গুৱাহাটী বিশ্ববিদ্যালয়ৰ ২০২৬-২৭ বৰ্ষৰ স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ ফলাফল ঘোষণা

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ২০২৬-২৭ বৰ্ষৰ স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ ফলাফল ঘোষণা। কেইবাটাও পদত আছু সমৰ্থিত প্ৰাৰ্থীৰ জয় লাভ। সভাপতি পদত ১,৪৭১ টা ভোটত জয়লাভ অৰুনাভ দুৱৰাৰ। সাহিত্য সম্পাদক পদত ১,৭২৯ টা ভোটত জয়লাভ অবন্তিকা মহন্তৰ। ছাত্ৰ জিৰণি কোঠা সম্পাদক পদত ২,১৮১ টা ভোটত জ‍্যোতিৰ্ম‌য় দাসৰ জয়লাভ। ছাত্ৰী জিৰণি কোঠা সম্পাদক পদত ১,৯৩১ টা ভোটত অনুস্কা মেধিৰ জয়লাভ। সাংস্কৃতিক সম্পাদক পদত ২,২২০ টা ভোটত জয়লাভ নীলকমল বৰুৱাৰ। সংগীত সম্পাদিকা পদত বিনা প্ৰতিদ্বন্দিতাৰে জয় লাভ দুবৰী শইকীয়াৰ। ক্ৰীড়া সম্পাদক পদতো বিনা প্ৰতিদ্বন্দিতাৰে জয়লাভ ৰাজীৱ বড়োৰ। আনহাতে, অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ (ABVP)ৰ সমৰ্থিত কেইবাগৰাকী প্ৰাৰ্থীৰ নিৰ্বাচনত জয়লাভ। সহকাৰী সম্পাদক (স্নাতকোত্তৰ) পদত ১,৭৪৫ টা ভোটত জয়লাভ কৃষ্টিনা লাহন। সহকাৰী সম্পাদক (স্নাতক) পদত ২,০৭৭ টা ভোটত ভিচাংক জ্যোতি দত্তৰ জয়লাভ। চাৰু কলা সম্পাদক পদত ১,৫৯০ টা ভোটত কৃষ্টি শইকীয়াৰ জয়লাভ। নিৰ্বাচনত অসম ছাত্ৰ পৰিষদৰো (ACP) সমৰ্থিত তিনিগৰাকী প্ৰাৰ্থীৰ জয়লাভ। উপ-সভাপতি পদত জয়লাভ অসম ছাত্ৰ পৰিষদৰ সমৰ্থিত প্ৰাৰ্থী অমৰত্ত দুৱৰা। ১,৭৯৯ টা ভোটত জয়লাভ অমৰত্ত দুৱৰাৰ। শৰীৰ চৰ্চা সম্পাদক পদত ২,১৯২ টা ভোটত জয়লাভ ৰেইনবৌ নাৰ্জাৰীৰ। গুৰু খেল সম্পাদক পদত ১,৮৩৯ টা ভোটত সুমন চাহিল পেগুৰ জয়লাভ। ইফালে সাধাৰণ সম্পাদক আৰু সমাজ সেৱা সম্পাদক পদৰ নিৰ্বাচন অনুষ্ঠিত হোৱা নাই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

জীৱিকাৰ কোনো সৰু-বৰ নাই; উচ্চ শিক্ষিতা নিবেদিতা বৰুৱাৰ ব্যতিক্ৰমী কৰ্মসংস্কৃতি

জীৱিকাৰ বাবে কোনো কামেই সৰু নহয়। কামৰ প্ৰতি সন্মান,...

আজিৰে পৰা পৰ্যটকৰ বাবে মুকলি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

কাজিৰঙাত আৰম্ভ ২০২৬-২৭ পৰ্যটন বৰ্ষ। আজিৰে পৰা পৰ্যটকৰ বাবে...

তেজপুৰ বিশ্ববিদ্যালয়ত স্থাপন হ’ব ধ্ৰুপদী অসমীয়া ভাষা অধ্যয়নৰ উৎকৰ্ষ কেন্দ্ৰ

ধ্ৰুপদী অসমীয়া ভাষাৰ অধ্যয়ন, গৱেষণা আৰু সংৰক্ষণৰ ক্ষেত্ৰত কেন্দ্ৰীয়...

ইৰানক কেন্দ্ৰ কৰি মধ্যপ্ৰাচ্যত আমেৰিকাৰ সামৰিক তৎপৰতা বৃদ্ধি

ইৰানক কেন্দ্ৰ কৰি মধ্যপ্ৰাচ্যত আমেৰিকাই সামৰিক উপস্থিতি বৃদ্ধি কৰিছে।...