হঠাতে ঘৰ-ৰাস্তাত ভয়ংকৰ ফাট! লিডুত ক’ল ইণ্ডিয়াৰ কয়লা ডাম্পিঙ, মাটি খননৰ ভয়ংকৰ পৰিণতি

মাৰ্ঘেৰিটা সমজিলাৰ অন্তৰ্গত লিডুৰ ঝৰ্ণা বস্তীত বাসগৃহ আৰু বাট-পথত হঠাৎ ভয়ংকৰ ফাট মেলাৰ ঘটনাই অঞ্চলটোত তীব্ৰ আতংকৰ সৃষ্টি কৰিছে। ফাটবোৰ ক্ৰমাৎ বৃদ্ধি পোৱাত যিকোনো সময়তে ভয়ংকৰ বিপদ সংঘটিত হোৱাৰ আশংকাত শংকিত হৈ পৰিছে স্থানীয় ৰাইজ।

স্থানীয় বাসিন্দাসকলে অভিযোগ কৰা অনুসৰি, ক’ল ইণ্ডিয়াৰ কয়লা ডাম্পিং আৰু মাটি খননৰ ফলতেই অঞ্চলটোত এই পৰিস্থিতিৰ সৃষ্টি হৈছে। পাটকাই পাহাৰৰ পাদদেশত পানীৰ স্বাভাৱিক সোঁত বন্ধ হৈ পৰাৰ ফলতো ভূমিৰ অৱস্থাত পৰিৱৰ্তন ঘটা বুলি ৰাইজে সন্দেহ প্ৰকাশ কৰিছে।

ইতিমধ্যে ঘৰ-দুৱাৰ, পথ আৰু আন আন্তঃগাঁথনিত দেখা দিয়া ফাট ক্ৰমাৎ বহল হৈ পৰাত গাঁওবাসীৰ মাজত হাহাকাৰ সৃষ্টি হৈছে। স্থানীয় লোকৰ অভিযোগ অনুসৰি, এই পৰিস্থিতিৰ ফলত বৰ্তমানলৈকে প্ৰায় এশটা পৰিয়াল প্ৰভাৱিত হৈছে। ইয়াৰে কেইবাটাও পৰিয়ালক ইতিমধ্যে নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা হৈছে।

ঘটনাটোৰ গুৰুত্ব উপলব্ধি কৰি আজি মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মাই সমজিলা প্ৰশাসন আৰু উত্তৰ-পূব কয়লা ক্ষেত্ৰৰ প্ৰতিনিধিসকলক লগত লৈ ক্ষতিগ্ৰস্ত ঝৰ্ণা বস্তী অঞ্চল পৰিদৰ্শন কৰে।

পৰিদৰ্শনকালত বিধায়কগৰাকীয়ে ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ সৈতে মত-বিনিময় কৰি সমগ্ৰ পৰিস্থিতিৰ বুজ লয়। লগতে বিষয়টো গুৰুত্বসহকাৰে গ্ৰহণ কৰি বৈজ্ঞানিকভাৱে পৰিস্থিতি অধ্যয়ন কৰাৰ বাবে শীঘ্ৰে ভূতত্ত্ব বিশেষজ্ঞৰ দল প্ৰেৰণৰ ব্যৱস্থা কৰা হ’ব বুলি সংবাদ মাধ্যমৰ জৰিয়তে জানিবলৈ দিয়ে।

ইফালে, অঞ্চলটোত ফাটৰ পৰিমাণ ক্ৰমাৎ বৃদ্ধি পোৱাত স্থানীয় লোকসকলে সম্ভাব্য বিপদৰ আশংকাত আতংকিত হৈ পৰিছে। সেয়েহে সমগ্ৰ বিষয়টো বৈজ্ঞানিকভাৱে পৰীক্ষা-নিৰীক্ষা কৰি প্ৰকৃত কাৰণ নিৰ্ণয় কৰাৰ লগতে ক্ষতিগ্ৰস্ত লোকসকলৰ সুৰক্ষাৰ বাবে শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ৰাইজে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মাত্ৰ ১৫ বছৰতে বিশ্বজুৰি চৰ্চাত বৈভৱ সূৰ্যবংশী; TIME100 Next-ত স্থান লাভ উদীয়মান ক্ৰিকেটাজনৰ

১৫ বছৰীয়া ভাৰতীয় ক্ৰিকেটৰ উদীয়মান প্ৰতিভা বৈভৱ সূৰ্যবংশীক বিশ্বৰ...

এছিয়ান গেমছত ভাৰতৰ পদকৰ দৌৰ অব্যাহত; হকী-ক্রিকেটত ফাইনেলত প্ৰৱেশ, মল্লযুদ্ধ-ছেইলিঙ-আৰ্চাৰীত পদক

জাপান এছিয়ান গেমছত ভাৰতীয় খেলুৱৈসকলৰ সফল অভিযান অব্যাহত আছে।...

আজি পৰা কাৰ্যকৰী হ’ল জন্ম-মৃত্যু পঞ্জীয়ন (সংশোধনী) আইন; জানি লওক নতুন বিধি

আজি পৰা কাৰ্যকৰী হ’ল জন্ম আৰু মৃত্যু পঞ্জীয়ন (সংশোধনী)...

আফগানিস্তানত পাকিস্তানৰ পুনৰ বিমান আক্ৰমণ; নিহত ৯গৰাকী সাধাৰণ জনতা, আহত ১১

আফগানিস্তানত পুনৰ বিমান আক্ৰমণ পাকিস্তানৰ। তালিবান চৰকাৰৰ দাবী অনুসৰি,...