বৰপেটা জিলা কাৰাগাৰত কয়দী আৰু জে’ল কৰ্তৃপক্ষৰ মাজত ভয়ংকৰ সংঘাত

কাৰাগাৰৰ ভিতৰতে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ যোৱাৰ উপক্ৰম! বৰপেটা জিলা কাৰাগাৰত কয়দী আৰু জে’ল কৰ্তৃপক্ষৰ মাজত সংঘাতক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ উত্তেজনা।
সহকাৰী কাৰাধ্যক্ষ কিশোৰ হালৈৰ বিৰুদ্ধে মইমতালিৰ অভিযোগ উত্থাপন কৰি কয়দীসকলে কাৰাগাৰৰ ভিতৰতে হিংসাত্মক প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদৰ মাজতে কয়দীসকলে কাৰাগাৰৰ ভিতৰত থকা দ্বিতীয়খন গেট ভাঙিবলৈ উদ্যত হোৱা বুলি জানিব পৰা গৈছে। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ কাৰাগাৰ কৰ্তৃপক্ষই শূন্যলৈ ৩ জাঁই গুলীচালনা কৰাৰো তথ্য পোহৰলৈ আহিছে। গুলীচালনাৰ পাছতে পৰিস্থিতি নিয়ন্ত্ৰণলৈ অনাৰ চেষ্টা চলায় কৰ্তৃপক্ষই। ঘটনাক কেন্দ্ৰ কৰি বৰপেটা জিলা কাৰাগাৰ চৌহদত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য। ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে জিলা আয়ুক্ত নৱদীপ পাঠক। লগতে বৰপেটা আৰক্ষীৰ বৃহৎ দলেও কাৰাগাৰ চৌহদত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লৈছে। ঘটনাৰ পাছত কাৰাগাৰৰ নিৰাপত্তা অধিক কটকটীয়া কৰি তোলা হৈছে। এই মুহূৰ্তলৈ কোনো লোককে কাৰাগাৰৰ ভিতৰত প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাই। কাৰাগাৰৰ বাহিৰৰ গেটতে ৰৈ থাকিবলগীয়া হৈছে সকলোকে। ঘটনাটোৰ প্ৰকৃত কাৰণ আৰু গুলীচালনাৰ পৰিস্থিতি সম্পৰ্কে কৰ্তৃপক্ষৰ পৰা অধিক তথ্যৰ অপেক্ষা কৰা হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ নামত উৎকোচ লোৱাৰ অভিযোগত বৰ্খাস্ত GMCHৰ সহকাৰী অধ্যাপক

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ (GMCH) ফৰেনচিক মেডিচিন বিভাগৰ...

গুৱাহাটীৰ ক্লাবত নিশা ভয়ংকৰ ঘটনা, ক্লাবলৈ যোৱা যুৱতীক অৰ্ধ উলংগ কৰি প্ৰহাৰৰ অভিযোগ

গুৱাহাটীৰ খানাপাৰাৰ এটা ক্লাবত নিশা ভয়ংকৰ ঘটনা। ক্লাবলৈ যোৱা...

৫ টকাত চাৰ্জ কৰি চলাব পাৰিব ৫০ কিলোমিটাৰ।মহানগৰীৰ সতী ৰাধিকা শান্তি উদ্যানত বেম্ব’ চাইকেল মুকলি মুখ্যমন্ত্ৰীৰ

মহানগৰীৰ সতী ৰাধিকা শান্তি উদ্যানত বেম্ব’ চাইকেল মুকলি মুখ্যমন্ত্ৰীৰ।...