আজি পৰা কাৰ্যকৰী হ’ল জন্ম-মৃত্যু পঞ্জীয়ন (সংশোধনী) আইন; জানি লওক নতুন বিধি

আজি পৰা কাৰ্যকৰী হ’ল জন্ম আৰু মৃত্যু পঞ্জীয়ন (সংশোধনী) আইন। এই আইনৰ জৰিয়তে ১৯৬৯ চনৰ জন্ম আৰু মৃত্যু পঞ্জীয়ন আইনত কেইবাটাও সংশোধনী অনা হৈছে। জন্ম-মৃত্যু পঞ্জীয়নত হোৱা পলম ৰোধ কৰাৰ লগতে নাগৰিকসকলক সময়মতে জন্ম আৰু মৃত্যু পঞ্জীয়ন কৰিবলৈ উৎসাহিত কৰাই এই সংশোধিত আইনৰ মূল উদ্দেশ্য।

আইনখনৰ মতে, কোনো জন্ম বা মৃত্যুৰ ঘটনা পঞ্জীয়কৰ ওচৰত এবছৰতকৈ অধিক কিন্তু দুবছৰৰ ভিতৰত অৱগত কৰিলে, জিলা দণ্ডাধীশ (District Magistrate), উপ-বিভাগীয় দণ্ডাধীশ (Sub-Divisional Magistrate) অথবা কাৰ্যবাহী দণ্ডাধীশ (Executive Magistrate)-ৰ অনুমোদনৰ পিছতহে পঞ্জীয়ন কৰিব পাৰিব।

আনহাতে, কোনো জন্ম বা মৃত্যুৰ ঘটনা দুবছৰতকৈ অধিক পলমকৈ পঞ্জীয়কৰ ওচৰত অৱগত কৰা হ’লে, প্ৰথম শ্ৰেণীৰ ন্যায়িক দণ্ডাধীশৰ (Judicial Magistrate of the First Class) আদেশৰ পিছতহে সেই ঘটনা পঞ্জীয়ন কৰা হ’ব।

সংশোধিত আইনখনত পলমকৈ পঞ্জীয়নৰ অনুমতি দিয়াৰ পূৰ্বে সংশ্লিষ্ট কৰ্তৃপক্ষই অৱগত কৰা জন্ম বা মৃত্যুৰ ঘটনাৰ সত্যতা পৰীক্ষা কৰাটো বাধ্যতামূলক কৰা হৈছে।

উল্লেখ্য যে, জন্ম আৰু মৃত্যু পঞ্জীয়ন কৰাটো বাধ্যতামূলক। পঞ্জীয়নৰ পিছত জাৰি কৰা প্ৰমাণপত্ৰই এগৰাকী ব্যক্তিৰ আইনী পৰিচয়ৰ গুৰুত্বপূৰ্ণ নথি হিচাপে কাম কৰে।

জন্ম আৰু মৃত্যু পঞ্জীয়ন (সংশোধনী) বিধেয়ক চলিত বৰ্ষৰ আগষ্ট মাহত সংসদৰ বৰ্ষাকালীন অধিৱেশনত গৃহীত হৈছিল। আজি পৰা আইনখন কাৰ্যকৰী হোৱাৰ লগে লগে জন্ম আৰু মৃত্যু পঞ্জীয়নৰ ক্ষেত্ৰত পলম ৰোধ আৰু সময়মতে পঞ্জীয়ন নিশ্চিত কৰাৰ দিশত নতুন ব্যৱস্থা প্ৰযোজ্য হ’ল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আজিৰে পৰা WhatsAppত মেছেজ দিলে ভৰিব লাগিব মাচুল; WhatsApp Businessত ১,০০০টা ফ্ৰী মেছেজৰ পাছত ভৰিব লাগিব ধন

১ অক্টোবৰৰ পৰা ব্যৱসায়িক ক্ষেত্ৰত WhatsApp ব্যৱহাৰৰ মাচুলৰ নিয়ম...

মাত্ৰ ১৫ বছৰতে বিশ্বজুৰি চৰ্চাত বৈভৱ সূৰ্যবংশী; TIME100 Next-ত স্থান লাভ উদীয়মান ক্ৰিকেটাজনৰ

১৫ বছৰীয়া ভাৰতীয় ক্ৰিকেটৰ উদীয়মান প্ৰতিভা বৈভৱ সূৰ্যবংশীক বিশ্বৰ...

এছিয়ান গেমছত ভাৰতৰ পদকৰ দৌৰ অব্যাহত; হকী-ক্রিকেটত ফাইনেলত প্ৰৱেশ, মল্লযুদ্ধ-ছেইলিঙ-আৰ্চাৰীত পদক

জাপান এছিয়ান গেমছত ভাৰতীয় খেলুৱৈসকলৰ সফল অভিযান অব্যাহত আছে।...

হঠাতে ঘৰ-ৰাস্তাত ভয়ংকৰ ফাট! লিডুত ক’ল ইণ্ডিয়াৰ কয়লা ডাম্পিঙ, মাটি খননৰ ভয়ংকৰ পৰিণতি

মাৰ্ঘেৰিটা সমজিলাৰ অন্তৰ্গত লিডুৰ ঝৰ্ণা বস্তীত বাসগৃহ আৰু বাট-পথত...