কামাখ্যা ৰে’ল ষ্টেচনত মাতৃ সন্ধানহীন, NKTVৰ কাৰ্যালয়ত কান্দি কান্দি ভাগৰি পৰিল ১৭ বছৰীয়া কিশোৰ

কাম বিচাৰি মাতৃ আৰু ভগ্নীৰ সৈতে গুৱাহাটীলৈ আহিছিল ১৭ বছৰীয়া কিশোৰজন। কিন্তু মহানগৰীত উপস্থিত হোৱাৰ পাছতে পৰিয়ালটোৰ জীৱনলৈ নামি আহিল অনাকাংক্ষিত বিপৰ্যয়। কামাখ্যা ৰে’লৱে ষ্টেচনৰ পৰা সন্ধানহীন হ’ল মাতৃ ৰুমী বসুমতাৰী। ইফালে, মাতৃক বিচাৰি দুদিন ধৰি হাবাথুৰি খাই ফুৰিছে দুই সন্তান। ভোকত পেটৰ জুই নিৰ্বাপিত কৰিবলৈ হাতত ধন নথকা কিশোৰজনে পানী খাই পাৰ কৰিছে সময়। অৱশেষত NKTVৰ কাৰ্যালয়ত উপস্থিত হৈ কান্দি কান্দি ভাগৰি পৰে অসহায় কিশোৰজন।

প্ৰাপ্ত তথ্য অনুসৰি, টংলাৰ এটা পৰিয়ালৰ মাতৃ ৰুমী বসুমতাৰী, ১৭ বছৰীয়া পুত্ৰ আৰু কন্যাই যোৱা ৫ অক্টোবৰত গুৱাহাটীলৈ আহিছিল। পৰিয়ালটোৱে কৰ্মসংস্থাপনৰ সন্ধানত প্ৰথমে কাশ্মীৰলৈ গৈছিল। কিন্তু কাশ্মীৰত থাকি ভাল নলগাত পুনৰ উভতি আহে। তাৰ পাছতে গুৱাহাটীলৈ আহিছিল মাতৃ আৰু দুই সন্তান।

কিন্তু কামাখ্যা ৰে’লৱে ষ্টেচনত উপস্থিত হোৱাৰ পাছতে সন্ধানহীন হৈ পৰে মাতৃ ৰুমী বসুমতাৰী। মাতৃৰ কোনো সন্ধান নোপোৱাত দুয়োটা সন্তানে মহানগৰীৰ বিভিন্ন স্থানত বিচাৰ-খোচাৰ কৰে। দুদিন ধৰি মাতৃক বিচাৰি হাবাথুৰি খাই ফুৰিলেও কোনো সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই তেওঁলোকে।

ইফালে, হাতত ধন নথকাৰ বাবে খাদ্য ক্ৰয় কৰাটোও অসম্ভৱ হৈ পৰিছে কিশোৰজনৰ বাবে। দুদিন ধৰি ৰাজপথতে শুই সময় পাৰ কৰা কিশোৰজনে ভোক নিবাৰণৰ বাবে পানী খাই থাকিবলগীয়া হৈছে। অচিনাকি মহানগৰীত মাতৃৰ সন্ধান নাপাই দিশহাৰা হৈ পৰিছে কিশোৰজন।

ইয়াৰ মাজতে ৰাজপথত ঘূৰি ফুৰি থকা অৱস্থাত আৰক্ষীয়ে কিশোৰজন আৰু তেওঁৰ ভগ্নীক উদ্ধাৰ কৰি লৈ যায়। পাছত দুয়োকে শিশু সুৰক্ষা কমিটীৰ হাতত গতাই দিয়ে। সম্প্ৰতি কিশোৰজনৰ ভগ্নী শিশু সুৰক্ষা কমিটীৰ তত্ত্বাৱধানত আছে।

আনহাতে, মাতৃৰ সন্ধান নাপাই মানসিকভাৱে ভাগি পৰা কিশোৰজন অৱশেষত উপস্থিত হয় NKTVৰ কাৰ্যালয়ত। কান্দি কান্দি ভাগৰি পৰা কিশোৰজনৰ এটাই আকুল আহ্বান—তেওঁৰ সন্ধানহীন মাতৃক বিচাৰি উলিওৱাত কোনোবাই সহায় কৰক।

এফালে সন্ধানহীন মাতৃ, আনফালে খাদ্য আৰু আশ্ৰয়ৰ অভাৱ—এই দুয়োটা সংকটে এতিয়া বিপৰ্যস্ত কৰি তুলিছে কিশোৰজনৰ জীৱন। মাতৃ ৰুমী বসুমতাৰীৰ সন্ধান উলিওৱাৰ লগতে অসহায় দুই সন্তানৰ সুৰক্ষা আৰু পুনৰ সংস্থাপনৰ বাবে সংশ্লিষ্ট কৰ্তৃপক্ষৰ তৎপৰতা অত্যন্ত জৰুৰী হৈ পৰিছে।

মাতৃ ৰুমী বসুমতাৰীৰ সন্ধান পালে সংশ্লিষ্ট আৰক্ষী প্ৰশাসনক অৱগত কৰিবলৈ আহ্বান জনোৱা হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

হিমাশ্ৰী বড়োৰ পৰিয়ালৰ কাষত মুখ্যমন্ত্ৰী; ন্যায়ৰ স্বাৰ্থত অন্ধ্ৰপ্ৰদেশলৈ আৰক্ষী বিষয়া প্ৰেৰণ

হিমাশ্ৰী বড়োৰ মৃত্যুৰ ঘটনাক কেন্দ্ৰ কৰি ৰাজ্যজুৰি প্ৰতিক্ৰিয়া অব্যাহত...

আফ্ৰিকাৰ জিবুতিৰ উপকূলত ভয়ংকৰ নাও দুৰ্ঘটনা; নতুন জীৱনৰ সন্ধানত গৈ সলিল সমাধি ১৫ শিশুসহ ১৩৯ প্ৰব্ৰজনকাৰীৰ

ৰাষ্ট্ৰসংঘৰ প্ৰব্ৰজন সংস্থাই জনোৱা তথ্য অনুসৰি, জিবুতিৰ উপকূলত এখন...