১ অক্টোবৰৰ পৰা ব্যৱসায়িক ক্ষেত্ৰত WhatsApp ব্যৱহাৰৰ মাচুলৰ নিয়ম সলনি কৰিছে Meta-ই। নতুন নিৰিখ অনুসৰি, WhatsApp Business Platform-ৰ প্ৰতিটো ব্যৱসায়িক ফোন নম্বৰৰ বাবে মাহে ১,০০০টা service message বিনামূলীয়াকৈ প্ৰেৰণ কৰিব পাৰিব। এই সীমা অতিক্ৰম কৰাৰ পিছত প্ৰতিটো delivered service message-ৰ বাবে ভাৰতত ০.১১৫ পইচাকৈ মাচুল দিব লাগিব।
Meta-ৰ নতুন মূল্য নিৰ্ধাৰণ ব্যৱস্থা solution provider-ৰ জৰিয়তে অথবা direct integration-ৰ মাধ্যমেৰে WhatsApp Business Platform ব্যৱহাৰ কৰা ব্যৱসায়সমূহৰ ক্ষেত্ৰতো প্ৰযোজ্য হ’ব।
ইফালে, গ্ৰাহকে ব্যৱসায়িক প্ৰতিষ্ঠানলৈ মেছেজ কৰাৰ পিছত আৰম্ভ হোৱা ২৪ ঘণ্টীয়া customer service window-ৰ ভিতৰতো কিছুমান utility message-ৰ বাবে এতিয়াৰে পৰা মাচুল দিব লাগিব। অৰ্ডাৰ নিশ্চিতকৰণ, delivery update আৰু account-related notification আদি utility message-ৰ অন্তৰ্ভুক্ত। ভাৰতত প্ৰতিটো delivered utility message-ৰ বাবেও ০.১১৫ পইচাকৈ মাচুল নিৰ্ধাৰণ কৰা হৈছে।
একেদৰে authentication message-ৰ বাবেও প্ৰতিটো delivered message-ত ০.১১৫ পইচাকৈ মাচুল লাগিব। আনহাতে, marketing message-ৰ হাৰ প্ৰতিটো delivered message-ৰ বাবে ০.৮৬৩১ নিৰ্ধাৰণ কৰা হৈছে। অৱশ্যে, Meta-ই প্ৰকাশ কৰা এই হাৰত তৃতীয় পক্ষৰ provider-ৰ অতিৰিক্ত মাচুল বা কৰ অন্তৰ্ভুক্ত নহ’ব পাৰে।
উল্লেখ্য যে, ৩০ ছেপ্টেম্বৰলৈকে service message-ৰ বাবে Meta-ই কোনো messaging charge আৰোপ কৰা নাছিল। নতুন নিয়ম কাৰ্যকৰী হোৱাৰ পূৰ্বে ব্যৱসায়সমূহক payment method সংযোজন কৰিবলৈও Meta-ই আহ্বান জনাইছে। কোম্পানীটোৰ মতে, ৩০ ছেপ্টেম্বৰৰ ভিতৰত payment method সংযোজন নকৰা ব্যৱসায়ে ১ অক্টোবৰৰ পৰা service message প্ৰেৰণত বাধাৰ সন্মুখীন হ’ব পাৰে।
অৱশ্যে, এই নতুন মাচুলৰ প্ৰভাৱ সাধাৰণ WhatsApp ব্যৱহাৰকাৰীৰ ব্যক্তিগত মেছেজৰ ক্ষেত্ৰত নপৰে।
ইফালে, Meta Business Agent-ৰ AI সেৱাৰ মাচুল পৃথকভাৱে প্ৰযোজ্য হ’ব। Meta-ৰ তথ্য অনুসৰি, Business Agent-ৰ response-ৰ বাবে প্ৰতি ১ মিলিয়ন token-ত ২ ডলাৰ মাচুল নিৰ্ধাৰণ কৰা হৈছে।
