দিল্লী আৰক্ষীৰ হাতত আটক মমতা বেনাৰ্জী, প্ৰিজন ভেনত বহি গালে ‘জাগো দুৰ্গা’

দিল্লীত আটক কৰা হ’ল পশ্চিম বংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা তৃণমূল কংগ্ৰেছৰ নেত্ৰী মমতা বেনাৰ্জীক। ভোট চুৰিৰ অভিযোগ উত্থাপন কৰি আজি দিল্লীৰ ছাউথ এভিনিউত নিজৰ বাসগৃহৰ সন্মুখত ধৰ্ণাত বহিছিল মমতা বেনাৰ্জী আৰু তেওঁৰ দলৰ নেতাসকল। তাৰ পাছতে দিল্লী আৰক্ষীয়ে তেওঁক আটক কৰে। আটক হোৱাৰ পাছত প্ৰিজন ভেনত বহিয়েই ‘জাগো দুৰ্গা’ গীত গোৱা দেখা যায় মমতা বেনাৰ্জীক। ইয়াৰ উপৰি তেওঁ ‘সাৰে জাঁহা সে আচ্ছা’ আৰু ‘অ্যায় মেৰে ৱতন কে লোগো’ গীত দুটিও গায়।

মমতা বেনাৰ্জীৰ সৈতে তৃণমূল কংগ্ৰেছৰ সাংসদ দোলা সেন, ডেৰেক অ’ব্ৰায়েন, সামিৰুল ইছলাম আৰু প্ৰতিমা মণ্ডলকো আটক কৰা হয়। নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত দিল্লীত প্ৰতিবাদ তীব্ৰ হৈ পৰাৰ সময়তে এই ঘটনা সংঘটিত হয়।

প্ৰাপ্ত তথ্য অনুসৰি, ছাউথ এভিনিউত মমতা বেনাৰ্জীয়ে নিজৰ বাসগৃহৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিছিল। সেই সময়ত দিল্লী আৰক্ষীয়ে ভাৰতীয় ন্যায় সংহিতাৰ ১৬৩ নং ধাৰাৰ অধীনত বৰ্তমান দিল্লীত ধৰ্ণা-অৱস্থান বা পাঁচজনতকৈ অধিক লোকৰ সমাগমৰ অনুমতি দিয়া নাছিল।

আৰক্ষীয়ে ধৰ্ণা প্ৰত্যাহাৰ কৰিবলৈ কোৱাৰ পাছতো মমতা বেনাৰ্জীয়ে সেয়া মানি লোৱা নাছিল বুলি সূত্ৰৰ খবৰ। ইয়াৰ পাছতে দিল্লী আৰক্ষীৰ এটা দলে তেওঁক প্ৰিজন ভেনত তুলি লৈ যায়। অৱশ্যে, তেওঁক ক’লৈ লৈ যোৱা হৈছে, সেই কথা স্পষ্ট হোৱা নাই।

উল্লেখযোগ্য যে শনিবাৰে দিল্লীত আৰক্ষীয়ে দুগৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰীক আটক কৰে। মমতা বেনাৰ্জীৰ লগতে কেৰালাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী পিনাৰায়ী বিজয়নকো আটক কৰা হয় বুলি জানিব পৰা গৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ISLৰ নতুন ছিজনৰ বাবে সাজু নৰ্থইষ্ট ইউনাইটেড

আজিৰে পৰা আৰম্ভ হৈছে ভাৰতীয় ফুটবলৰ অন্যতম শীৰ্ষ প্ৰতিযোগিতা...

মণিপুৰৰ কামজঙত পুনৰ হিংসাত্মক ঘটনা; গুলীত প্ৰাণ গ’ল ৫ সন্তানৰ মাতৃৰ, জ্বলাই দিলে কেইবাটাও ঘৰ

মণিপুৰৰ সংঘাতজৰ্জৰিত পৰিস্থিতিৰ মাজতে কামজং জিলাত পুনৰ হিংসাত্মক ঘটনা।...