তেজপুৰ বিশ্ববিদ্যালয়ত স্থাপন হ’ব ধ্ৰুপদী অসমীয়া ভাষা অধ্যয়নৰ উৎকৰ্ষ কেন্দ্ৰ

ধ্ৰুপদী অসমীয়া ভাষাৰ অধ্যয়ন, গৱেষণা আৰু সংৰক্ষণৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। তেজপুৰ বিশ্ববিদ্যালয়ত ‘Centre of Excellence for Studies in Classical Assamese’ অৰ্থাৎ ‘ধ্ৰুপদী অসমীয়া ভাষা অধ্যয়নৰ উৎকৰ্ষ কেন্দ্ৰ’ স্থাপনৰ অনুমোদন দিয়া হৈছে।

কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ৰ উচ্চ শিক্ষা বিভাগৰ ভাষা শাখাই ১ অক্টোবৰত জাৰি কৰা এক কাৰ্যালয় স্মাৰকযোগে এই সিদ্ধান্তৰ কথা প্ৰকাশ কৰিছে। স্মাৰক অনুসৰি ধ্ৰুপদী অসমীয়া ভাষাৰ লগতে ধ্ৰুপদী বাংলা, ধ্ৰুপদী মাৰাঠী, ধ্ৰুপদী পালি আৰু ধ্ৰুপদী প্ৰাকৃত ভাষাৰ অধ্যয়নৰ বাবে দেশত মুঠ পাঁচটা Centre of Excellence স্থাপনৰ অনুমোদন দিয়া হৈছে।

ধ্ৰুপদী অসমীয়া ভাষাৰ Centre of Excellence-ৰ বাবে তেজপুৰ বিশ্ববিদ্যালয়ক নিৰ্বাচন কৰা হৈছে। আনহাতে, ধ্ৰুপদী বাংলাৰ বাবে পশ্চিমবংগৰ বিশ্ব-ভাৰতী বিশ্ববিদ্যালয়, ধ্ৰুপদী মাৰাঠীৰ বাবে মহাৰাষ্ট্ৰৰ পুনেৰ Deccan College Post-Graduate and Research Institute, ধ্ৰুপদী পালিৰ বাবে Central University of Odisha আৰু ধ্ৰুপদী প্ৰাকৃতৰ বাবে Central University of Gujarat নিৰ্ধাৰণ কৰা হৈছে।

কেন্দ্ৰীয় চৰকাৰৰ এই উদ্যোগৰ মূল উদ্দেশ্য হৈছে সংশ্লিষ্ট ধ্ৰুপদী ভাষাসমূহৰ শৈক্ষিক গৱেষণা, ডিজিটাইজেচন, সংৰক্ষণ আৰু ঐতিহ্যৰ প্ৰচাৰ আৰু প্ৰসাৰ শক্তিশালী কৰা। তেজপুৰ বিশ্ববিদ্যালয়ত স্থাপন হ’বলগীয়া কেন্দ্ৰটোৱে অসমীয়া ভাষাৰ পুৰণি সাহিত্য, পাণ্ডুলিপি আৰু ভাষিক ঐতিহ্যৰ অধ্যয়ন তথা সংৰক্ষণৰ ক্ষেত্ৰত নতুন সুযোগ সৃষ্টি কৰিব বুলি আশা কৰা হৈছে।

অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰাৰ পাছত ভাষাটোৰ চহকী সাহিত্যিক আৰু ভাষিক ঐতিহ্যৰ সংৰক্ষণ আৰু গৱেষণাৰ বাবে এনে এক বিশেষ কেন্দ্ৰ স্থাপনৰ দাবী উত্থাপন হৈ আহিছিল। কেন্দ্ৰীয় চৰকাৰৰ এই অনুমোদনৰ পাছত তেজপুৰ বিশ্ববিদ্যালয়ত ধ্ৰুপদী অসমীয়া ভাষাক লৈ গৱেষণা আৰু শৈক্ষিক কাম-কাজ অধিক শক্তিশালী হোৱাৰ সম্ভাৱনা আছে।

এই সিদ্ধান্তৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ক কৃতজ্ঞতা জ্ঞাপন কৰিছে অসমৰ পক্ষৰ পৰা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

জীৱিকাৰ কোনো সৰু-বৰ নাই; উচ্চ শিক্ষিতা নিবেদিতা বৰুৱাৰ ব্যতিক্ৰমী কৰ্মসংস্কৃতি

জীৱিকাৰ বাবে কোনো কামেই সৰু নহয়। কামৰ প্ৰতি সন্মান,...

আজিৰে পৰা পৰ্যটকৰ বাবে মুকলি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

কাজিৰঙাত আৰম্ভ ২০২৬-২৭ পৰ্যটন বৰ্ষ। আজিৰে পৰা পৰ্যটকৰ বাবে...

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ২০২৬-২৭ বৰ্ষৰ স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ ফলাফল ঘোষণা

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ২০২৬-২৭ বৰ্ষৰ স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ...

ইৰানক কেন্দ্ৰ কৰি মধ্যপ্ৰাচ্যত আমেৰিকাৰ সামৰিক তৎপৰতা বৃদ্ধি

ইৰানক কেন্দ্ৰ কৰি মধ্যপ্ৰাচ্যত আমেৰিকাই সামৰিক উপস্থিতি বৃদ্ধি কৰিছে।...