নেডফি হাউচত আন্তঃৰাষ্ট্ৰীয় জ্যেষ্ঠ নাগৰিক দিৱসৰ লগত সংগতি ৰাখি বিশেষ অভিৱৰ্তন; চাইবাৰ প্ৰৱঞ্চনাৰ পৰা জ্যেষ্ঠসকলক সুৰক্ষাৰ বাবে সজাগতাৰ সৃষ্টি

আন্তঃৰাষ্ট্ৰীয় জ্যেষ্ঠ নাগৰিক দিৱসৰ সৈতে সংগতি ৰাখি গুৱাহাটীৰ নেডফি হাউচত অনুষ্ঠিত হয় এক বিশেষ অভিৱৰ্তন। Apollo Hospitals আৰু Santaneer-ৰ উদ্যোগত অনুষ্ঠিত এই অনুষ্ঠানৰ মূল উদ্দেশ্য আছিল সমাজৰ জ্যেষ্ঠ নাগৰিকসকলৰ সন্মান, মৰ্যাদা আৰু সুৰক্ষাৰ বিষয়ে সজাগতা সৃষ্টি কৰা।

অনুষ্ঠানত সমাজৰ বিভিন্ন ক্ষেত্ৰত বিশেষ অৱদান আগবঢ়োৱা বহু জ্যেষ্ঠ ব্যক্তি উপস্থিত থাকে। অনুষ্ঠানৰ মঞ্চত সমাজলৈ আগবঢ়োৱা উল্লেখযোগ্য অৱদানৰ বাবে ড০ ধ্ৰুৱজ্যোতি বৰা আৰু কেতেকী বৰদলৈক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়।

জ্যেষ্ঠ নাগৰিকসকলৰ বাবে আয়োজিত এই বিশেষ অনুষ্ঠানত মুখ্য বক্তা হিচাপে উপস্থিত থাকে অসমৰ আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিং। তেওঁ জ্যেষ্ঠ নাগৰিকসকলৰ সুৰক্ষা আৰু বৰ্তমান সময়ত তেওঁলোকে সন্মুখীন হোৱা বিভিন্ন প্ৰত্যাহ্বানৰ বিষয়ে বক্তব্য আগবঢ়ায়।

বিশেষকৈ ডিজিটেল আৰু চাইবাৰ অপৰাধৰ পৰা জ্যেষ্ঠ নাগৰিকসকলক সুৰক্ষিত ৰখা বিষয়টোৱে অনুষ্ঠানত বিশেষ গুৰুত্ব লাভ কৰে। চাইবাৰ অপৰাধীয়ে কেনেদৰে জ্যেষ্ঠ নাগৰিকসকলক লক্ষ্য কৰি প্ৰৱঞ্চনাৰ জাল পেলায়, সেই সন্দৰ্ভত অনুষ্ঠানত বিস্তৃতভাৱে আলোচনা কৰা হয়।

অনলাইন প্ৰৱঞ্চনা, ভুৱা ফোনকল, সন্দেহজনক লিংক, বেংকিং তথ্য সংগ্ৰহ আদি চাইবাৰ অপৰাধৰ বিভিন্ন কৌশলৰ পৰা সাৱধান হ’বলৈ জ্যেষ্ঠ নাগৰিকসকলক সজাগ কৰা হয়।

জ্যেষ্ঠ নাগৰিকসকলৰ সন্মান আৰু সুৰক্ষা নিশ্চিত কৰাৰ লগতে ডিজিটেল যুগৰ বিভিন্ন বিপদৰ বিষয়ে তেওঁলোকক সজাগ কৰাৰ ক্ষেত্ৰত এই অভিৱৰ্তনে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুৱাহাটীৰ বৰাগাঁৱৰ গণেশ মন্দিৰৰ পৰা চোৰে লুটি নিলে ৩ লক্ষাধিক টকাৰ সোণ, নগদ ধন

গুৱাহাটীৰ বৰাগাঁৱত পুনৰ ধৰ্মীয় উপাসনাস্থলীত চোৰৰ উপদ্ৰৱ। ৰাষ্ট্ৰীয় ঘাইপথৰ...

দেশী-বিদেশী পৰ্যটকৰ বাবে সুখবৰ; ২০২৬–২৭ পৰ্যটন বৰ্ষৰ বাবে মুকলি ওৰাং ৰাষ্ট্ৰীয় উদ্যান

দেশী-বিদেশী পৰ্যটকৰ বাবে সুখবৰ। ২০২৬–২৭ পৰ্যটন বৰ্ষৰ বাবে দেওবাৰে...