মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে দিল্লীৰ যন্তৰ-মন্তৰত প্ৰস্তাৱিত প্ৰতিবাদৰ পূৰ্বে CJPৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকেক বিমানৰ পৰাই আটক কৰে দিল্লী আৰক্ষীয়ে। আজি দিল্লী বিমানবন্দৰত বিমান অৱতৰণ কৰাৰ পিছতে অভিজিৎ দীপকেৰ লগতে দলটোৰ আন দুই নেতা সৌৰভ দাস আৰু আশুতোষ ৰাংকাকো আটক কৰা হয়। আটক কৰাৰ পিছত তিনিওগৰাকী নেতাক তিনিটা পৃথক স্থানলৈ লৈ যোৱা হৈছে বুলি সংবাদ প্ৰতিবেদনত প্ৰকাশ পাইছে।
বিমানৰ ভিতৰত সংঘটিত ঘটনাৰ এটা ভিডিঅ’ ইতিমধ্যে পোহৰলৈ আহিছে। ভিডিঅ’টোত ৩০ বছৰীয়া অভিজিৎ দীপকেক মহিলা আৰক্ষীয়ে আটক কৰা দেখা গৈছে। মুম্বাইৰ পৰা অহা বিমানখনত আৰক্ষীক উদ্দেশ্যি তেওঁ কোৱা শুনা যায়, ‘মই ইয়ালৈ গ্ৰেপ্তাৰ হ’বলৈ আহিছোঁ। মোক গ্ৰেপ্তাৰ কৰক। মই আপোনালোকক ভয় নকৰোঁ।’
ইয়াৰ প্ৰত্যুত্তৰত এগৰাকী আৰক্ষী বিষয়াই কয়, ‘নহয়, এয়া গ্ৰেপ্তাৰ নহয়। ছাৰ, অনুগ্ৰহ কৰি সহযোগ কৰক।’ ইয়াৰ পিছতে অভিজিৎ দীপকে নিজৰ বেগটো লগত লৈ যাবলৈ অনুমতি বিচাৰে।
প্ৰতিবেদন অনুসৰি, অভিজিৎ দীপকেক গুৰুগ্ৰামৰ এটা আটক কেন্দ্ৰলৈ নিয়া হৈছে। আনহাতে, সৌৰভ দাস আৰু আশুতোষ ৰাংকাক দিল্লীৰ পৃথক স্থানলৈ লৈ যোৱা হৈছে।
ধ্ৰুৱ ৰাঠী আৰু CJPৰ আইনী কোষৰ মুৰব্বীও আটক
CJPৰ নেতাসকলৰ সৈতে প্ৰতিবাদত অংশগ্ৰহণ কৰিবলৈ জাৰ্মানীৰ পৰা ভাৰতলৈ অহা জনপ্ৰিয় ইউটিউবাৰ ধ্ৰুৱ ৰাঠীকো শনিবাৰে পুৱা আটক কৰা হয়। ৩২ বছৰীয়া ৰাঠীক গুৰুগ্ৰামৰ ছেক্টৰ-৫৬ত থকা তেওঁৰ বাসগৃহৰ পৰা আটক কৰা বুলি প্ৰতিবেদনত প্ৰকাশ পাইছে। সূত্ৰৰ দাবী অনুসৰি, তেওঁক আটক কৰিবলৈ দিল্লী আৰক্ষীৰ প্ৰায় ৫০জনীয়া এটা দল উপস্থিত হৈছিল।
ইফালে, CJPৰ আইনী কোষৰ মুৰব্বী ৰত্না সিঙেও এটা ভিডিঅ’ প্ৰকাশ কৰি প্ৰতিবাদৰ পূৰ্বে তেওঁক আটক কৰা বুলি দাবী কৰে। তেওঁৰ অভিযোগ অনুসৰি, পুৱা দিল্লী আৰক্ষীৰ লোক তেওঁৰ বাসগৃহত উপস্থিত হৈ তেওঁক বাহিৰলৈ ওলাই নাযাবলৈ কয়। পিছত তেওঁ নিজৰ গাড়ীত বহাৰ সময়ত আৰক্ষীয়ে গাড়ীখন ঘেৰি ধৰে। অৱশ্যে, তেওঁক যাবলৈ অনুমতি দিয়া হয় বুলি ৰত্না সিঙে ভিডিঅ’টোত দাবী কৰে।
তেওঁ কয়, ‘আৰক্ষীয়ে মোক আটক কৰাৰ কোনো কাৰণ জনোৱা নাছিল।’
প্ৰতিবাদৰ পূৰ্বে ৪০০ৰো অধিক লোক আটক
CJPৰ প্ৰতিবাদৰ পূৰ্বে ৪০০ৰো অধিক লোকক আটক কৰা হৈছে বুলি প্ৰতিবেদনত প্ৰকাশ পাইছে। আইন-শৃংখলা বজাই ৰখাৰ বাবে কেন্দ্ৰীয় চৰকাৰে আৰক্ষী আৰু কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ ২০,০০০ৰো অধিক জোৱান নিয়োগ কৰিছে।
প্ৰতিবেদন অনুসৰি, আৰক্ষীয়ে যন্তৰ-মন্তৰত প্ৰতিবাদৰ অনুমতি প্ৰদান কৰা নাছিল। নিৰ্ধাৰিত সময়তকৈ পলমকৈ আবেদন দাখিল কৰা আৰু পূৰ্বৰ এটা প্ৰতিবাদৰ সময়ত নিয়ম উলংঘা কৰাৰ অভিযোগক অনুমতি নাকচ কৰাৰ কাৰণ হিচাপে উল্লেখ কৰিছে আৰক্ষীয়ে।
আৰক্ষীৰ মতে, প্ৰতিবাদৰ অনুমতি বিচাৰি আবেদনখন ৭ অক্টোবৰত লাভ কৰা হৈছিল, অৰ্থাৎ প্ৰস্তাৱিত প্ৰতিবাদৰ মাত্ৰ তিনিদিন পূৰ্বে। কিন্তু নিয়ম অনুসৰি, এনে আবেদন কমেও ১০ দিন পূৰ্বে দাখিল কৰিব লাগে।
৪৫টা মেট্ৰ’ ষ্টেচনৰ প্ৰৱেশ-প্ৰস্থান বন্ধ, বাতিল শ শ ৰে’ল
প্ৰতিবাদক কেন্দ্ৰ কৰি দিল্লীত নিৰাপত্তা ব্যৱস্থা অধিক কঠোৰ কৰা হৈছে। ৰাজীৱ চক, নতুন দিল্লী, চেণ্ট্ৰেল ছেক্ৰেটেৰিয়েট, পেটেল চক আৰু কাশ্মীৰী গেটকে ধৰি দিল্লী মেট্ৰ’ৰ ৪৫টা ষ্টেচনৰ প্ৰৱেশ আৰু প্ৰস্থানৰ দুৱাৰ বন্ধ ৰখাৰ ব্যৱস্থা কৰা হৈছে।
ইয়াৰ উপৰি, শনিবাৰে পুৱা ৪ বজাৰ পৰা দুপৰীয়া ২ বজাৰ ভিতৰত নতুন দিল্লী আৰু হজৰত নিজামুদ্দিন ৰে’ল ষ্টেচনত উপস্থিত হোৱাৰ কথা থকা আন ৰাজ্যৰ পৰা অহা ২৫০খনৰো অধিক ৰে’লৰ লগতে কেইবাখনো লোকেল ৰে’লৰ চলাচল বাতিল কৰা হৈছে।
জনপথ–কৰ্তব্য পথৰ সংযোগস্থলৰ পৰা ৪ কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত ২৪ ঘণ্টাৰ বাবে ইণ্টাৰনেট সেৱাও বন্ধ ৰখা হৈছে বুলি পূৰ্বৰ প্ৰতিবেদনত প্ৰকাশ পাইছিল।
ভোটাৰ তালিকাৰ সংশোধনক লৈ প্ৰতিবাদৰ আহ্বান
বিশেষ নিবিড় সংশোধন (Special Intensive Revision বা SIR) প্ৰক্ৰিয়াৰ সময়ত ভোটাৰ তালিকাত হেৰফেৰ কৰাৰ অভিযোগ আৰু ভোটাৰ পঞ্জীয়নৰ বাবে ব্যৱহৃত ফৰ্ম-৬ সম্পৰ্কীয় পৰিৱৰ্তনক কেন্দ্ৰ কৰি মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে যন্তৰ-মন্তৰত প্ৰতিবাদৰ আহ্বান জনাইছিল CJPয়ে।
দলটোৱে এক বিবৃতিত নেতাসকলক আটক কৰাৰ ঘটনাক গৰিহণা দিয়াৰ লগতে ইয়াক চলাচলৰ স্বাধীনতাৰ উলংঘন বুলি অভিহিত কৰিছে। লগতে অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাংকাক তাৎক্ষণিকভাৱে আৰু বিনাচৰ্তে মুকলি কৰি দিয়াৰ দাবী জনাইছে।
উল্লেখ্য যে, ৰাষ্ট্ৰীয় চিকিৎসা প্ৰৱেশ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ অভিযোগক লৈ জুলাই মাহত দিল্লীৰ যন্তৰ-মন্তৰত CJPৰ নেতৃত্বত হোৱা প্ৰতিবাদৰ ফলত তদানীন্তন কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰিছিল বুলি প্ৰতিবেদনটোত উল্লেখ কৰা হৈছে।
বৰ্তমান প্ৰতিবাদক কেন্দ্ৰ কৰি দিল্লীত নিৰাপত্তা ব্যৱস্থা কঠোৰ কৰা হৈছে। নেতাসকলক আটক কৰা ঘটনাক লৈ CJPৰ প্ৰতিক্ৰিয়াৰ বিপৰীতে আৰক্ষীয়ে আইন-শৃংখলা বজাই ৰখাৰ স্বাৰ্থত অনুমতি নাকচ কৰাৰ কথা প্ৰকাশ কৰিছে। সমগ্ৰ ঘটনাই ৰাজধানী দিল্লীত নতুনকৈ ৰাজনৈতিক আৰু প্ৰশাসনিক বিতৰ্কৰ সৃষ্টি কৰিছে।
