সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদনৰ শুনানি উচ্চতম ন্যায়ালয়ত; শ্যামকানু মহন্তৰ পিছত সিদ্ধাৰ্থ শৰ্মাৰ ভাগ্যও ওলমি ৰ’ল

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদনৰ শুনানি আজি উচ্চতম ন্যায়ালয়ত সম্পন্ন হয়। শুনানিৰ পিছতে আদালতে ৰাজ্য চৰকাৰলৈ জাননী জাৰি কৰে।

সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদনৰ পৰৱৰ্তী শুনানিৰ বাবে ৬ নৱেম্বৰৰ দিন ধাৰ্য কৰিছে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে। উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বে গুৱাহাটী উচ্চ ন্যায়ালয়ে সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন খাৰিজ কৰিছিল। ইয়াৰ পিছতে তেওঁ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল।

ইফালে, ইয়াৰ পূৰ্বে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ আন এজন অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদন সন্দৰ্ভতো উচ্চতম ন্যায়ালয়ত শুনানি অনুষ্ঠিত হৈছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

নিৰ্বাচন আয়ুক্তৰ পদত্যাগৰ দাবীত দিল্লীত বিৰোধীৰ উত্তাল প্ৰতিবাদ; ৰাহুল গান্ধীসহ বিৰোধী নেতাক আটক

ভাৰতৰ বিৰোধী দলসমূহে নিৰ্বাচন আয়োগৰ বিৰুদ্ধে আজি নতুন দিল্লীত...

ছাত্ৰৰ হিংসাত্মক প্ৰতিবাদত উত্তাল ফ্ৰান্স; ৫ শতাধিক বিদ্যালয় বন্ধ, ৫ হাজাৰৰো অধিক শিক্ষাৰ্থীক গ্ৰেপ্তাৰ

শিক্ষাখণ্ডত অধিক বিনিয়োগ, উন্নত আন্তঃগাঁথনি আৰু পৰ্যাপ্ত শিক্ষক নিযুক্তিৰ...

ভাৰতীয় মহিলা ক্ৰিকেটত নতুন অধ্যায়; অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে

ভাৰতীয় মহিলা ক্ৰিকেট দলৰ বিশ্বকাপজয়ী অধিনায়ক হৰমনপ্ৰীত কৌৰে তিনিওটা...