গুৱাহাটীত হোমষ্টে ব্যৱস্থাত কঠোৰ নিয়ম GMCৰ, দুৰ্গা পূজাত হ’ব স্বচ্ছতা প্ৰতিযোগিতা

গুৱাহাটী মহানগৰীত হোমষ্টে ব্যৱস্থাক নিয়মৰ মাজলৈ আনিবলৈ বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে গুৱাহাটী পৌৰ নিগমে (GMC)। এতিয়াৰে পৰা মহানগৰীত হোমষ্টে খুলিবলৈ অনুজ্ঞাপত্ৰৰ লগতে প্ৰয়োজনীয় নথি-পত্ৰ থকাটো বাধ্যতামূলক হ’ব। ইয়াৰ উপৰি, প্ৰতিটো হোমষ্টেৰ সন্মুখত নিৰ্দিষ্ট ছাইনব’ৰ্ড লগাব লাগিব। হোমষ্টে খোলাৰ পূৰ্বে ওচৰ-চুবুৰীয়া আৰু স্থানীয় লোকৰ পৰাও অনাপত্তি প্ৰমাণপত্ৰ (NOC) সংগ্ৰহ কৰিব লাগিব। অনুজ্ঞাপত্ৰ অবিহনে চলি থকা হোমষ্টেসমূহৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব GMCয়ে।

ইফালে, আগন্তুক দুৰ্গা পূজাক কেন্দ্ৰ কৰি মহানগৰীত বিশেষ স্বচ্ছতা অভিযানৰো পৰিকল্পনা কৰিছে GMCয়ে। এইবাৰ দুৰ্গা পূজাৰ সময়ত পূজা সমিতিসমূহৰ মাজত স্বচ্ছতা প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ’ব। প্ৰতিখন পূজা সমিতিয়ে চাৰিপ্ৰকাৰৰ ডাষ্টবিন ৰখাটো বাধ্যতামূলক কৰা হৈছে।

এই স্বচ্ছতা অভিযানত অংশগ্ৰহণৰ বাবে মহানগৰীৰ প্ৰায় ৩০০খন পূজা সমিতিক আহ্বান জনোৱা হৈছে। GMCৰ ছটা ডিভিজনৰ ভিত্তিত অনুষ্ঠিত হ’বলগীয়া এই প্ৰতিযোগিতাত স্বচ্ছতা বজাই ৰখা পূজা সমিতিসমূহক পুৰস্কৃত কৰাৰ পৰিকল্পনা কৰিছে পৌৰ নিগমে।

লগতে, উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা মানি দুৰ্গা পূজা উদযাপন কৰিবলৈও সকলো পূজা সমিতিক আহ্বান জনাইছে GMCয়ে। পূজাৰ সময়ত পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰখা আৰু আৱৰ্জনা সঠিকভাৱে ব্যৱস্থাপনা কৰাৰ ক্ষেত্ৰত পূজা সমিতিসমূহে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব লাগিব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

দিল্লী মেট্ৰ’ৰ ৫৭টা ষ্টেচনৰ প্ৰৱেশ-প্ৰস্থান বন্ধ থকাৰ সম্ভাৱনা, ১০ অক্টোবৰত CJPৰ প্ৰতিবাদৰ পৰিপ্ৰেক্ষিতত নিৰাপত্তা কটকটীয়া

১০ অক্টোবৰত দিল্লীত হ’বলগীয়া প্ৰতিবাদী কাৰ্যসূচীৰ পৰিপ্ৰেক্ষিতত ৰাজধানী চহৰখনত...

‘আম্বানীয়েই ভাৰতৰ প্ৰকৃত মুৰব্বী নেকি?’ ষ্টাৰলিংকৰ অনুজ্ঞাপত্ৰক লৈ ইলন মাস্কৰ প্ৰশ্ন

ভাৰতত নিজৰ উপগ্ৰহভিত্তিক ইণ্টাৰনেট সেৱা ষ্টাৰলিংক (Starlink) আৰম্ভ কৰাত...