ম্যানমাৰৰ ৰাখাইন (Rakhine) ৰাজ্যৰ এটা ব্যস্ত বজাৰৰ সমীপত সেনা বাহিনীয়ে চলোৱা ভয়াৱহ বিমান আক্ৰমণত কমেও ৪৯ জন লোক নিহত হোৱাৰ লগতে আন ৫৮ জন গুৰুতৰভাৱে আহত হয়। নিহত আৰু আহতসকলৰ ভিতৰত বহু ব্যৱসায়ী, ক্ৰেতা আৰু সাধাৰণ পথচাৰী অন্তৰ্ভুক্ত হৈ আছে।
ৰাখাইন ৰাজ্যৰ ‘আৰাকান আৰ্মী’ (Arakan Army)ৰ নিয়ন্ত্ৰণত থকা কিউকটাউ (Kyauktaw) টাউনশ্বিপৰ মুখ্য পাইকাৰী বজাৰখনৰ কাষত এই আক্ৰমণ সংঘটিত হয়।
আৰাকান আৰ্মীৰ সূত্ৰ অনুসৰি, সেনাৰ এখন যুদ্ধবিমানৰ পৰা বজাৰখনৰ সমীপত দুটাকৈ বোমা পেলোৱা হয়।
ঘটনাত ৪৯ জন লোক নিহত হয় আৰু আহত ৫৮ জনৰ ভিতৰত ২২ জনৰ অৱস্থা অত্যন্ত সংকটজনক। ইয়াৰ উপৰিও আক্ৰমণৰ ফলত কেইবাটাও গৃহ ভস্মীভূত হয়, বাহনসমূহ ধ্বংস হয় আৰু ওচৰৰ এখন দলং আংশিকভাৱে ক্ষতিগ্রস্ত হয়।
২০২১ চনৰ ১ ফেব্ৰুৱাৰীত অং ছান ছু কীৰ নিৰ্বাচিত চৰকাৰখন ওফৰাই সামৰিক শাসন প্ৰতিষ্ঠা কৰাৰ পিছৰে পৰা ম্যানমাৰত গৃহযুদ্ধ আৰু হিংসাত্মক পৰিস্থিতি অব্যাহত আছে। ৰাখাইন ৰাজ্যত সক্ৰিয় সশস্ত্ৰ গোট ‘আৰাকান আৰ্মী’য়ে ২০২৩ চনৰ নৱেম্বৰৰ পৰা এক বৃহৎ অভিযান চলাই ৰাজ্যখনৰ ১৭টা টাউনশ্বিপৰ ভিতৰত ১৪টা অংশ নিজৰ নিয়ন্ত্ৰণলৈ আনিছে।
আৰাকান আৰ্মীয়ে এই আক্ৰমণক সাধাৰণ নাগৰিকৰ ওপৰত কৰা এক উদ্দেশ্যপ্ৰণোদিত আক্ৰমণ বুলি অভিহিত কৰি ইয়াৰ যথোচিত প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ দিছে। ইফালে, এই সন্দৰ্ভত ম্যানমাৰৰ সামৰিক চৰকাৰৰ ফালৰ পৰা কোনো আনুষ্ঠানিক মন্তব্য প্ৰকাশ কৰা হোৱা নাই।
