১ লাখ পদৰ নিযুক্তি সন্দৰ্ভত উচ্চস্তৰীয় সমিতিৰ বৈঠক

গুৱাহাটী, ২৮ জুন, NKTV: আজি জনতা ভৱনৰ বিত্ত বিভাগৰ সভাকক্ষত বিত্তমন্ত্ৰী অজন্তা নেওগৰ অধ্যক্ষতাত প্ৰশাসনৰ সকলো শীৰ্ষ বিষয়াৰ উপস্থিতিত এক লাখ নিযুক্তি সম্পৰ্কীয় উচ্চস্তৰীয় সমিতিৰ দ্বিতীয়খন বৈঠক অনুষ্ঠিত হয়। বৈঠকত বিভিন্ন বিভাগসমূহে নিজৰ নিজৰ খালী পদৰ সংখ্যাৰ লগতে নতুন পদ সৃষ্টিৰ বাবেও বিত্তমন্ত্ৰীক অনুৰোধ জনায়। আজিৰ এই উচ্চস্তৰীয় বৈঠকখনত গৃহ বিভাগ, শিক্ষা বিভাগ আৰু স্বাস্থ্য বিভাগত নিযুক্তিৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ প্ৰদান কৰা হ’ব বুলি বিত্তমন্ত্ৰীয়ে জানিবলৈ দিয়ে। নৱ-গঠিত জিলা কেইখনৰ ক্ষেত্ৰটো নতুন পদ সৃষ্টি আৰু ৰাইজৰ সেৱাৰ বাবে প্ৰয়োজনীয় তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ নিযুক্তিত অগ্ৰাধিকাৰ দিয়াৰ পোষকতা কৰিছে বিত্তমন্ত্ৰী নেওগে।

বিভাগসমূহৰ শীৰ্ষ বিষয়াসকলৰ লগত হোৱা আলোচনা মৰ্মে আজিৰ সভাই জ্ঞাত হয় যে প্ৰায় ৮০ হাজাৰ খালী পদত নিযুক্তি প্ৰদান কৰিব পৰা যাব। ইয়াৰ লগতে আৰু বহুতো নতুন পদ বিভিন্ন বিভাগত প্ৰয়োজন সাপেক্ষে সৃষ্টি কৰিব পৰা যাব। এই পূৰণ কৰিবলগীয়া খালী পদৰ হিচাপ আৰু নতুনকৈ সৃষ্টি কৰিবলগীয়া পদসমূহৰ হিচাপ বিভাগসমূহক অহা ৪ দিনৰ ভিতৰত বিত্ত বিভাগত জমা দিবলৈ বিত্তমন্ত্ৰী অজন্তা নেওগে নিৰ্দেশ দিয়ে। এক লাখ পদ পূৰণৰ বাবে বিভাগসমূহে প্ৰতিবেদন বিত্ত বিভাগত দাখিল কৰাৰ পাছত উক্ত বিষয়টো মাননীয় মুখ্যমন্ত্ৰীক অৱগত কৰা হ’ব আৰু নিযুক্তি প্ৰক্ৰিয়াৰ বাবে উপযুক্ত সিদ্ধান্ত লোৱা হ’ব বুলি মন্ত্ৰীগৰাকীয়ে অৱগত কৰে। গোটেই বিষয়টো পৰ্যালোচনা কৰি বিত্তমন্ত্ৰীয়ে নিযুক্তি প্ৰক্ৰিয়াৰ প্ৰাৰম্ভিক কাম-কাজৰ ক্ষিপ্ৰ ৰূপায়নৰ বাবে মুখ্য সচিবৰ তত্বাৱধানত এখন ক’ৰ কমিটি গঠন কৰি দিয়ে। বৈঠকত মন্ত্ৰী অজন্তা নেওগে গোটেই নিযুক্তি প্ৰক্ৰিয়াটোত জড়িত সকলোৱে নিষ্ঠা সহকাৰে তথা নিকা আৰু স্বচ্ছভাৱে সম্পন্ন কৰি চৰকাৰৰ সততাৰ পৰিচয় দিব লাগিব বুলিও বিষয়াসকলৰ উদ্দেশ্যে মন্তব্য প্ৰকাশ কৰে। এই বৈঠকখনত ৰাজ্যৰ মুখ্য সচিব জিষ্ণু বৰুৱাকে প্ৰমুখ্য কৰি ৰাজ্য চৰকাৰৰ প্ৰতিটো বিভাগৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...