অসমৰ বন্যপ্ৰাণী আৰু পক্ষী বৈচিত্ৰ্যৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ সংযোজন। ওৰাং ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ প্ৰকল্পত প্ৰথমবাৰৰ বাবে ভাৰতীয় ময়ূৰ (Indian Peafowl – Pavo cristatus)ৰ উপস্থিতি আনুষ্ঠানিকভাৱে নিশ্চিত কৰা হৈছে। এতিয়াৰে পৰা ওৰাঙতো আকৰ্ষণৰ কেন্দ্ৰবিন্দু হ’ব ভাৰতীয় ময়ূৰ।
২৭ ছেপ্টেম্বৰত বন্যপ্ৰাণী ফটোগ্ৰাফাৰ নেজিব আহমেদ আৰু চিনেমাট’গ্ৰাফাৰ চন্দন শইকীয়াই ওৰাং ৰাষ্ট্ৰীয় উদ্যানত এটা ভাৰতীয় ময়ূৰ প্ৰত্যক্ষ কৰে। তেওঁলোকে চৰাইটোৰ ফটো সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে।

ইয়াৰ পূৰ্বে ওৰাং ৰাষ্ট্ৰীয় উদ্যানত ভাৰতীয় ময়ূৰৰ উপস্থিতিৰ কোনো তথ্য পোৱা হোৱা নাছিল। পূৰ্বে ওৰাঙৰ সমীপৱৰ্তী অঞ্চলত ময়ূৰৰ উপস্থিতি ওদালগুৰি জিলাৰ নুনৈ বন্যপ্ৰাণী অভয়াৰণ্যত পোৱা গৈছিল।
ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ বন সংমণ্ডল বিষয়া প্ৰদীপ্ত বৰুৱাই জানিবলৈ দিয়া মতে, বিগত কেইদিনমান ধৰি উদ্যানখনৰ ৰৌমাৰী আৰু হাজাৰীবাগ এণ্টি-প’চিং কেম্প আশে-পাশে বন বিভাগৰ ফ্ৰণ্টলাইন কৰ্মীসকলে ময়ূৰৰ সৈতে মিল থকা এটা অচিনাক্ত চৰাই দেখা পোৱাৰ তথ্য লাভ কৰিছিল।
এই তথ্যৰ ভিত্তিত বন বিভাগে সংশ্লিষ্ট অঞ্চলত নিৰীক্ষণ আৰম্ভ কৰে। পৰৱৰ্তী সময়ত নেজিব আহমেদ আৰু চন্দন শইকীয়াই সংগ্ৰহ কৰা ছবিৰ জৰিয়তে চৰাইটোৰ পৰিচয় নিশ্চিত হয় আৰু ওৰাঙত ভাৰতীয় ময়ূৰৰ উপস্থিতিৰ প্ৰথম ফটোগ্ৰাফিক প্ৰমাণ লাভ কৰে।

বন সংমণ্ডল বিষয়া প্ৰদীপ্ত বৰুৱাই ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ হিচাপে অভিহিত কৰিছে। তেওঁৰ মতে, নতুন পৰ্যটন বৰ্ষ আৰম্ভ হোৱাৰ পূৰ্বে ময়ূৰৰ উপস্থিতিৰ এই তথ্যই উদ্যানখনৰ সুস্থ পৰিৱেশ, সমৃদ্ধ জৈৱ-বৈচিত্ৰ্য আৰু বিভিন্ন প্ৰজাতিৰ বাবে উপযোগী ক্ষুদ্ৰ বাসস্থানৰ এক ইতিবাচক ছবি দাঙি ধৰিছে।
ইতিমধ্যে ওৰাঙত ভাৰতীয় ময়ূৰৰ উপস্থিতিৰ খবৰ বিয়পি পৰাত পক্ষীপ্ৰেমী, বন্যপ্ৰাণী গৱেষক আৰু প্ৰকৃতিপ্ৰেমীসকলৰ মাজত ব্যাপক উৎসাহৰ সৃষ্টি হৈছে। উদ্যানখনৰ জৈৱ-বৈচিত্ৰ্যৰ ক্ষেত্ৰত এই নতুন সংযোজনে বন্যপ্ৰাণী পৰ্যবেক্ষণ আৰু গৱেষণাৰ বাবেও নতুন সম্ভাৱনাৰ সৃষ্টি কৰিছে।
বন বিভাগে জানিবলৈ দিয়া অনুসৰি, আগন্তুক দিনসমূহত ময়ূৰটোৰ গতিবিধি, উপস্থিতিৰ পৰিসৰ আৰু বাসস্থান সন্দৰ্ভত নিৰন্তৰ নিৰীক্ষণ আৰু পৰ্যবেক্ষণ অব্যাহত ৰখা হ’ব। ময়ূৰটো ওৰাঙত স্থায়ীভাৱে থাকিবলৈ আৰম্ভ কৰিছে নে আন কোনো অঞ্চলৰ পৰা আহি সাময়িকভাৱে উপস্থিত হৈছে, সেই বিষয়েও পৰৱৰ্তী পৰ্যবেক্ষণৰ জৰিয়তে অধিক তথ্য লাভ কৰাৰ আশা কৰা হৈছে।
