৩ অক্টোবৰৰ পৰা পৰ্যটকৰ বাবে মুকলি হ’ব কাজিৰঙা, নতুন ৰূপত পৰ্যটকক আদৰিবলৈ সাজু কাজিৰঙা

প্ৰায় চাৰি মাহৰ বিৰতিৰ অন্তত চলিত মাহৰ প্ৰথম সপ্তাহতে পৰ্যটকৰ বাবে মুকলি হ’ব বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষণ ক্ষেত্ৰ। বন বিভাগৰ জাননী অনুসৰি, ৩ অক্টোবৰৰ পৰা ২০২৬-২৭ পৰ্যটন বৰ্ষৰ বাবে জীপ ছাফাৰী আৰম্ভ হ’ব।

পুৱা ৭:৩০ বজাৰ পৰা ১০ বজালৈ আৰু বিয়লি ১:৩০ বজাৰ পৰা ৩ বজালৈ থাকিব জীপ ছাফাৰীৰ প্ৰৱেশৰ সময়।

নতুন পৰ্যটন বৰ্ষক লৈ ইতিমধ্যে সাজু হৈ উঠিছে কাজিৰঙাৰ পৰ্যটন উদ্যোগ। পৰ্যটকক নতুন ৰূপত আদৰিবলৈ প্ৰস্তুতি সম্পূৰ্ণ কৰিছে কাজিৰঙা জীপ ছাফাৰী আৰু পৰ্যটন ব্যৱসায় কল্যাণ সমিতিয়েও। আগতীয়াকৈ বুকিং লাভ কৰাৰ কথাও জানিবলৈ দিছে পৰ্যটন উদ্যোগীসকলে।

কাজিৰঙা পৰ্যটনৰ সৈতে ওতপ্ৰোতভাৱে জড়িত কাজিৰঙা হোটেল এছ’চিয়েচনো নতুন পৰ্যটন বৰ্ষৰ বাবে সাজু হৈছে। এছ’চিয়েচনৰ অধীনত থকা ৮১খন অতিথিশালা ৰং কৰি আটকধুনীয়াকৈ সজাই-পৰাই তোলা হৈছে। পৰ্যটকক উন্নত সেৱা আৰু অতিথি আপ্যায়ন আগবঢ়াবলৈ সম্পূৰ্ণৰূপে সাজু হৈছে হোটেল-ৰিজ’ৰ্টসমূহ।

উল্লেখ্য যে, ২০২৫-২৬ বৰ্ষত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষণ ক্ষেত্ৰলৈ মুঠ ৪,৬৮,১৪৭গৰাকী পৰ্যটকৰ আগমন ঘটিছিল। ইয়াৰে ৩০,৪৭৪গৰাকী আছিল বিদেশী পৰ্যটক। মুঠ পৰ্যটকৰ সংখ্যাই পূৰ্বৰ বৰ্ষৰ তুলনাত প্ৰায় ১৫ শতাংশ বৃদ্ধি লাভ কৰিছিল। মুঠ সংখ্যাৰ হিচাপত বিদেশী পৰ্যটকৰ অংশ প্ৰায় ৬.৫ শতাংশ।

এইবাৰো কাজিৰঙালৈ দেশ-বিদেশৰ পৰ্যটকৰ আগমন বৃদ্ধি পাব বুলি আশাবাদী পৰ্যটন উদ্যোগীসকল। হোটেল, জীপ ছাফাৰী আৰু আন আন পৰ্যটন ব্যৱসায়ৰ সৈতে জড়িতসকলৰ আশা—২০২৬-২৭ পৰ্যটন বৰ্ষটো কাজিৰঙাৰ পৰ্যটন খণ্ডৰ বাবে ইতিবাচক আৰু সফল হওক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

নাৰী শক্তিৰ অনন্য নিদৰ্শন: ৰাজমিস্ত্ৰীৰ ৰূপত মাজুলীৰ উদ্যমী মহিলা

পৰম্পৰাগত চিন্তাধাৰাক নেওচি স্বনিয়োজন আৰু স্বাৱলম্বিতাৰ এক ব্যতিক্ৰমী নিদৰ্শন...

আজি ৰাজ্যজুৰি পালন কৰা হৈছে অসম আৰক্ষী দিৱস

আজি ১ অক্টোবৰত ৰাজ্যজুৰি পালন কৰা হৈছে অসম আৰক্ষী...

হাতীগাঁৱৰ PGত মালিক-ভাড়াতীয়াৰ সংঘাত, দুয়োপক্ষৰ এজাহাৰ দাখিল

গুৱাহাটীত PG আৰু ভাড়াঘৰক লৈ পুনৰ সংঘাত। হাতীগাঁৱৰ দেৱদাৰু...

বৰ্ষাপাৰাত ৰাণৰ ধুমুহা, ৪০৬ ৰাণৰ লক্ষ্য অতিক্ৰম কৰি ইতিহাস ৰচিলে টীম ইণ্ডিয়াই

গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত সৃষ্টি হ’ল এদিনীয়া ক্ৰিকেটৰ এক...