আমেৰিকাত ১৫ বিলিয়ন ডলাৰৰ ষ্টীল প্ৰকল্প নিৰ্মাণ কৰিব ভাৰতৰ Essar Group-এ

আমেৰিকাৰ আইঅ’ৱাত ১৫ বিলিয়ন মাৰ্কিন ডলাৰৰ বিশাল ষ্টীল কমপ্লেক্স নিৰ্মাণৰ পৰিকল্পনা ঘোষণা কৰিছে ভাৰতীয় বহুজাতিক প্ৰতিষ্ঠান Essar Group-এ। প্ৰকল্পটো Essar-ৰ মালিকানাধীন Mesabi Metallics-এ নিৰ্মাণ কৰিব।

হোৱাইট হাউছত প্ৰকল্পটো ঘোষণা কৰি আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ইয়াক আমেৰিকাৰ উৎপাদন খণ্ডৰ বাবে এক বৃহৎ বিনিয়োগ হিচাপে অভিহিত কৰে। হোৱাইট হাউছৰ মতে, এইটো হ’ব আমেৰিকাৰ ইতিহাসৰ সৰ্ববৃহৎ ষ্টীল প্লাণ্ট।

Essar Group কোন?
Essar Group হৈছে ভাৰতৰ এটা বহুজাতিক ব্যৱসায়িক গোষ্ঠী, যাৰ পাঁচ দশকৰো অধিক সময়ৰ ব্যৱসায়িক অভিজ্ঞতা আছে। Energy, Infrastructure, Metals & Mining, Technology & Retail আদি খণ্ডত প্ৰতিষ্ঠানটোৰ ব্যৱসায় আছে।

Essar-ৰ তথ্য অনুসৰি, বিশ্বৰ বিভিন্ন বজাৰত গোষ্ঠীটোৱে ৩০ বিলিয়ন ডলাৰৰো অধিক বিনিয়োগ সম্পন্ন কৰিছে। বৰ্তমান প্ৰতিষ্ঠানটোৰ বাৰ্ষিক আয় প্ৰায় ১৮ বিলিয়ন ডলাৰ আৰু বিশ্বজুৰি ৭,০০০ৰো অধিক কৰ্মচাৰী আছে।

প্ৰকল্পটোত কি থাকিব?
Minnesota-ৰ নতুন খনিৰ পৰা সংগ্ৰহ কৰা দেশীয় লৌহ আকৰ ব্যৱহাৰ কৰি Iowa-ত আধুনিক Electric Arc Furnace-ৰ জৰিয়তে ষ্টীল উৎপাদন কৰা হ’ব। কোম্পানীটোৰ মতে, ইয়াৰ জৰিয়তে সম্পূৰ্ণৰূপে আমেৰিকাত উৎপাদিত উচ্চমানৰ ষ্টীল তৈয়াৰ কৰাৰ লক্ষ্য লোৱা হৈছে।

Essar Group-ৰ অধ্যক্ষ Rewant Ruia-ই আমেৰিকাত উৎপাদন খণ্ড সম্প্ৰসাৰণৰ বাবে ট্ৰাম্পৰ সমৰ্থনৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আমেৰিকাৰ ৱাশ্বিংটন ডিচিত ভয়ংকৰ গুলীচালনা! হোৱাইট হাউছৰ সমীপতে এই ঘটনা, এজন নিহত, আহত কমেও ৪জন

আমেৰিকাৰ ৰাজধানী ৱাশ্বিংটন ডিচিত সংঘটিত হৈছে ভয়ংকৰ গুলীচালনাৰ ঘটনা।...

এনভিডিয়াৰ মুখ্য কাৰ্যবাহী বিষয়াৰ পদৰ পৰা পদত্যাগ জেনছেন হুৱাঙৰ! অন্তৱৰ্তীকালীন CEO হিচাপে দায়িত্ব ল’ব ক’লেট ক্ৰেছে

বিশ্বৰ আগশাৰীৰ কৃত্ৰিম বুদ্ধিমত্তা (AI) চিপ নিৰ্মাতা প্ৰতিষ্ঠান এনভিডিয়াত...