নেপালত অন্ত পৰিল ৪০ দিনজোৰা ভয়ংকৰ বানৰ উদ্ধাৰ অভিযান। ৫,২০০ৰো অধিক লোক এতিয়াও সন্ধানহীন, ১,৪৫৫ জনৰ মৃত্যু

নেপালত ভয়ংকৰ বানৰ প্ৰায় ছয় সপ্তাহ পিছত সক্ৰিয় সন্ধান আৰু উদ্ধাৰ অভিযানৰ অন্ত পেলালে কৰ্তৃপক্ষই। ২৬ আগষ্টত চীনৰ তিব্বত সীমান্তৰ ওচৰত উৎপত্তি হোৱা বানত এতিয়ালৈকে কমেও ১,৪৫৫জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ৫,২৮৫জন লোক সন্ধানহীন হৈ আছে।

এই দুৰ্যোগৰ সময়ছোৱাত ১৩,৭৯৫জন লোকক উদ্ধাৰ কৰা হয়। এতিয়াৰে পৰা নিখোঁজ লোকৰ মৃতদেহৰ বাবে সক্ৰিয়ভাৱে অভিযান নচলাই কৰ্তৃপক্ষই। অৱশ্যে পুনৰ সংস্থাপন আৰু পুনৰুদ্ধাৰমূলক কামৰ সময়ত কোনো মৃতদেহ, সামগ্ৰী বা মূল্যৱান বস্তু উদ্ধাৰ হ’লে সেইবোৰ সংগ্ৰহ কৰা হ’ব।

নেপালৰ National Emergency Operation Centreৰ মুৰব্বী ফণীন্দ্ৰ পৌডেলে কয়, “আমি সন্ধান আৰু উদ্ধাৰ পৰ্যায়ৰ পৰা সন্ধান আৰু পুনৰ্বাসন পৰ্যায়লৈ আগবাঢ়িছোঁ।”

ইফালে সন্ধানহীন লোকসকলক আইনগতভাৱে মৃত ঘোষণা কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ কথাও কৰ্তৃপক্ষই প্ৰকাশ কৰিছে, যাতে তেওঁলোকৰ পৰিয়ালে বীমা, বেংকিংসহ অন্যান্য আইনী কাম-কাজ সম্পূৰ্ণ কৰিব পাৰে। বানত ১২টা জলবিদ্যুৎ প্ৰকল্পৰ লগতে পথ, দলং, কৃষিভূমি আৰু বহু বসতি ধ্বংস হয়। পুনৰুদ্ধাৰ আৰু পুনৰ্বাসনৰ বাবে প্ৰায় ৫ বিলিয়ন ডলাৰৰ প্ৰয়োজন হ’ব বুলি কৰ্তৃপক্ষই জনাইছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

৩০ বছৰৰ গৌৰৱময় যাত্ৰাৰ অন্ত! ইতিহাসৰ পাতত বিলীন হ’ব গুৱাহাটীৰ ‘দ্য ধাবা’

এখন ৰেষ্টুৰেণ্ট, কিন্তু গুৱাহাটীবাসীৰ বাবে ই আছিল বন্ধুৰ আড্ডা,...

কুখ্যাত চুপাৰি মাফিয়া নয়ন ঘোষৰ বাসগৃহত ED ৰ অভিযান

কুখ্যাত চুপাৰি মাফিয়া নয়ন ঘোষৰ বাসগৃহত ED ৰ অভিযান।...

পুনৰ গৰজিল অসম আৰক্ষীৰ বন্দুক; ১২ ঘণ্টাত ৰাজ্যত দুটাকৈ এনকাউণ্টাৰ

মাত্ৰ ১২ ঘণ্টাৰ ভিতৰতে ৰাজ্যত সংঘটিত হৈছে দুটাকৈ এনকাউণ্টাৰৰ...

দুধনৈৰ বেছিমাৰীত যুৱতীক এচিড আক্ৰমণ, মূল অভিযুক্তসহ দুজন গ্ৰেপ্তাৰ

দুধনৈৰ বেছিমাৰীত সংঘটিত হৈছে চাঞ্চল্যকৰ এচিড আক্ৰমণৰ ঘটনা। শুই...