দুটা দশকৰো অধিক সময়ৰ সামৰিক উপস্থিতিৰ অন্তত ইৰাকত থকা তেওঁলোকৰ অন্তিমটো সামৰিক ঘাটিৰ পৰা মাৰ্কিন সেনা প্ৰত্যাহাৰ কৰা হৈছে। এই সামৰিক প্ৰত্যাহাৰক ইৰাণ আৰু ইয়াৰ সমৰ্থিত সংগঠনসমূহে এক ঐতিহাসিক বিজয় হিচাপে অভিহিত কৰিছে। উল্লেখ্য যে এই দুটা দশক জোৰা যুদ্ধত ৪,৫০০তকৈও অধিক আমেৰিকান সৈন্যই প্ৰাণ হেৰুৱাইছিল।
২০০৪ চনত জো বাইডেনৰ ৰাষ্ট্ৰপতি কালত লোৱা সিদ্ধান্ত অনুসৰি ড’নাল্ড ট্ৰাম্পৰ প্ৰশাসনে এই সেনা প্ৰত্যাহাৰ প্ৰক্ৰিয়া কাৰ্যকৰী কৰিছে। ইৰাকী নিৰাপত্তা বিশেষজ্ঞসকলৰ মতে, আমেৰিকাৰ এই প্ৰত্যাহাৰৰ ফলত ইৰাকত ইৰাণ আৰু ইয়াৰ সশস্ত্ৰ গোটসমূহৰ প্ৰভাৱ ব্যাপকভাৱে বৃদ্ধি পোৱাৰ পথ প্ৰশস্ত হৈছে। ইয়াৰ উপৰিও ইছলামিক ষ্টেট (ISIS)ৰ দৰে সন্ত্ৰাসবাদী সংগঠনেও পুনৰ মূৰ দাঙি উঠাৰ সুযোগ পাব পাৰে।
ইৰাণ সমৰ্থিত ইছলামিক ৰেজিষ্টেন্সৰ এগৰাকী কামাণ্ডাৰ আবু মুজতবা আল-য়াছিৰীয়ে কয় যে, “৩০ ছেপ্টেম্বৰত আমি ইৰাকৰ ইতিহাসৰ এক ক’লা অধ্যায়ৰ সামৰণি আৰু আমেৰিকান দখলদাৰীৰ পৰাজয় উদযাপন কৰিম।”
আমেৰিকান সেনাৰ প্ৰত্যাহাৰক বহু ইৰাকীয়ে স্বাগতম জনাইছে যদিও একাংশ নিৰাপত্তা বিশেষজ্ঞ আৰু স্থানীয় জনজাতি নেতাৰ মতে ইৰাক এতিয়াও নিজৰ নিৰাপত্তা ব্যৱস্থা সম্পূৰ্ণৰূপে স্বতন্ত্ৰভাৱে পৰিচালনা কৰিবলৈ সাজু হোৱা নাই। ফালুজাৰ এজন সুন্নী জনজাতি নেতা আব্দুৰ ৰহমান আল-জোবাইয়ে কয় যে আমেৰিকান সৈন্যই এৰি থৈ যোৱা এই খালী স্থানে ভয়াবহ পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে।
নিৰাপত্তা বিষয়া আৰু কুৰ্দ কমণ্ডাৰসকলৰ মতে, মাৰ্কিন চোৰাংচোৱা ব্যৱস্থা, লজিষ্টিক সাহায্য আৰু ড্ৰোন সেৱাৰ অনুপস্থিতিত ইছলামিক ষ্টেটৰ ‘শ্লীপাৰ চেল’সমূহে পুনৰ সক্ৰিয় হৈ উঠাৰ চেষ্টা চলাইছে। ইতিমধ্যে নিৰাপত্তা বাহিনীয়ে সেনা প্ৰত্যাহাৰৰ সময়তে আত্মঘাতী আক্ৰমণৰ পৰিকল্পনা কৰা এটা ইছলামিক ষ্টেটৰ গোটক চিনাক্ত কৰিছে।
২০০৩ চনত ছাদ্দাম হুছেইনৰ পতন ঘটাবলৈ আমেৰিকাই ইৰাকত সামৰিক অভিযান চলাইছিল। ২০১১ চনত প্ৰথমবাৰৰ বাবে সেনা উঠাই লৈছিল যদিও ২০১৪ চনত ইছলামিক ষ্টেটৰ ক্ৰমবৰ্ধমান ভাবুকিৰ মোকাবিলা কৰিবলৈ আমেৰিকাই পুনৰ সেনা প্ৰেৰণ কৰিবলগীয়া হৈছিল।
