২০২৭ বৰ্ষৰ আইচিচি পুৰুষ ক্ৰিকেট বিশ্বকাপৰ সময়সূচী ঘোষণা, গ্ৰুপ ‘A’ত ভাৰত। ১০ অক্টোবৰত ভাৰত-পাকিস্তানৰ খেল

ICC-এ আজি কেপটাউনত ঘোষণা কৰে ২০২৭ চনৰ ICC পুৰুষৰ এদিনীয়া বিশ্বকাপৰ সম্পূৰ্ণ সূচী। দক্ষিণ আফ্ৰিকা, জিম্বাব’ৱে আৰু নামিবিয়াই যৌথভাৱে আয়োজন কৰিবলগীয়া বিশ্বকাপখন ২ অক্টোবৰত উইণ্ডহ’কত অনুষ্ঠিত তিনিটা দলৰ ছুপাৰ ছিৰিজেৰে আৰম্ভ হ’ব। গ্ৰুপ পৰ্যায়ৰ মেচ আৰম্ভ হ’ব ৭ অক্টোবৰৰ পৰা।

এইবাৰৰ বিশ্বকাপত ১৪টা দলে ১২টা ভেন্যুত খেলিব। ভাৰতক গ্ৰুপ ‘A’ত ৰখা হৈছে। এই গ্ৰুপত ভাৰতৰ সৈতে আছে অষ্ট্ৰেলিয়া, পাকিস্তান, আফগানিস্তান, জিম্বাব’ৱে আৰু কোৱালিফায়াৰ ‘A’। গ্ৰুপ ‘B’ত আছে নিউজিলেণ্ড, দক্ষিণ আফ্ৰিকা, শ্ৰীলংকা, ইংলেণ্ড, বাংলাদেশ আৰু কোৱালিফায়াৰ ‘B’।

ভাৰতে ৭ অক্টোবৰত কেপটাউনত ডিফেণ্ডিং চেম্পিয়ন অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে বিশ্বকাপ অভিযান আৰম্ভ কৰিব। আনহাতে, বহু প্ৰতীক্ষিত ভাৰত-পাকিস্তানৰ মেচখন ১০ অক্টোবৰত জোহানেছবাৰ্গত অনুষ্ঠিত হ’ব।

বিশ্বকাপৰ ফাইনেল ২১ নৱেম্বৰত জোহানেছবাৰ্গত অনুষ্ঠিত হ’ব আৰু ২২ নৱেম্বৰ ৰিজাৰ্ভ ডে’ হিচাপে ৰখা হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বাঁহৰ পৰা নিমখ প্ৰস্তুত কৰি আত্মনিৰ্ভৰশীলতাৰ সপোন ডিমৌৰ যুৱকৰ

ডিমৌৰ পানীদিহিঙৰ ধাইবাৰীৰ যুৱক অনিৰুদ্ধ মগৰে বাঁহৰ পৰা প্ৰস্তুত...

দক্ষিণ-কোৰিয়াক হৰুৱাই এছিয়ান গেমছত ভাৰতীয় মহিলা ৰিকাৰ্ভ আৰ্চাৰী দলৰ ঐতিহাসিক স্বৰ্ণ

২০২৬ এছিয়ান গেমছত ইতিহাস ৰচিলে ভাৰতীয় মহিলা ৰিকাৰ্ভ আৰ্চাৰী...

হাইলাকান্দিত ৬০ লাখ টকাৰ ইয়াবা টেবলেট সহ দুজনক গ্ৰেপ্তাৰ

হাইলাকান্দি জিলাত পুনৰ বৃহৎ পৰিমাণৰ নিষিদ্ধ ইয়াবা টেবলেট জব্দ...

আজি পুৱা ১০ বজাত এছিয়ান গেমছৰ ফাইনেলত চীনৰ বাও জিয়িৰ বিৰুদ্ধে লাভলীনা বৰগোঁহাই

ভাৰতীয় বক্সাৰ লাভলীনা বৰগোঁহাই আজি, ২ অক্টোবৰত পুৱা ১০...