস্থা ৰাখি আমি সদায় শান্তিপূৰ্ণভাৱে চলি আহিছিলোঁ। কিন্তু জুবিন গাৰ্গৰ মৃত্যুৰ লগত জড়িত মূল অভিযুক্তই কেনেকৈ জামিন লাভ কৰিবলৈ সক্ষম হ’ল?’

তেওঁৰ মতে, মুখ্যমন্ত্ৰীয়ে বিধানসভাত জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা কেনেকৈ সংঘটিত হৈছিল, সেই সন্দৰ্ভত বক্তব্য দিছিল। চৰকাৰৰ হাতত যথেষ্ট প্ৰমাণ থকা বুলি তেওঁলোকে আশা কৰিছিল। আনকি পানী নসৰকা এখন শক্তিশালী চাৰ্জশ্বীট দাখিল কৰা হ’ব বুলিও কোৱা হৈছিল। কিন্তু ইমান শক্তিশালী চাৰ্জশ্বীট থকাৰ পাছতো মূল অভিযুক্তই কেনেকৈ জামিন লাভ কৰিবলৈ সক্ষম হ’ল, সেই প্ৰশ্নই এতিয়া তেওঁলোকক চিন্তিত কৰি তুলিছে।

‘আমি ভাবিছিলোঁ চৰকাৰৰ হাতত জুবিনৰ মৃত্যুৰ ঘটনাৰ যথেষ্ট প্ৰমাণ আছে। মুখ্যমন্ত্ৰীয়ে নিজেই সদনত কৈছিল জুবিনক কিয় আৰু কেনেকৈ হত্যা কৰা হৈছিল। আমি ভাবিছিলোঁ, মুখ্যমন্ত্ৰীৰ হাতত যথেষ্ট প্ৰমাণ আছে। পানী নসৰকা চাৰ্জশ্বীট দিয়াৰ কথা কোৱা হৈছিল। তেন্তে ইমান শক্তিশালী চাৰ্জশ্বীটৰ পাছতো কেনেকৈ মূল অভিযুক্তই জামিন পালে? ইমান এখন শক্তিশালী চাৰ্জশ্বীটত সুৰুঙা থাকিল ক’ত?’—এইদৰে প্ৰশ্ন কৰে গৰিমা শইকীয়া গাৰ্গে।

জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ সময়ত নাওত থকা অৱস্থাত অমৃতপ্ৰভা মহন্তই কেইবাটাও ভিডিঅ’ ৰেকৰ্ডিং কৰিছিল বুলি উল্লেখ কৰি গৰিমাই সেই ভিডিঅ’সমূহ পিছত মচি পেলোৱা আৰু প্ৰমাণ নষ্ট কৰাৰ চেষ্টা কৰা বুলি অভিযোগ উত্থাপন কৰে। সামাজিক মাধ্যমত নথি-পত্ৰৰ বিসংগতি সন্দৰ্ভত বিভিন্ন তথ্য প্ৰকাশ পোৱাৰ কথাও তেওঁ উল্লেখ কৰে।

গৰিমাৰ প্ৰশ্ন, এনে অভিযোগ আৰু প্ৰমাণ সম্পৰ্কীয় বিষয় উত্থাপিত হোৱাৰ পাছতো অমৃতপ্ৰভা মহন্তই কেনেকৈ জামিন লাভ কৰিবলৈ সক্ষম হ’ল?

তেওঁ কয়, ‘য়টত থকা অৱস্থাত অমৃতপ্ৰভাই কেইবাটাও ভিডিঅ’ ৰেকৰ্ড কৰিছিল। পিছত সেই ভিডিঅ’ৰ প্ৰমাণ নষ্ট কৰিবলৈও চেষ্টা কৰা হৈছিল। নথি-পত্ৰৰ বিসংগতি আমি দেখিছোঁ, সামাজিক মাধ্যমতো এইবোৰ প্ৰকাশ পাইছে। তেনে অৱস্থাত অমৃতপ্ৰভাই কেনেকৈ জামিন পালে?’

শ্যামকানু মহন্তৰ বিৰুদ্ধেও কাৰাগাৰৰ ভিতৰৰ পৰাই মূল নথি-পত্ৰৰ প্ৰমাণ নষ্ট কৰাৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপন কৰে গৰিমা শইকীয়া গাৰ্গে। তেওঁৰ মতে, অভিযুক্তই কাৰাগাৰৰ ভিতৰত থাকিও যদি এনে কাম কৰাৰ সাহস কৰে, তেন্তে জামিনত মুক্তি লাভ কৰাৰ পাছত কি কৰিব পাৰে, তাক লৈ তেওঁলোকৰ উদ্বেগ বৃদ্ধি পোৱাটো স্বাভাৱিক।

গৰিমাই কয়, ‘শ্যামকানু মহন্তই কাৰাগাৰৰ ভিতৰৰ পৰাও মূল নথি-পত্ৰৰ প্ৰমাণ নষ্ট কৰিবলৈ চেষ্টা কৰি আছে। অভিযুক্তই জেলৰ ভিতৰত থাকি যদি এনে কাম কৰিবলৈ সাহস পায়, তেন্তে বাহিৰলৈ ওলাই আহি আৰু কি কি কৰিব পাৰে? এনেদৰে যদি অভিযুক্তসকলে জামিন লাভ কৰি বাহিৰলৈ ওলাই আহে, তেন্তে প্ৰকৃত গোচৰটোৰেই ক্ষতি হ’ব।’ এই ঘটনাক্ৰমে তেওঁলোকৰ ন্যায় ব্যৱস্থাৰ ওপৰত থকা আস্থাত আঘাত হানিছে বুলিও মন্তব্য কৰে গৰিমাই।

জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ তদন্তৰ বাবে IG পৰ্যায়ৰ বিষয়াক দায়িত্ব দিয়া হৈছিল বুলি উল্লেখ কৰি গৰিমা শইকীয়া গাৰ্গে সেই তদন্তৰ অগ্ৰগতি সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰে। তদন্তত কি তথ্য পোহৰলৈ আহিল, সেই বিষয়ে আজিলৈকে তেওঁলোকে স্পষ্টকৈ একো জানিবলৈ পোৱা নাই বুলি অভিযোগ কৰে।

তেওঁৰ ভাষ্য, ‘IG পৰ্যায়ৰ বিষয়াক তদন্ত কৰিবলৈ দিয়া হৈছিল। কিন্তু সেই তদন্তত কি ওলাল, সেই বিষয়ে আমি আজিলৈকে একো নাজানিলোঁ। এই সন্দৰ্ভত অসমবাসীয়ে জানিব বিচাৰে। তদন্তৰ ফলাফল কি হ’ল, সেয়া ৰাজহুৱা হ’ব লাগে।’

আইন-কানুনৰ সকলো দিশ তেওঁলোকৰ জ্ঞাত নহ’লেও গোচৰটোৰ তদন্ত যাতে সঠিক দিশত আগবাঢ়ে আৰু দোষীয়ে যাতে কোনো কাৰণতে ৰেহাই নাপায়, সেয়াই তেওঁলোকৰ মূল দাবী বুলি স্পষ্ট কৰে গৰিমাই। ‘জুবিনে ন্যায় নাপালে সাধাৰণ জনতাৰ আস্থা ক’ত থাকিব?’

জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাত ন্যায় লাভৰ বিষয়টোক কেৱল এটা পৰিয়ালৰ সমস্যা হিচাপে নহয়, সমগ্ৰ অসমৰ ৰাইজৰ আস্থাৰ প্ৰশ্ন হিচাপে অভিহিত কৰে গৰিমা শইকীয়া গাৰ্গে।

তেওঁৰ প্ৰশ্ন, জুবিন গাৰ্গৰ দৰে এগৰাকী জনপ্ৰিয় শিল্পীয়ে যদি ন্যায় লাভ নকৰে, তেন্তে সাধাৰণ মানুহে ন্যায় ব্যৱস্থাৰ ওপৰত কেনেকৈ আস্থা ৰাখিব?

‘আমি সকলোৱে আজি আস্থাহীনতাত ভুগিছোঁ। আমি ভাবিছিলোঁ সকলোবোৰ সঠিক দিশত আগবাঢ়িব। কিন্তু মূল অভিযুক্তৰ বিৰুদ্ধে ১০৩ ধাৰা প্ৰযোজ্য হোৱা বুলি কোৱা হৈছে, তেনে অভিযুক্তই জামিন লাভ কৰিবলৈ কেনেকৈ সুৰুঙা পালে? এখন শক্তিশালী চাৰ্জশ্বীট থকাৰ পাছতো ক’ত সুৰুঙা থাকিল? আইন-কানুনৰ কথা আমি নাজানোঁ। আমি মাত্ৰ বিচাৰোঁ, সকলোবোৰ সঠিক দিশত হওক।’

তেওঁ আৰু কয়, ‘জুবিন গাৰ্গৰ দৰে এটা সত্তাই যদি ন্যায় নাপায়, তেন্তে সাধাৰণ জনতাৰ কি আস্থা থাকিব? অসমত হত্যা, অপৰাধ আৰু লুণ্ঠন যদি এনেদৰে চলি থাকে, তেন্তে এইবোৰ সাধাৰণ কথা হৈ পৰিব নেকি? এয়া কেৱল মোৰ প্ৰশ্ন নহয়, সমগ্ৰ অসমবাসীৰ প্ৰশ্ন।’

জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ সৈতে জড়িত অভিযুক্তসকলে জামিন লাভ কৰি কাৰাগাৰৰ পৰা ওলাই আহিলে পৰিয়ালটোৰ নিৰাপত্তাক লৈও আশংকা প্ৰকাশ কৰে গৰিমা শইকীয়া গাৰ্গে। বৰ্তমান ৰাইজৰ সমৰ্থন আৰু সাহসৰ মাজতে তেওঁলোকে মানসিক শক্তি লাভ কৰি থকা বুলি উল্লেখ কৰে।

গৰিমাৰ ভাষ্য, ‘এতিয়া ৰাইজৰ মাজত আছোঁ কাৰণে অলপ সাহস পাই আছোঁ। কিন্তু এই মানুহখিনি জামিনত বাহিৰলৈ ওলাই আহিলে কি ষড়যন্ত্ৰ কৰে, সেয়া ক’ব নোৱাৰি। জুবিনৰ লগতে যদি এনেকুৱা কৰিব পাৰিছে, তেন্তে কাইলৈ আমাৰ প্ৰাণৰ প্ৰতিও সংশয় আহিব পাৰে। আমাৰ পৰিয়ালটো এতিয়া মাত্ৰ পামি আৰু মই—আমি দুয়োজনীয়েই পৰিয়ালটো ধৰি ৰাখিছোঁ। ৰাইজৰ পৰা সাহস আৰু শক্তি লৈ আছোঁ।’

ইফালে, জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত গ্ৰহণ কৰা প্ৰতিবাদী কাৰ্যসূচীক কোনো কাৰণতে ৰাজনৈতিক ৰূপ দিব নালাগে বুলি সকলো পক্ষলৈ আহ্বান জনায় গৰিমা শইকীয়া গাৰ্গে। তেওঁ স্পষ্ট কৰি দিয়ে যে তেওঁলোকৰ উদ্দেশ্য কোনো ৰাজনৈতিক দল বা পক্ষৰ বিৰুদ্ধে প্ৰতিবাদ কৰা নহয়। তেওঁলোকে বিচাৰে এক শান্তিপূৰ্ণ পৰিৱেশত জুবিনৰ মৃত্যুৰ ঘটনাৰ ন্যায়সংগত বিচাৰ।

তেওঁ কয়, ‘আমি কোনো ধৰণৰ ৰাজনীতিকৰণ বিচৰা নাই। কোনেও যাতে এই বিষয়টোক ৰাজনৈতিক দিশ দিবলৈ চেষ্টা নকৰে। আমি শান্তিপূৰ্ণভাৱে বহিব বিচাৰিছোঁ। কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হোৱাটো নিবিচাৰোঁ। আমি কাকো হুংকাৰ দিবলৈ অহা নাই। আমাক মাত্ৰ ন্যায় লাগে। অভিযুক্ত আৰু দোষীয়ে যাতে ৰেহাই নাপায়, সেয়াই আমাৰ দাবী।’

জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ ন্যায়ৰ দাবীত সোণাপুৰৰ জুবিন ক্ষেত্ৰত অনুষ্ঠিত এই বিক্ষোভ কাৰ্যসূচীয়ে পুনৰবাৰ বিষয়টোক কেন্দ্ৰ কৰি জনসাধাৰণৰ মাজত সৃষ্টি হোৱা উদ্বেগ আৰু প্ৰশ্নসমূহ চৰ্চালৈ আনিছে। এতিয়া তদন্তৰ অগ্ৰগতি, অভিযুক্তৰ জামিন আৰু উত্থাপিত অভিযোগসমূহৰ সন্দৰ্ভত সংশ্লিষ্ট কৰ্তৃপক্ষৰ স্পষ্টীকৰণৰ দিশে দৃষ্টি নিবদ্ধ হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আফ্ৰিকাৰ জিবুতিৰ উপকূলত ভয়ংকৰ নাও দুৰ্ঘটনা; নতুন জীৱনৰ সন্ধানত গৈ সলিল সমাধি ১৫ শিশুসহ ১৩৯ প্ৰব্ৰজনকাৰীৰ

ৰাষ্ট্ৰসংঘৰ প্ৰব্ৰজন সংস্থাই জনোৱা তথ্য অনুসৰি, জিবুতিৰ উপকূলত এখন...

হৰমুজ প্ৰণালী আৰু ওমানৰ উপকূলৰ সমীপত টেংকাৰত আক্ৰমণ; সন্ধানহীন দুই ভাৰতীয় নাৱিক

১১ অক্টোবৰত হৰমুজ প্ৰণালী অঞ্চল আৰু ওমানৰ উপকূলৰ ওচৰত...