বৃহত্তৰ চানমাৰি ৰাজহুৱা দুৰ্গা পূজাত অনুষ্ঠিত হ’ব বিভিন্ন প্ৰতিযোগিতা; আপুনিও অংশগ্ৰহণ কৰি লাভ কৰক আকৰ্ষণীয় পুৰস্কাৰ

গুৱাহাটী মহানগৰৰ অন্যতম পুৰণি ধৰ্মীয় অনুষ্ঠান চানমাৰি ৰাজহুৱা পূজা সমিতিয়ে এইবেলি ৭৫ বছৰত পদাৰ্পণ কৰিছে। ১৯৫২ চনত স্থাপিত সমিতিখনে গৌৰৱোজ্জ্বল ৭৫ বছৰীয়া ইতিহাসৰ সৈতে সংগতি ৰাখি এইবাৰ শাৰদীয় দুৰ্গাপূজাক কেন্দ্ৰ কৰি এমাহজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে মহাৰজত জয়ন্তী সমাৰোহ উদ্‌যাপনৰ আয়োজন কৰিছে। এই উপলক্ষে সমিতিখনে এখন সংবাদমেলযোগে সমগ্ৰ কাৰ্যসূচীৰ বিষয়ে সদৰী কৰে।

অহা ১১ অক্টোবৰ, দেওবাৰৰ পৰা আৰম্ভ হ’বলগীয়া এই সমাৰোহৰ শুভাৰম্ভ হ’ব সমিতিৰ পতাকা উত্তোলনেৰে। ধৰ্মীয় অনুষ্ঠানৰ লগতে বিভিন্ন প্ৰতিযোগিতা, সাংস্কৃতিক সন্ধিয়া, ধৰ্মালোচনী সভা আৰু স্মৃতিগ্ৰন্থ উন্মোচনকে ধৰি কেইবাটাও আকৰ্ষণীয় কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব।

ধৰ্মীয় আৰু সাংস্কৃতিক কাৰ্যসূচী

১২ অক্টোবৰত সমিতিৰ প্ৰাংগণত মহিলাৰ দিহানাম প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। প্ৰতিযোগিতাৰ প্ৰথম, দ্বিতীয় আৰু তৃতীয় পুৰস্কাৰ হিচাপে ক্ৰমে ১৫,০০১ টকা, ১০,০০১ টকা আৰু ৭,৫০১ টকা প্ৰদান কৰা হ’ব। একেদৰে, ১৩ অক্টোবৰত অনুষ্ঠিত হ’ব মহিলাৰ দুৰ্গানাম প্ৰতিযোগিতা। এই প্ৰতিযোগিতাৰ পুৰস্কাৰসমূহ হ’ল ক্ৰমে ১০,০০১ টকা, ৭,০০১ টকা আৰু ৫,০০১ টকা।

১৬ অক্টোবৰত শ্ৰীশ্ৰীদুৰ্গা দেৱীৰ আমন্ত্ৰণ আৰু অধিবাস অনুষ্ঠিত হোৱাৰ পিছত ১৭ অক্টোবৰত দেৱীৰ নৱপত্ৰিকা স্থাপন আৰু সপ্তমী বিহিত পূজা সম্পন্ন কৰা হ’ব। ধৰ্মীয় ৰীতি-নীতিৰে পূজা-অৰ্চনা সম্পন্ন কৰাৰ অন্তত ২১ অক্টোবৰত দেৱীক বিসৰ্জন দিয়া হ’ব।

আনহাতে, ১৯ অক্টোবৰত আৰতি প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। এই প্ৰতিযোগিতাৰ প্ৰথম, দ্বিতীয় আৰু তৃতীয় পুৰস্কাৰ ক্ৰমে ৫,০০১ টকা, ৩,০০১ টকা আৰু ২,০০১ টকা। বিজয়া দশমীৰ নিশা ৭ বজাত বৈজন্তী নাথ তালুকদাৰে মহিলাৰ নাগাৰানাম পৰিৱেশন কৰিব।

ইয়াৰ উপৰি, ২৫ অক্টোবৰত শ্ৰীশ্ৰীলক্ষ্মী পূজা আৰু ৮ নৱেম্বৰত শ্ৰীশ্ৰীকালী পূজাও পূজা মণ্ডপত অনুষ্ঠিত হ’ব।

তৰ্ক, বৰগীত আৰু লোকগীত প্ৰতিযোগিতা

মহাৰজত জয়ন্তীৰ কাৰ্যসূচীৰ অংশ হিচাপে ৩১ অক্টোবৰত স্থানীয় তীৰ্থনাথ শৰ্মা সভাগৃহত আন্তঃবিশ্ববিদ্যালয়/মহাবিদ্যালয় তৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। প্ৰতিযোগিতাখন উদ্বোধন কৰিব ড০ অমৰজ্যোতি চৌধুৰীয়ে।

তৰ্ক প্ৰতিযোগিতাৰ প্ৰথম আৰু দ্বিতীয় দলীয় পুৰস্কাৰ হিচাপে ক্ৰমে ২০,০০১ টকা আৰু ১৫,০০১ টকা প্ৰদান কৰা হ’ব। আনহাতে, শ্ৰেষ্ঠ তাৰ্কিকৰ প্ৰথম, দ্বিতীয় আৰু তৃতীয় পুৰস্কাৰ হ’ব ক্ৰমে ৭,০০১ টকা, ৫,০০১ টকা আৰু ৩,০০১ টকা।

পৰৱৰ্তী দিনা, ১ নৱেম্বৰত একেখন মঞ্চতে বৰগীত আৰু লোকগীত প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। দুয়োটা প্ৰতিযোগিতাতে প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থানপ্ৰাপ্ত প্ৰতিযোগীক ক্ৰমে ৭,০০১ টকা, ৫,০০১ টকা আৰু ৪,০০১ টকাকৈ নগদ ধন প্ৰদান কৰা হ’ব।

সেইদিনা পুৱা ৯ বজাত পূজা মণ্ডপত প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে ছাত্ৰ-ছাত্ৰীৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতাও অনুষ্ঠিত হ’ব। প্ৰতিযোগিতাখন দুটা শাখাত বিভক্ত কৰা হৈছে। ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ ‘ক’ শাখা আৰু প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ ‘খ’ শাখা হিচাপে প্ৰতিযোগিতা অনুষ্ঠিত হ’ব।

‘ক’ শাখাৰ প্ৰথম, দ্বিতীয় আৰু তৃতীয় পুৰস্কাৰ ক্ৰমে ৩,০০১ টকা, ২,০০১ টকা আৰু ১,০০১ টকা। আনহাতে, ‘খ’ শাখাৰ পুৰস্কাৰ হ’ব ক্ৰমে ২,০০১ টকা, ১,৫০১ টকা আৰু ১,০০১ টকা।

১৪ নৱেম্বৰত ধৰ্মালোচনী সভা আৰু সাংস্কৃতিক সন্ধিয়া

মহাৰজত জয়ন্তী উদ্‌যাপনৰ অন্যতম আকৰ্ষণ হ’ব ১৪ নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া ধৰ্মালোচনী সভা আৰু বিশেষ সাংস্কৃতিক সন্ধিয়া। সেইদিনা পুৱা ১০ বজাত মন্দিৰ প্ৰাংগণত ধৰ্মালোচনী সভা অনুষ্ঠিত হ’ব। সভাখন উদ্বোধন কৰিব সমিতিৰ মুখ্য উপদেষ্টা ড° ৰাম নাৰায়ণ মজুমদাৰে। নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকিব শ্ৰী নৃপেন শৰ্মা আৰু শ্ৰী সতীশ শৰ্মা।

সেইদিনা আবেলি ৪ বজাত পূৱ-গুৱাহাটী আদৰ্শ হাইস্কুলৰ খেলপথাৰত আয়োজিত বিশেষ অনুষ্ঠানত সমিতিৰ জ্যেষ্ঠ সদস্য আৰু অঞ্চলটোৰ বিশিষ্ট ব্যক্তিসকলক সমিতিৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হ’ব।

ইয়াৰ পিছতে মহাৰজত জয়ন্তীৰ স্মৃতিগ্ৰন্থ ‘বিশ্বৰূপা-২’ উন্মোচন কৰিব সাদিন-প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষ জয়ন্ত বৰুৱাই। বিশিষ্ট শিল্পী ৰমেন চৌধুৰীয়ে উদ্বোধন কৰিবলগীয়া সাংস্কৃতিক সন্ধিয়াত যশস্বী শিল্পী তৰালী শৰ্মা, ডাৱৰ হাজৰিকাকে ধৰি কেইবাগৰাকী শিল্পীয়ে অনুষ্ঠান পৰিৱেশন কৰিব।

১৫ নৱেম্বৰত অংকীয়া ভাওনাৰে সামৰণি

মহাৰজত জয়ন্তী সমাৰোহৰ অন্তিম কাৰ্যসূচী হিচাপে ১৫ নৱেম্বৰৰ সন্ধিয়া ৭ বজাত আমগুৰি, শিৱসাগৰৰ ‘মণিকাঞ্চন ভাওনা দলে’ অংকীয়া ভাওনা পৰিৱেশন কৰিব। এই ভাওনা প্ৰদৰ্শনৰ জৰিয়তে চানমাৰি ৰাজহুৱা পূজা সমিতিৰ এমাহজোৰা মহাৰজত জয়ন্তী সমাৰোহৰ সামৰণি পৰিব।

ধৰ্মীয় পৰম্পৰা, অসমীয়া লোক-সংস্কৃতি, সাহিত্য-চৰ্চা আৰু সাংস্কৃতিক ঐতিহ্যক একেটা মঞ্চত একত্ৰিত কৰি আয়োজন কৰা এই মহাৰজত জয়ন্তী সমাৰোহে চানমাৰি অঞ্চলৰ লগতে গুৱাহাটী মহানগৰীৰ সাংস্কৃতিক পৰিৱেশত বিশেষ তাৎপৰ্য বহন কৰিব বুলি আশা কৰা হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বিশ্ব মঞ্চত অসমৰ আৰক্ষী জোৱানৰ চমক! লন বাউলছত ভাৰতৰ প্ৰথমটো পদক নিশ্চিত কৰিলে পুতুল সোণোৱালে

বিশ্ব বাউলছ চেম্পিয়ন অৱ চেম্পিয়নছ প্ৰতিযোগিতাত ইতিহাস সৃষ্টি কৰিছে...