ইজৰাইল অভিমুখী Flydubaiৰ এখন যাত্ৰীবাহী বিমানত সহ-পাইলটে ভাৰতীয় কেপ্তেইনক আক্ৰমণ কৰি বিমানখন ভূপতিত কৰাৰ চেষ্টা কৰাৰ অভিযোগ উত্থাপন হৈছে। ৩০ ছেপ্টেম্বৰত সংঘটিত এই ঘটনাৰ সময়ত Flight FZ1073-ত ১৭০ৰো অধিক যাত্ৰী আৰু ক্ৰু সদস্য আছিল।
ডুবাইৰ পৰা টেল আভিভলৈ গৈ থকা বিমানখন ছৌদি আৰৱৰ আকাশমাৰ্গত প্ৰৱেশ কৰাৰ পাছতে হঠাৎ তীব্ৰভাৱে উচ্চতা হেৰুৱাবলৈ ধৰে। প্ৰায় ৩০ ছেকেণ্ডত বিমানখন ১৬,০০০ ফুটতকৈ অধিক তললৈ নামি আহিছিল। বিমানখনৰ পৰা জৰুৰীকালীন সংকেতো প্ৰেৰণ কৰা হৈছিল।
ইজৰাইলী আৰু ছৌদি বিষয়াৰ মতে, এই সময়তে সহ-পাইলটে কেপ্তেইনক আক্ৰমণ কৰি আহত কৰে। আহত অৱস্থাতো কেপ্তেইনে ককপিটৰ দুৱাৰ খুলিবলৈ সক্ষম হয়। ইয়াৰ পাছত কেইবাজনো যাত্ৰী ককপিটত প্ৰৱেশ কৰি সহ-পাইলটজনক নিয়ন্ত্ৰণলৈ আনে।
বিমানখনত থকা আন দুজন off-duty Flydubai পাইলটে পাছত নিয়ন্ত্ৰণ গ্ৰহণ কৰি বিমানখন ছৌদি আৰৱৰ Tabuk বিমানবন্দৰত সুৰক্ষিতভাৱে অৱতৰণ কৰায়। কেপ্তেইন আৰু সহ-পাইলট দুয়োকে চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।
বর্তমান ভাৰতীয় পাইলটজনৰ অৱস্থা সুস্থিৰ বুলি জানিব পৰা গৈছে। যাত্ৰীসকলক পাছত আন এখন Flydubai বিমানযোগে ইজৰাইললৈ লৈ যোৱা হয়।
ইফালে, তদন্তৰ মাজতে সহ-পাইলটজনক ২৯ বছৰীয়া ওমানৰ নাগৰিক Hamam Al-Hammami বুলি চিনাক্ত কৰা হৈছে। ABC Newsৰ বাতৰিত জ্যেষ্ঠ চোৰাংচোৱা বিষয়াই জনোৱা অনুসৰি, ২০২৪ চনত Oman Air-ত co-pilot trainee হিচাপে কাম কৰাৰ সময়ত তেওঁৰ ওচৰত Extremist Material পোৱা গৈছিল আৰু তেওঁক উৰণৰ পৰা সাময়িকভাৱে আঁতৰোৱা হৈছিল। পাছত তেওঁক প্ৰশাসনিক ভূমিকাত কাম কৰিবলৈ দিয়া হৈছিল।
বৰ্তমান তদন্তকাৰীসকলে অনুসন্ধান কৰি আছে যে পূৰ্বতে নিৰাপত্তাজনিত উদ্বেগৰ সন্মুখীন হোৱা ব্যক্তিজনে কেনেকৈ পাছত Flydubai-ৰ পাইলট হিচাপে কাম কৰাৰ অনুমতি লাভ কৰিলে।
ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুই ঘটনাটোক লৈ সহ-পাইলটজন ইছলামিক উগ্ৰ মতবাদত প্ৰভাৱিত বুলি দাবী কৰিছে। অৱশ্যে ঘটনাটোৰ সঠিক উদ্দেশ্য আৰু কোনো আন ব্যক্তি বা সংগঠনৰ জড়িত আছিল নে নাই, সেই বিষয়ে তদন্ত এতিয়াও চলি আছে। UAE কৰ্তৃপক্ষই ঘটনাটোৰ পূৰ্ণ তদন্তৰ নিৰ্দেশ দিছে।
Flydubai-য়ো ঘটনাটোৰ সম্পূৰ্ণ তদন্ত চলি থকাৰ কথা প্ৰকাশ কৰি তদন্ত সম্পূৰ্ণ নোহোৱালৈকে আগতীয়াকৈ কোনো সিদ্ধান্তত উপনীত নহ’বলৈ আহ্বান জনাইছে।
