ইৰানক কেন্দ্ৰ কৰি মধ্যপ্ৰাচ্যত আমেৰিকাৰ সামৰিক তৎপৰতা বৃদ্ধি

ইৰানক কেন্দ্ৰ কৰি মধ্যপ্ৰাচ্যত আমেৰিকাই সামৰিক উপস্থিতি বৃদ্ধি কৰিছে। আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি, প্ৰায় ২,০০০ মেৰিন সৈনিক সহ USS Theodore Roosevelt কেৰিয়াৰ ষ্ট্ৰাইক গ্ৰুপ আৰু USS Makin Island এম্ফিবিয়াছ ফ’ৰ্চে ছান ডিয়েগোৰ পৰা মধ্যপ্ৰাচ্য অভিমুখে যাত্ৰা কৰিছে।

ইতিমধ্যে অঞ্চলটোত USS George H.W. Bush আৰু USS George Washington নামৰ দুটা আমেৰিকান কেৰিয়াৰ ষ্ট্ৰাইক গ্ৰুপ উপস্থিত আছে। ইফালে, Strait of Hormuz-ত প্ৰায় ২৫ লাখ বেৰেল তেল কঢ়িয়াই নিয়া এখন ছুপাৰটেংকাৰ অজ্ঞাত প্ৰজেক্টাইলে আঘাত কৰাৰ পাছত অগ্নিকাণ্ড সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ইৰানৰ বিৰুদ্ধে অধিক আক্ৰমণৰ সম্ভাৱনা প্ৰকাশ কৰাৰ লগতে Strait of Hormuz পুনৰ খোলাৰ বাবে তেহৰাণৰ প্ৰস্তাৱ নাকচ কৰা বুলি জনাইছে। আনহাতে, ইৰানৰ ৰাষ্ট্ৰপতি মাছউদ পেজেশ্কিয়ানে আমেৰিকাৰ সৈতে আলোচনাৰ পৰা তেহৰাণে কেতিয়াও আঁতৰি যোৱা নাই বুলি মন্তব্য কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

চাইবাৰ অপৰাধীৰ বিৰুদ্ধে অব্যাহত আৰক্ষীৰ অভিযান

ছমৰীয়াত চাইবাৰ অপৰাধীৰ বিৰুদ্ধে অব্যাহত আৰক্ষীৰ অভিযান। নতুন কাঠমি, বগুৰিগুৰীত...

বৰপেটা জিলা কাৰাগাৰত কয়দী আৰু জে’ল কৰ্তৃপক্ষৰ মাজত ভয়ংকৰ সংঘাত

কাৰাগাৰৰ ভিতৰতে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ যোৱাৰ উপক্ৰম! বৰপেটা জিলা...

মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ নামত উৎকোচ লোৱাৰ অভিযোগত বৰ্খাস্ত GMCHৰ সহকাৰী অধ্যাপক

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ (GMCH) ফৰেনচিক মেডিচিন বিভাগৰ...

গুৱাহাটীৰ ক্লাবত নিশা ভয়ংকৰ ঘটনা, ক্লাবলৈ যোৱা যুৱতীক অৰ্ধ উলংগ কৰি প্ৰহাৰৰ অভিযোগ

গুৱাহাটীৰ খানাপাৰাৰ এটা ক্লাবত নিশা ভয়ংকৰ ঘটনা। ক্লাবলৈ যোৱা...