প্ৰবীণ অভিনেতা তথা চলচ্চিত্ৰ নিৰ্মাতা নানা পাটেকৰৰ মৃত্যুৰ নতুন তথ্য পোহৰলৈ আহিছে। মৃত্যুৰ প্ৰায় তিনি ঘণ্টা পূৰ্বে, নিশা প্ৰায় ২:৩০ বজাত, এগৰাকী বন্ধুলৈ মেছেজ কৰি তেওঁ “শৰীৰটো ভাল লগা নাই” বুলি জনাইছিল। কিন্তু নিশা হোৱা বাবে বন্ধুজনে সেই সময়ত মেছেজটো দেখা নাছিল।
গোৱাৰ মানিপাল হাস্পতালৰ অনক’লজি বিভাগৰ মুৰব্বী ডাঃ শ্বেখৰ ছালকাৰে সংবাদ সংস্থাক জনোৱা মতে, মেছেজৰ পিছত নানা পাটেকৰে নিজেই বন্ধুলৈ ফোন কৰে। ইয়াৰ পিছত বন্ধুজনে প্ৰায় পুৱা ৪ বজাত অভিনেতাগৰাকীৰ বাসগৃহত উপস্থিত হয়।
ডাঃ ছালকাৰে কয়, সেই সময়ত নানা পাটেকৰৰ যথেষ্ট ঘামিছিল আৰু তেওঁ ক্ৰমান্বয়ে চেতনা হেৰুৱাইছিল। পৰৱৰ্তী সময়ত তেওঁৰ কেয়াৰটেকাৰক এম্বুলেন্স আনিবলৈ হাস্পতাললৈ পঠিওৱা হয়।
কেয়াৰটেকাৰজনে এম্বুলেন্স আৰু জৰুৰীকালীন চিকিৎসা দল লৈ বাসগৃহত উপস্থিত হয়। অভিনেতাগৰাকীক অচেতন অৱস্থাত পোৱাৰ পিছত চিকিৎসকে তৎক্ষণাৎ কাৰ্ডিয়াক মেছেজ তথা বুকুত চাপ দি হৃদযন্ত্ৰ পুনৰ সক্ৰিয় কৰিবলৈ চেষ্টা কৰে।
পুৱা প্ৰায় ৪:২০ৰ পৰা ৪:৩০ বজাৰ ভিতৰত নানা পাটেকৰক হাস্পতাললৈ লৈ যোৱা হয়। চিকিৎসকে প্ৰায় ৪৫ মিনিটৰ পৰা এঘণ্টালৈকেতেওঁক পুনৰুজ্জীৱিত কৰাৰ চেষ্টা চলায় যদিও সফল নহ’ল।
ডাঃ ছালকাৰে জনোৱা মতে, হাস্পতাললৈ অনাৰ সময়তেই অভিনেতাগৰাকী মৃত অৱস্থাত আছিল আৰু পুৱা প্ৰায় ৫:৩০ বজাত তেওঁক মৃত ঘোষণা কৰা হয়।
নানা পাটেকৰৰ মৃত্যু এটা মেডিকো-লিগেল কেছ (MLC) হিচাপে পঞ্জীয়ন কৰা হৈছে। ইতিমধ্যে তেওঁৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে গোৱা মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হৈছে।
১৯৫১ চনৰ ১ জানুৱাৰীত মহাৰাষ্ট্ৰত বিশ্বনাথ পাটেকৰ নামেৰে জন্মগ্ৰহণ কৰা নানা পাটেকৰে ১৯৭৮ চনৰ ‘গমন’ ছবিৰ জৰিয়তে হিন্দী চলচ্চিত্ৰত আত্মপ্ৰকাশ কৰিছিল। ‘চালাম বম্বে!’ আৰু ‘পৰিন্দা’ৰ দৰে ছবিয়ে তেওঁক বিশেষ পৰিচিতি প্ৰদান কৰে।
হিন্দী ছবিজগতত তেওঁ এক বিশেষ অভিলেখো গঢ়িছিল। শ্ৰেষ্ঠ সহঃঅভিনেতা, শ্ৰেষ্ঠ অভিনেতা আৰু শ্ৰেষ্ঠ খলনায়ক—ফিল্মফেয়াৰৰ তিনিওটা মুখ্য অভিনয় শাখাত বঁটা লাভ কৰা প্ৰথমগৰাকী অভিনেতা হিচাপে নানা পাটেকৰৰ নাম উল্লেখ কৰা হয়। ‘পৰিন্দা’ৰ বাবে শ্ৰেষ্ঠ সহঃঅভিনেতা, ‘ক্ৰান্তিবীৰ’ৰ বাবে শ্ৰেষ্ঠ অভিনেতা আৰু ‘আংগাৰ’ তথা ‘অপহৰণ’ৰ বাবে খলনায়কৰ শাখাত তেওঁ ফিল্মফেয়াৰ বঁটা লাভ কৰিছিল।
