হঠাতে ঘৰ-ৰাস্তাত ভয়ংকৰ ফাট! লিডুত ক’ল ইণ্ডিয়াৰ কয়লা ডাম্পিঙ, মাটি খননৰ ভয়ংকৰ পৰিণতি

মাৰ্ঘেৰিটা সমজিলাৰ অন্তৰ্গত লিডুৰ ঝৰ্ণা বস্তীত বাসগৃহ আৰু বাট-পথত হঠাৎ ভয়ংকৰ ফাট মেলাৰ ঘটনাই অঞ্চলটোত তীব্ৰ আতংকৰ সৃষ্টি কৰিছে। ফাটবোৰ ক্ৰমাৎ বৃদ্ধি পোৱাত যিকোনো সময়তে ভয়ংকৰ বিপদ সংঘটিত হোৱাৰ আশংকাত শংকিত হৈ পৰিছে স্থানীয় ৰাইজ।

স্থানীয় বাসিন্দাসকলে অভিযোগ কৰা অনুসৰি, ক’ল ইণ্ডিয়াৰ কয়লা ডাম্পিং আৰু মাটি খননৰ ফলতেই অঞ্চলটোত এই পৰিস্থিতিৰ সৃষ্টি হৈছে। পাটকাই পাহাৰৰ পাদদেশত পানীৰ স্বাভাৱিক সোঁত বন্ধ হৈ পৰাৰ ফলতো ভূমিৰ অৱস্থাত পৰিৱৰ্তন ঘটা বুলি ৰাইজে সন্দেহ প্ৰকাশ কৰিছে।

ইতিমধ্যে ঘৰ-দুৱাৰ, পথ আৰু আন আন্তঃগাঁথনিত দেখা দিয়া ফাট ক্ৰমাৎ বহল হৈ পৰাত গাঁওবাসীৰ মাজত হাহাকাৰ সৃষ্টি হৈছে। স্থানীয় লোকৰ অভিযোগ অনুসৰি, এই পৰিস্থিতিৰ ফলত বৰ্তমানলৈকে প্ৰায় এশটা পৰিয়াল প্ৰভাৱিত হৈছে। ইয়াৰে কেইবাটাও পৰিয়ালক ইতিমধ্যে নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা হৈছে।

ঘটনাটোৰ গুৰুত্ব উপলব্ধি কৰি আজি মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মাই সমজিলা প্ৰশাসন আৰু উত্তৰ-পূব কয়লা ক্ষেত্ৰৰ প্ৰতিনিধিসকলক লগত লৈ ক্ষতিগ্ৰস্ত ঝৰ্ণা বস্তী অঞ্চল পৰিদৰ্শন কৰে।

পৰিদৰ্শনকালত বিধায়কগৰাকীয়ে ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ সৈতে মত-বিনিময় কৰি সমগ্ৰ পৰিস্থিতিৰ বুজ লয়। লগতে বিষয়টো গুৰুত্বসহকাৰে গ্ৰহণ কৰি বৈজ্ঞানিকভাৱে পৰিস্থিতি অধ্যয়ন কৰাৰ বাবে শীঘ্ৰে ভূতত্ত্ব বিশেষজ্ঞৰ দল প্ৰেৰণৰ ব্যৱস্থা কৰা হ’ব বুলি সংবাদ মাধ্যমৰ জৰিয়তে জানিবলৈ দিয়ে।

ইফালে, অঞ্চলটোত ফাটৰ পৰিমাণ ক্ৰমাৎ বৃদ্ধি পোৱাত স্থানীয় লোকসকলে সম্ভাব্য বিপদৰ আশংকাত আতংকিত হৈ পৰিছে। সেয়েহে সমগ্ৰ বিষয়টো বৈজ্ঞানিকভাৱে পৰীক্ষা-নিৰীক্ষা কৰি প্ৰকৃত কাৰণ নিৰ্ণয় কৰাৰ লগতে ক্ষতিগ্ৰস্ত লোকসকলৰ সুৰক্ষাৰ বাবে শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ৰাইজে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পাকিস্তানৰ বেলুচিস্তানত সামৰিক ড্ৰ’ন আক্ৰমণত তিনি সাধাৰণ নাগৰিকৰ মৃত্যু

পাকিস্তানৰ বেলুচিস্তান প্ৰদেশত পৃথক পৃথক ড্ৰ’ন আক্ৰমণত তিনি সাধাৰণ...

পঞ্জাৱৰ ড্ৰাগছবিৰোধী কৰ্মী ঝোটাৰ হত্যাকাণ্ডৰ তদন্তৰ দায়িত্ব ল’ব CBIয়ে; মানছাত উপস্থিত CBIৰ দল

নিচাযুক্ত দ্ৰব্যৰ অবৈধ ব্যৱসায়ৰ বিৰুদ্ধে সৰৱ ভূমিকা গ্ৰহণ কৰা...