আফগানিস্তানত পাকিস্তানৰ পুনৰ বিমান আক্ৰমণ; নিহত ৯গৰাকী সাধাৰণ জনতা, আহত ১১

আফগানিস্তানত পুনৰ বিমান আক্ৰমণ পাকিস্তানৰ। তালিবান চৰকাৰৰ দাবী অনুসৰি, পাকিস্তানৰ এই বিমান আক্ৰমণত ৯গৰাকী অসামৰিক লোক নিহত হোৱাৰ লগতে ১১গৰাকী আহত হৈছে। নিহতসকলৰ মাজত মহিলা আৰু শিশুও থকা বুলি জানিবলৈ দিছে তালিবান চৰকাৰৰ মুখপাত্ৰ জাবিহুল্লাহ মুজাহিদে।

তালিবানৰ মতে, পাকিস্তান সীমান্তৱৰ্তী কুনাৰ আৰু হেলমান্দ প্ৰদেশৰ কেইবাটাও বাসগৃহত এই আক্ৰমণ সংঘটিত হয়। আক্ৰমণক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তালিবান চৰকাৰে ঘটনাক আগ্ৰাসন আৰু অপৰাধ বুলি অভিহিত কৰিছে।

অৱশ্যে পাকিস্তানৰ তথ্য মন্ত্ৰালয়ে সাধাৰণ লোক নিহত হোৱাৰ দাবী অস্বীকাৰ কৰি অভিযানত ২২গৰাকী সন্ত্ৰাসবাদী নিহত হোৱা বুলি দাবী কৰিছে। পাকিস্তানৰ মতে, আফগানিস্তানত থকা সন্ত্ৰাসবাদীৰ শিবিৰ লক্ষ্য কৰি পৰিকল্পিতভাৱে এই অভিযান চলোৱা হৈছিল। সেই শিবিৰত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আৰু গোলা বাৰুদ মজুত থকা বুলিও পাকিস্তানে দাবী কৰিছে।

ইফালে, গাৰ্মছিৰৰ এগৰাকী প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, স্থানীয় সময় অনুসৰি নিশা প্ৰায় ৩:৩০ বজাৰ পৰা বিমান আক্ৰমণ আৰম্ভ হৈছিল আৰু প্ৰায় ৩০ মিনিট ধৰি চলিছিল। আক্ৰমণৰ ফলত কেইবাটাও বাসগৃহ ক্ষতিগ্ৰস্ত হোৱাৰ লগতে হতাহতিৰ ঘটনা সংঘটিত হোৱা বুলি তেওঁ দাবী কৰে।

উল্লেখ্য যে, আফগানিস্তানৰ মাটিৰ পৰা পাকিস্তানত আক্ৰমণ চলোৱা উগ্ৰপন্থী সংগঠনসমূহক তালিবান চৰকাৰে আশ্ৰয় দিয়াৰ অভিযোগ পাকিস্তানে দীৰ্ঘদিন ধৰি উত্থাপন কৰি আহিছে। তালিবানে অৱশ্যে এই অভিযোগ অস্বীকাৰ কৰি আহিছে।

দুয়োখন দেশৰ মাজত শেহতীয়াকৈ উত্তেজনা বৃদ্ধি পাইছে। চীনৰ মধ্যস্থতাত মাৰ্চ মাহত যুদ্ধবিৰতি স্থাপন কৰা হৈছিল যদিও সেয়া দীৰ্ঘস্থায়ী নহ’ল। যোৱা সপ্তাহতো পাকিস্তানে আফগানিস্তানৰ কেইবাটাও অঞ্চলত বিমান আক্ৰমণ চলাইছিল, য’ত তালিবানৰ শক্তিৰ কেন্দ্ৰ কান্দাহাৰো আছিল। তালিবান চৰকাৰৰ মতে, সেই আক্ৰমণত ৪গৰাকী সাধাৰাণ নাগৰিক নিহত হৈছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

হঠাতে ঘৰ-ৰাস্তাত ভয়ংকৰ ফাট! লিডুত ক’ল ইণ্ডিয়াৰ কয়লা ডাম্পিঙ, মাটি খননৰ ভয়ংকৰ পৰিণতি

মাৰ্ঘেৰিটা সমজিলাৰ অন্তৰ্গত লিডুৰ ঝৰ্ণা বস্তীত বাসগৃহ আৰু বাট-পথত...

আজি পৰা কাৰ্যকৰী হ’ল জন্ম-মৃত্যু পঞ্জীয়ন (সংশোধনী) আইন; জানি লওক নতুন বিধি

আজি পৰা কাৰ্যকৰী হ’ল জন্ম আৰু মৃত্যু পঞ্জীয়ন (সংশোধনী)...

আজি আন্তঃৰাষ্ট্ৰীয় কফি দিৱসঃ চাহৰ দেশত কফিৰ খেতি! অসমলৈ কেনেকৈ আহিল কফি, ক’ত হয় উৎপাদন?

আজি ১ অক্টোবৰত পালন কৰা হৈছে আন্তঃৰাষ্ট্ৰীয় কফি দিৱস।...

ধেমাজি ডাক বিভাগৰ অভিনৱ পদক্ষেপ; এতিয়াৰে পৰা ড্ৰোনেৰে কৰিব পাৰিব চিঠি-পত্ৰৰ আদান-প্ৰদান

ধেমাজিৰ আকাশত বৃহৎ আকাৰৰ ড্ৰোন প্ৰত্যক্ষ কৰি আচৰিত হৈ...