অচিৰেই অসমে লাভ কৰিব এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ পূৰ্ণাংগ ষ্টেডিয়াম

গুৱাহাটী, ২৮ জুন, NKTV: ৰাজ্যৰ ক্ৰীড়া অনুৰাগীৰ বাবে সুখবৰ। অসমত আৰম্ভ হৈছে আন এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ পূৰ্ণাংগ ষ্টেডিয়ামৰ কাম। অচিৰেই সম্পূৰ্ণ হৈ উঠিব বস্ত্ৰ নগৰী শুৱালকুছিত নিৰ্মীয়মান ৰাষ্ট্ৰীয় পৰ্যায়ৰ ষ্টেডিয়ামখন। বস্ত্ৰ নগৰী শুৱালকুছিত নিৰ্মীয়মান ৰাষ্ট্ৰীয় পৰ্যায়ৰ পূৰ্ণাংগ ষ্টেডিয়ামখনত থাকিব 400 ৰীলে ট্ৰেক, ফুটবল ফিল্ড, বিভিন্ন ধৰণৰ এথলেটিকছৰ সুবিধা। প্ৰায় ৪০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হ’ব ষ্টেডিয়ামখন। ষ্টেডিয়াম খনৰ সৈতে সংলগ্ন হৈ থাকিব অত্যাধুনিক ছুইমিং পুল আৰু ইণ্ডোৰ ষ্টেডিয়ামৰ সুবিধা। ইতিমধ্যে প্ৰায় ৭০ শতাংশ সম্পূৰ্ণ হৈ উঠা ষ্টেডিয়াম খন পৰিদৰ্শন কৰিবলৈ মুখ্যমন্ত্ৰীৰ গৃহ সমষ্টি জালুকবাৰীৰ শুৱালকুছিত উপস্থিত হয় অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ মন্ত্ৰী বিমল বৰা। অহা জানুৱাৰী মাহৰ ভিতৰত ষ্টেডিয়ামখন মুকলি কৰিব পৰা যাব বুলি আশা প্ৰকাশ কৰিছে ক্ৰীড়া মন্ত্ৰীগৰাকীয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এচচিইআৰটি সঞ্চালিকাৰ ডায়েট বিৰোধী মইমতালি

ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ (এচচিইআৰটি), অসমৰ সঞ্চালিকা...

নিয়মীয়াকৰণ হোৱা শিক্ষকৰ দৰমহাৰ নতুন ব্যৱস্থা

অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা।SRD ২০২৪-২০২৫ৰ অধীনত...

কাজিৰঙাত নিষিদ্ধ হ’ব মোবাইল ফোন

অচিৰেই বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ...

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! জব্দ হ’ল ২৮ কোটি টকা আৰু ১৯ কেজি সোণ।

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! পইচা গণি গণি বিকল...